জুবিন দা
পাপৰী বৰ্মন
বহুদিনৰ পিছত আজি আকৌ
হাতত কলমটো তুলি ললো,
ভাবি পোৱা নাই কৰ পৰা আৰম্ভ কৰিম আৰু কত শেষ!
সম্ভৱ জানো?
সফল এক জীৱন যাত্ৰা।
২০২৫ চনৰ ১৯ ছেপ্টেম্বৰ এই অভিশপ্ত দিনটোৱে কঢ়িয়াই আনিছিল,
এটা দু:খৱৰ কাহানিও নভৱা আপুনি নথকাৰ বাতৰি দিছিল।
সেয়া আজিও প্ৰশ্নবোধক !
এইজনা মহাপুৰুষেই আছিল আমাৰ হিয়াৰ আমঠু জুবিন দা।
য’ত পৃথিৱীখনেই ৰৈ গৈছিল স্তব্দ ।প্ৰকৃতিও হাহাঁকাৰ কৰিছিল
জীৱ-জন্তু,চৰাই চিৰিকতি সেই একে ই দিশেহাৰা।
হঠাৎ তে হেৰাল কেনিনো জোনাক কণ্ঠ ,আমাৰ প্ৰাণৰ শিল্পী
অসম ৰত্ন ।
হেৰুৱাৰ বেদনায়হে বুজালে নথকাৰ অনুভৱ……
অৱশেষত আহিলা
সাগৰতলিত শুই আকাশী ৰথেৰে ,
কাহিলীপাৰা আপোন ঘৰখনত এখন্তেক,
উফ কি যে সহিব নোৱাৰা
সৰু সজাইত অগণন জনতা ,
জাতি, ধৰ্ম নিৰ্বিশেষে বৰ হেঁপাহেৰে ৰৈ থকা ….
শেষ বাৰৰ বাবে,
প্ৰতিখন ঘৰৰ সেই একেজন আপোনজনক চোৱাৰ
যি হাবিয়াস সেয়া ইতিয়াস হৈ ৰল ।
মাননীয় মুখ্যমন্ত্ৰী পৰা সাধাৰণ জনতা লৈকে
সেমেকা দুচকুৰে নিগৰা অশ্ৰুৰে যাচিছে শ্ৰদ্ধাঞ্জলি
‘মায়াবিনি ৰাতিৰ বুকুত’
অসহায় মন মগজুৱে ক’ৰবাত বিচাৰি ফুৰিছে,
মৰুভূমিত মৰিচিকা খেদি ফুৰাৰ দৰে,
আৰু আজি শেষ ঠিকনা সোণাপুৰ
মন গলে চাবলে যাম এদিন অকলে ।
কিন্তু পাম জানো!
অনামিকা, মায়া, আশাৰ দৰে নতুন সুৰৰ সৃষ্টি,
আৰু যে কেতিয়াও নাপাওঁ ৰৈ ৰৈ বিনালেও,
জানো! আজিকালি ককালঁ খামুচিয়া গাল
গুলপীয়া পৰী জনীৰ মুখখন চাবকে নোৱাৰি
মাজুলীৰ ছোৱালী জনীও একেই উকা উদাসীন ,
আকৌ উভতি আহিবনে শৈশৱ বোৰ ।
জনা বুজা হোৱাৰে পৰা যায়
গীতেই আমাৰ সাৰথী প্ৰতিটো ক্ষণ ,পল,
পাগল অণুৰাগী কাক কয় নাজানো
কিন্তু গীতৰ প্ৰেমত ঠিকেই পৰিছিলো।
শৈষ নহয়চোন কথাবোৰ
হেঁপাহে নপলায় ,অসাধাৰণ হৈও সাধাৰণ শিশুসূলভ মন।
আমাৰ সূক্ষ্ম চিন্তাৰে ঢুকিয়ে নাপায়
তথাপিও আদৰ্শবোৰৰে কিঞ্চিৎ মান হ’লেও আগুৱাই যাম
কথা দিলো ।
যা গৈ যাবৰে হ’ল বুলি নকও
সদায় থাকিবা বুকুৰ মাজত শেষ নোহোৱা পৰ্যন্ত ।
আতৰি আতৰি থাকিলেও সোপনোত আহিবা
জহি খহি যোৱা ঘৰখন চাবলে
বিচৰা মৰম দিম মৰমীজনীয়ে।
আশীৰ্বাদ দি থাকিবা আমাক সোণজনীক।
কায়িকভাবে কাঢ়ি লোৱা সেই নৰপিশাচকেইটাৰ শাস্তিও কিন্তু নিচিন্ত ,
একেবাৰে শেষত আমাক
সঁচাটো আৰু ন্যায় লাগে আপোনাৰ ভাষাতেই চিধা কথা ।
হাজাৰ জনে কোৱাৰ দৰে আমি জুবিন দেশৰ মানুহ
জুবিন যুগৰ মানুহ সঁচাকৈ গৌৰৱান্বিত ।।
জুবিন যুগৰ মানুহ সঁচাকৈ গৌৰৱান্বিত ।।
জয় জুবিন দা
