সময়ৰ সোঁতত নিস্তব্ধ প্ৰতিফলন
নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি
কেতিয়াবা মইও স্থিৰ হৈ ৰওঁ,
এটি ক্ষণৰ বাবে, এদিনৰ বাবে,
হয়তো এজনমৰ বাবে ;
এৰা, সঁচাকৈয়ে কেতিয়াবা
নিজেই নিজৰ পদক্ষেপক
বিৰতি দিওঁ।
সময়ৰ নিৰন্তৰ স্রোতত সকলো ব্যস্ত,
মইও সেই প্ৰবাহমান ঢৌৰে অংশ,
মনৰ গুপ্ত অন্তঃস্থলত
লুকুৱাই ৰখা বিষৰ অণুমাত্ৰ কণিকাবোৰ
তটিনীৰ গভীৰতাত উটুৱাই দিওঁ।
সঁচাকৈয়ে, মানৱ হৃদয় মায়াৰে ভৰা
এটি জটিল সত্তা — য’ত বিস্তৃত দুখৰ একোণ,
সুখৰ আনকোণ, মিশ্ৰিত আনন্দ – বেদনা
যেন এটি ৰক্তাক্ত মাংসৰ টুকুৰা,
তাতে আকৌ অযুত স্মৃতিৰে আৱৰা
কঢ়িয়ায় অদৃশ্য যন্ত্ৰণা।
