স্মৃতিৰ অশ্ৰু , সুখৰ হাঁহি
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
সৌন্দৰ্য্যৰে ভৰপূৰ ৱেডিং কাৰ্ডখন হাতত লৈ জিলিকি থকা অক্ষৰ কেইটাত চক্ষু ফুৰায়েই ভাস্কৰ নিঃশব্দ হৈ ৰ’ল। নামটো যে তাৰ বৰ পুৰণি চিনাকী, প্ৰায় দুটা বৰ্ষ ধৰি হাবাথুৰি খাই বিচাৰি ফুৰা নামটো নিজে আহি আজি তাৰ চকুৰ মণিত ধৰা দিছেহি।
মূহুৰ্ততে পাঁচ বছৰৰ সেই পুৰণি দিনবোৰৰ নানান তিতা- মিঠা স্মৃতিসমূহ ভাস্কৰে চৌপাশে ভাঁহি ফুৰা দেখিলে। বৰ্তমানৰ অসুখী দিনতকৈ সেই দিনবিলাক কিমান যে সুখৰ আছিল,,,, তাৰ ওঁঠত অকৃত্ৰিম হাঁহি এমুঠি আছিল। যদিও সকলোবোৰ তাৰ একান্ত স্বাৰ্থপৰতাই গিলি খাইছিল এসময়ত।
ভাগ্যশ্ৰী & —– পিছৰ অক্ষৰখিনি পঢ়িবলৈ তাৰ সাহস নহ’লগৈ। তাইৰ নামৰ কাষত অন্য কাৰোবাৰ নাম —কিদৰে সহ্য কৰিব সি,,,? নোৱাৰিলে! তাৰ কঠোৰ, স্বাৰ্থপৰ হৃদয়ে চকুপানীখিনিক ধৰি ৰাখিব নোৱাৰিলে। নিগৰি আহি সৰি পৰিল কাৰ্ডখনিৰ ওপৰতেই।
এখোজ দুখোজ কৰি সি যেনে তেনে নিজৰ ৰূমৰ বিছনাত পৰিলেগৈ। বাওঁহাতৰ সহায়ত সি নিজৰ চকুজুৰি ঢাকি ৰাখিছে হয় কিন্তু চকুৰে নিগৰা সেই অৱহেলাৰ টোপালখিনিক কেনেকৈ লুকুৱাব বাৰু,,,,,,?
তিনি বছৰৰ সম্পৰ্ক আছিল ভাগ্যশ্ৰী আৰু ভাস্কৰৰ। কলেজীয়া দিনৰেপৰা দুয়োৰে মাজত ভাল বন্ধুত্ব আছিল। পিছলৈ সিহঁত ভালপোৱাৰ বন্ধনত আবদ্ধ হৈ পৰিছিল। যদিওঁ দুবছৰ মান পাছতেই ভাস্কৰৰ মন অন্য ফালে গতি কৰিছিল। ভাগ্যশ্ৰীৰ কোমল অন্তৰক আঘাত দিবলৈ সি এবাৰো কুন্থাবোধ কৰা নাছিল। সি এক মূহুৰ্তৰ বাবে উপলব্ধি কৰা নাছিল যে সি ভাগ্যৰ লগত বৰ ডাঙৰ অন্যায় কৰি আছিল।
ভাস্কৰক তাইৰ সমগ্ৰ বিশ্বখন বুলি জ্ঞান কৰা ভাগ্যই বৰ আদৰ- যত্নৰে তাৰ জীৱন সুন্দৰ কৰি তুলিছিল। কিন্তু সকলোৱে জানো সঁচা মৰমৰ যোগ্য হয়,,,? ঠিক সেইদৰেই ভাস্কৰেও ভাগ্যৰ মৰম- যত্নখিনিৰ পৰা লাহে লাহে বিৰক্ত হ’বলৈ ধৰিছিল। কথাতেই আছে নহয় “সোণ এৰি পিতলৰ উজ্জ্বলতাৰ প্ৰতি আকৰ্ষিত হোৱাটো কিছুমান মানুহৰ লক্ষণ”। সেইদৰেই ভাস্কৰেও পিতলৰ চিক- মিকণি দেখি লোভ সামৰিব নোৱাৰি সোণ এৰি পিতলকেই সাৱটি ধৰিছিল।
