আত্মহনন এক ব্যাধি
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
মানুহ হ’ল সামাজিক প্ৰাণী। অকলে জীৱন যাপন কৰাতকৈ মানুহে সমজুৱা ৰুপে থাকি নিজক সুৰক্ষিত অনুভৱ কৰে। সমাজপাতি বসবাস কৰিবলৈ ল’লে কেতিয়াবা বহুতো অপ্ৰীতিকৰ পৰিস্থিতিৰ মুখাপেক্ষী হোৱাটো তেনেই সাধাৰণ এটা বিষয়। শান্তি বজাই ৰাখিবলৈ ইচ্ছাৰ বিৰুদ্ধে নিজক স্থিৰ ৰখাৰ প্ৰয়াস কৰিব লাগে। এয়াই নিয়ম এয়াই চলি আহিছে দিনৰ পিছত দিন যুগৰ পিছত যুগ।
সময়ৰ তাগিদাত কেতিয়াবা নিজৰ ইচ্ছাৰ বিৰুদ্ধে আত্মসংযম, আত্মত্যাগেৰে জীৱন আগবঢ়াব লগা হয়। সমাজৰ স্বাভাৱিক নিয়মৰ অংশ হিচাপে এইটো তেনেই স্বাভাৱিক। কিন্তু কেতিয়াবা এই সমাজৰ চাপে, মানসিক সংকটৰ ফলত কোনোবাই নিজৰ প্ৰাণৰ মায়া ত্যাগ কৰাৰ দৰে ভয়ংকৰ পথ বাচি লয়। এই সামান্য ত্যাগ আজি বিশ্বজুৰি এক গভীৰ সমাজিক আৰু মানসিক ব্যাধিৰ ৰূপ লৈছে। যাৰ নাম আত্মহনন বা আত্মহত্যা।
অসম তথা ভাৰতবৰ্ষত আত্মহনন এক গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে। প্ৰধানকৈ শিক্ষিত বেকাৰ, গৃহিণী, কিশোৰ-কিশোৰী, পৰীক্ষাৰ ফলত মানসিক চাপত থকা ছাত্ৰ-ছাত্ৰী তথা কৃষকৰ মাজত এই আত্মহত্যাৰ প্ৰৱণতা বেছি থকাটো পৰিলক্ষিত হৈছে।
অধিকাংশ আত্মহননৰ মূল কাৰণ হৈছে ডিপ্ৰেছন, চিন্তা, অবসাদ, বায়প’লাৰ ডিজঅৰ্ডাৰ আদি মনোবৈজ্ঞানিক ব্যাধি। মানসিক অসুস্থতা মানুহক জীৱনৰ প্ৰতি আগ্ৰহহীন কৰি তোলে। বিশেষকৈ কিশোৰ আৰু যুৱ প্ৰজন্মৰ ক্ষেত্ৰত পৰীক্ষা, প্ৰেম, বিয়া, কৰ্ম জীৱন আদিত সফল নোহোৱাৰ ফলত এক মানসিক অশান্তি ভুগে ই আত্মহননৰ কাৰণ হ’ব পাৰে। চাকৰিৰ অনিশ্চয়তা, দৰিদ্ৰতা, নিবনুৱা আদিৰ চিন্তাই বহু সময়ত আত্মহনন কৰি সমস্যাৰ পৰা নিজক মুক্ত কৰাৰ চিন্তা মন মগজুত চলি থাকে।। কৃষকৰ মাজতো আত্মহত্যাৰ এটা ডাঙৰ অংশ উপযুক্ত মূল্য নোপোৱাৰ কাৰণত সংঘটিত হয়।
ইয়াৰ উপৰিও আত্মহননক ‘বীৰত্ব’ ৰূপে প্ৰদৰ্শন কৰা অভিনয় আৰু সামাজিক মাধ্যমৰ প্ৰভাৱত অনেকে আত্মহননৰ পথ বাচি লয়। আত্মহত্যাৰ ফলত এজন ব্যক্তিৰ জীৱন চক্ৰ স্থগিত হোৱাৰ লগতে সেই ব্যক্তি সম্পৰ্কীয় সকলোৰে জীৱনত এক গভীৰ প্ৰভাৱ পেলায়।পৰিয়ালৰ মানসিক অৱস্থা ভাঙি পৰে, বিশেষকৈ মাতৃ বা সন্তানৰ আত্মহননৰ ফলত এজন অভিভাৱক বা সন্তানৰ মনোবল ভাঙি পৰে। সামাজিক দিশৰ পৰা আত্মহনন জাতি তথা সমাজৰ মনোবল আৰু নিৰাপত্তাৰ ক্ষেত্ৰতো প্ৰভাৱ পেলায়।