অৱশেষত ভাস্কৰৰ চাকৰিটো হৈছিলগৈ । সি আশা এৰিয়েই দিছিল একেবাৰে। কিন্তু ভাগ্যৰ বিশ্বাস আৰু প্ৰাৰ্থনাত সন্তুষ্ট হৈ চাগে ভগৱানেও চকু মেলি চাইছিল। সি এইবেলি ইণ্টাৰ্ভিউত বহিবলৈ অমান্তি হৈছিল, প্ৰত্যেক বাৰেই এটা ঋণাত্মক ফলাফল লাভ কৰি । কিন্তু ভাগ্যই হাল এৰা নাছিল। তাই ভাস্কৰৰ পৰা নানান গালি শুনি, খঙৰ প্ৰকোপ সহ্য কৰি তাক পঠিয়াইছিল প্ৰত্যেক বাৰৰ দৰে সেইবাৰতো চাকৰিৰ ইণ্টাৰভিউলৈ।
সি প্ৰত্যেক বাৰ নিৰাশ হৈ ৰূমলৈ উভতি আহিছিল যদিওঁ ভাগ্যই যথাসম্ভৱ তাক সাহস যোগায়ছিল । তাৰ ব্যক্তিগত খৰচখিনি পৰ্য্যন্ত ভাগ্য নিজেই বহন কৰিছিল। তাইৰ সৰু চাকৰিৰ বেতনেৰে নিজৰ প্ৰয়োজনীয় সামগ্ৰীৰ চাহিদাসমূহো এৰাই চলিছিল একমাত্ৰ ভাস্কৰৰ চাহিদা পূৰণ কৰাৰ উদ্দেশ্যে।
ভাগ্যৰ ভালপোৱাক ব্যৱহাৰ কৰি সুযোগ লোৱাটো ভাস্কৰৰ প্ৰধান কাম যেন । টকাৰ প্ৰয়োজনৰ সময়ত ভাস্কৰে ভাগ্যক ভালপোৱাৰ নানান কথাৰ জালেৰে আৱদ্ধ কৰি তুলিছিল। — “মোক টকা লাগিছিল কেইটা মান, ভাগ্য। তুমি চিন্তা নকৰিবা, মোৰ চাকৰিটো এবাৰ হ’লেই সকলো বোৰ হিচাপ কৰি উলিয়াই তোমাক ঘূৰাই দিম। ” ভাগ্যই তেতিয়া হাঁহি মাৰি কৈছিল— “মোৰ মৰমখিনিক কেনেকৈ ঘূৰাই দিবা,? পাৰিবা জানো? “
চাকৰি পোৱাৰ পাছত কেইটা মান মাহ সকলো ঠিকেই চলি আছিল। কিন্তু তৃতীয় ব্যক্তিৰ আগমণত সকলো উলট -পালট হৈ পৰিছিল। ভাস্কৰে অফিচৰে এজনী সুন্দৰী মডাৰ্ণ যুৱতীৰ প্ৰেমত পৰিছিল। সাধাৰণ ছোৱালী, ভাগ্যৰ পোছাক, কথা- বতৰা, এইবোৰ অসহ্যকৰ হৈ পৰিছিল ভাস্কৰৰ বাবে। সি এবাৰ মান ভাগ্যক চহৰৰ লগত খাপ খোৱা নাৰীৰ ৰূপত সজাই তুলিবলৈও চেষ্টা কৰিছিল। কিন্তু ভাগ্যই এইবোৰ ভাল নাপায় বুলি স্পষ্ট ভাষাত সঁকিয়াই দিছিল। তাই সাধাৰণ ছোৱালী। অসাধাৰণ হোৱাৰ কোনো ইচ্ছা নাই।
ভাস্কৰে তাইক অন্ধকাৰত ৰাখি গোপনে সম্পৰ্ক চলাই গৈছিল অফিচৰ সুন্দৰী মডাৰ্ণ কলিগ ৰশ্মিৰ সৈতে। ক্লাব, নাইট আউট, মুভি ডেট আদিত ব্যস্ত হৈ পৰিছিল সুন্দৰী প্ৰেমিকা আৰু ভাস্কৰ। অন্যহাতে ভাগ্যশ্ৰী, তাই অজানা, অভাগী জনী নিঃ স্বাৰ্থভাৱে ভাল পায় গৈছিল প্ৰতাৰক ভাস্কৰক। ৰশ্মিৰ জোখতকৈ অধিক গিফ্ট, শ্বপিং, আদিৰ দৰে নানান খৰচত ভাস্কৰৰ সকলো টকা পইচা শেষ হৈ পৰিছিল। কিন্তু নিলাজ ভাস্কৰে সেই সময়ত আকৌ কাষ চাপি আহিছিল ভাগ্যৰ, দুটা মান মৰম সনা মাতৰ সৈতে। তাইৰ পৰা ধাৰৰ নাম কৰি অজুহাত দেখুৱাই টকা- পইচা লৈ আকৌ অৱহেলা কৰিবলৈ আৰম্ভ কৰিছিল। নতুন চাকৰিৰ অত্যন্ত ব্যস্ততাৰ অজুহাত দিছিল।
” মিছা কেতিয়াও চিৰস্থায়ী হ’বই নোৱাৰে”, কথাষাৰ চিৰসত্য। ভাস্কৰৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম হোৱা নাছিল। অৱশেষত ভাস্কৰৰ সকলো পৰিকল্পনাৰ ইতি টানিছিল । ভাগ্যৰ চকুত সকলো প্ৰতাৰণা, ষড়যন্ত্ৰ ধৰা পৰিছিল।
এদিনাখন কোনো ধৰণৰ খবৰ নিদিয়াকৈ ভাগ্যই ভাস্কৰৰ ৰূমলৈ আহিছিল এটি সু-খবৰ লৈ। তাই বহুত সুখী আছিল সেইদিনা। কিয়নো ইমান দিনে সিঁহতৰ সম্পৰ্কটোত হেঙাৰ হৈ থিয় দিয়া আইতাকে সম্পৰ্কটো মানি লৈছে বুলি ফোনযোগে জনাইছিল মাকে । অৱশেষত তাইৰ ভালপোৱা জয়ী হ’ল ,সকলো বাধা বিঘিনি অতিক্ৰম কৰি ।—তাই আনন্দত আত্মহাৰা হৈ যিমান পাৰি সোনকালে আহি ভাস্কৰক খবৰটো দিবলৈ চেষ্টা কৰিছিল ।সি শুনিয়েই বহুত উৎফুল্লিত হৈ পৰিব বুলি বিশ্বাস ৰাখি তাই চাৰপ্ৰাইজ দিবলৈ আহিছিল। কিন্তু তাই নিজেই তাতোকৈ ডাঙৰ চাৰপ্ৰাইজৰ মুখা- মুখি হ’ব লগাত পৰিছিল।
ভাস্কৰৰ ৰূমৰ চাবি এপাত যিহেতু তাইৰ লগত আছিলেই, সেইয়ে তাই নিজে দুৱাৰ খুলি সোমাই আহিছিল। দুৱাৰ খুলিয়েই বিচনাত দেখা পাইছিল অশালিন অৱস্থাত ভাস্কৰ আৰু যুৱতী গৰাকীক। তাই চিনি নোপোৱা নহয় ছোৱালী জনীক। বহু বাৰ ভাস্কৰৰ সৈতে একে লগত কথা পাতি থকা দেখিছে তাই। অফিচৰ কলিগ বুলি তাই কথাটোত বেছি গুৰুত্ব দিয়া নাছিল। কিন্তু সেই অৱস্থাত দুয়োকে দেখি তাই নিজৰ চকুক পৰ্য্যন্ত বিশ্বাস কৰিবলৈ টান পাইছিল। অলপৰ কাৰণে তাই মূৰ্চা যোৱাৰ পৰা ৰক্ষা পাইছিল। কিন্তু ই ঘটনাই তাইক ইমান দিনে অচেতন অৱস্থাৰ পৰা উভতাই আনিছিল।