বিদ্যালয়, মহাবিদ্যালয় তথা কৰ্মক্ষেত্ৰত নিয়মীয়া মানসিক পৰামৰ্শ (counseling) ব্যৱস্থা নিশ্চিত কৰা উচিত।
যিকোনো সমস্যা কিমানেই ডাঙৰ নহওঁক, সহানুভূতি, কথোপকথন আৰু সংগ প্ৰদান কৰি বহু আত্মহনন ৰোধ কৰিব পাৰি।
আত্মহনন সন্দৰ্ভত যিকোনো সংবাদ বা দৃশ্য দেখুৱাৰ ক্ষেত্ৰত প্ৰয়োগযোগ্য গাইডলাইন অনুসৰণ কৰিব লাগে।
সমভাৱৰ মানুহে সৈতে সংলাপ আৰু সাহাৰ্য্য কৰা লোকৰ বাবে এক প্ৰাকৃতিক থেৰাপি হিচাপে কাম কৰে।
আত্মহত্যা কোনো সমস্যাৰ সমাধান নহয়। ই এক পৰাজয়, এক ক্ষত, যিয়ে জীৱন, প্ৰেম আনন্দ সকলো চিৰদিনৰ বাবে স্তম্ভিত কৰি দিয়ে। আত্মহননৰ পথ এৰি এক আলোচনাৰ মাধ্যমত সমস্যাৰ সমাধান বিচাৰিব লাগে।, আৰু পৰিয়াল হওক কিংবা সমাজ এনেকৈ গঢ়িব লাগে যাতে সকলোৱে নিৰ্ভয়ে নিজৰ মনৰ কথা , নিজৰ সমস্যাৰ কথা ক’ব পাৰে।আৰু মানসিভাবে বিধ্বস্ত ব্যক্তিজনে নিজক শেষ কৰি দিয়াৰ এই অমানৱীয় চিন্তাৰ পৰা নিজক মুক্ত কৰিব পাৰে। কোনোনা কোনো বাবে কোনো এজন ব্যক্তিৰ আত্মহত্যা কৰাৰ চিন্তা মনলৈ অহাটো পৰিয়াল, সমাজ সমানে দায়ী। কিয়নো আমাৰ পৰিয়াল বা সমাজৰ নীয়ম নীতি ইমান কঠোৰ যে নিজৰ সমস্যাৰ কথা নিজৰ দুৰ্বলতাৰ কথা পৰিয়াল, সমাজৰ আগত জাহিৰ কৰিলে সমাধানৰ পৰিৱৰ্তে কটু কথা শুনাবলৈ হে সাজু হৈ থাকে।
হ’ব পাৰে জীৱনটো সমস্যাৰে জৰ্জৰিত, হ’ব সকলো দিশত পাৰ্গত নহয়, হ’ব পাৰে উন্নতিৰ শিখৰত যোৱাটো সম্ভৱ হোৱা নাই কিন্তু চেষ্টা কৰিলে নিশ্চয় সেই স্থান দখল কৰা সম্ভৱ। সেইবুলি আত্মহত্যাৰ দৰে এনে এটা অমানৱীয় কামৰ সিধান্ত লোৱাটো উচিত নহয। বেলেগ কোনো নহলেও নিজৰ লগত নিজে কথা পাতিব লাগে ,নিজক সময় দিব লাগে। মনৰ সকলো সকলো অনুভূতি, অনুভৱ, অনুৰাগ, অভিমান সকলো ডায়েৰী এটাত লিখিব লগে অৰ্থাৎ ডায়েৰী লিখাৰ অভ্যাস কৰিব লাগে। তেতিয়া মনত খোপনি পুতি থকা অচিন্তবোৰ মগজুত ইমান প্ৰভাৱ পেলাব নোৱাৰে। জীৱনত সমস্যা যিয়েই নহওঁক কিয় তাৰ নিশ্চয় কোনো এটা সমাধান থাকিব আত্মহত্যা কেতিয়াও সমাধান হ’ব নোৱাৰে।
আমাৰ জীৱনটো বৰ অমূল্য ইয়াক নিজৰ অনিয়ন্ত্ৰিত আবেগৰ বশত নষ্ট কৰাটো নিশ্চয় কোনো বুদ্ধিমানৰ কাম নহয়। এনে কামক সকলোয়ে সদায় নিন্দা কৰি আহিছে।
সেয়ে আত্মহত্যাৰ দৰে এনে নিন্দাজনক কামৰ চিন্তাৰ পৰা নিজক আঁতৰাই সুস্থ সবল মনৰ ব্যক্তিত্বৰ অধিকাৰী ৰূপে গঢ়াৰ যত্ন কৰা উচিত।