ইমান ডাঙৰ আঘাত, আপোনজনৰ পৰা পোৱা প্ৰতাৰণা তাই সহ্য কৰিব কেনেকৈ। তাই দুৰ্বল হৈ পৰিছিল । কিন্তু নিজকে অলপ মান মজবুত কৰি, হৃদয়খন শিল কৰি মাকক সকলো কথা খুলি কৈছিল।
মাকে তাইক ঘৰলৈ উভতি আহিবলৈ অনুৰোধ কৰিছিল।
ভাগ্য গুছি গ’ল চিৰ দিনৰ বাবে তাইৰ সপোন ভাঙি
চুৰ মাৰ কৰা মায়ানগৰিৰ পৰা।
আপোন চহৰৰ আপোন মানু্হবোৰৰ মাজত তাই নতুনকৈ সকলোবোৰ আৰম্ভ কৰিবলৈ চেষ্টা কৰিছিল। ভাস্কৰ তাইৰ অতীত, তাইৰ জীৱনত কোনো অস্তিত্ব নাই এতিয়া। তাই ভাস্কৰক কেৱল এটা কথাই কৈ আহিছিল —”এদিন নহয় এদিন কৰ্মা কিন্তু উভতি আহিবই। কথাটো মনত ৰাখিবা।তুমি মোক প্ৰতাৰণা কৰি মোৰ ওঁঠৰ হাঁহি কাঢ়ি নিলা হয় কিন্তু মনত ৰাখিবা তুমিও হাঁহিবলৈ পাহৰি যাবা। তুমি যিদৰে মোক কন্দুৱাই এৰিলা একেদৰেই এদিন তুমিও কান্দি মৰিবা।”
প্ৰথম প্ৰেম সফল নহলেওঁ দ্বিতীয়বাৰ ভাগ্যৰ অন্ধকাৰ জীৱনত প্ৰেমৰ শলিতা জ্বলাই পোহৰাই তুলিছিল বিপ্লৱে। নম্ৰ , ভদ্ৰ, সহজ -সৰল যুৱক বিপ্লৱ। পেচাত তেওঁ এগৰাকী শিক্ষক। প্ৰথমাৱস্থাত ভাগ্যই স্পষ্টভাৱে জনাই দিছিল যে তাইৰ দ্বাৰা প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰাটো অসম্ভৱ। আগলৈ যাতে তাইক এইবোৰ প্ৰস্তাৱ নিদিয়ে। কিন্তু বিপ্লৱ, তেওঁ নিজৰ ভালপোৱাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখিছিল। যদিহে তাৰ ভালপোৱা খিনি সঁচা হয় তেন্তে এদিন নহয় এদিন ভাগ্যই তেঁওক স্বীকাৰ কৰিবই। ভৱা মতেই কাম। বিপ্লৱৰ নিৰন্তৰ প্ৰচেষ্টা, আৰু অপৰিসীম ভালপোৱাই ভাগ্যক বাধ্য কৰালে দ্বিতীয় বাৰ প্ৰেমত পৰিবলৈ। ঘৰৰ মানুহেও সম্পৰ্কটো মানি ল’লে। দিন বাৰ ঠিক কৰি শুভ দিন গণি বিয়াৰ আয়োজন কৰিলে।
ভাগ্যই সেইদিনা কান্দি কান্দি ওলাই আহিছিল হয়। আজি কিন্তু তাই প্ৰথম ৱেডিং কাৰ্ড খন ভাস্কৰৰ ঠিকনাত পঠিয়াবলৈ নাপাহৰিলে । এইয়া তাইৰ ভাস্কৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে নীৰৱ প্ৰতিশোধ।
ভাস্কৰে চিঠিখন দেখি মজিয়াতে বহি পাগলৰ দৰে কান্দিবলৈ ধৰিলে। ভাগ্যই এৰি যোৱা কেইটা মান মাহৰ পাছতেই সি ভাগ্যই কৈ যোৱা প্ৰতিটো কথাকে উপলব্ধি কৰিব পাৰিছিল কিয়নো ৰশ্মিয়ে তাক এৰি অফিছৰ বচৰ লগত প্ৰেমৰ সম্পৰ্কত আৱদ্ধ হৈছিল।
সি ৰশ্মিক ভালপায় পেলাইছিল। তাই কৰা প্ৰতাৰণা সহ্য কৰিব নোৱাৰি অফিচৰ বচৰ গাত হাত পৰ্য্যন্ত তুলিছিল। সেই সুযোগৰ পূৰ্ণ ব্যৱহাৰ কৰি দোষী সাব্যস্ত কৰি তাক অফিচৰ পৰা অপমান কৰি মাৰি খেদি পঠিয়াইছিল।
সি সকলো হেৰুৱাই পথে পথে ঘূৰি ফুৰিছিল। সন্ধিয়া নিচাক সংগ কৰি লৈছিল। ভাগ্যক বিচাৰি হাবাথুৰি খাইছিল। তাইক কল কৰিছিল। কিন্তু তাই নিজৰ যোগাযোগৰ নম্বৰ ইতিমধ্যেই সলনি কৰিছিল। সি বহুত চেষ্টা কৰিছিল ভাগ্যৰ লগত যোগাযোগ কৰিবলৈ নিজৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ। কিন্তু সকলোৱেই তাক নিৰাশ কৰি বেয়া ব্যৱহাৰ কৰি আঁতৰাই দিছিল। জন্মদাত্ৰী মাকজনীয়েও তাক” মোৰ কোনো ল’ৰা নাই, ঢুকাল “বুলি কৈ দ্বিতীয় বাৰ যোগাযোগ কৰিবলৈ মানা কৰি দিছিল।
ভাগ্য গুছি যোৱাৰে পৰা ভাস্কৰৰ ভাগ্যই তাক সংগ দিয়া এৰি দিছিল। ভাগ্য গুচি গ’ল ভাস্কৰৰ ভাগ্যকো লগত লৈ।
আপুনি মোৰ জীৱন ধ্বংস কৰি
অশ্ৰু নিগৰালে ;
কিন্তু চাওঁক জীৱনে আকৌ মোৰ
ওঁঠত হাঁহিৰ জোনাক সাজিলে।
প্ৰতিশোধ মোৰ শব্দ নহয়,
প্ৰতিশোধ হৈছে — মোৰ সুখী জীৱন,
আজিৰ এই ৱেডিং কাৰ্ডখনেই তাৰ
নীৰৱ প্ৰমাণ।
অশ্ৰু নিগৰালে ;
কিন্তু চাওঁক জীৱনে আকৌ মোৰ
ওঁঠত হাঁহিৰ জোনাক সাজিলে।
প্ৰতিশোধ মোৰ শব্দ নহয়,
প্ৰতিশোধ হৈছে — মোৰ সুখী জীৱন,
আজিৰ এই ৱেডিং কাৰ্ডখনেই তাৰ
নীৰৱ প্ৰমাণ।
