অন্তৰাত্মাৰ নিঃশব্দৰ গীত
নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি
জানানে,
এতিয়া তোমালৈ বুলি সাঁচি ৰখা
সেই সপোনবোৰো যেন নিঃশেষ হৈ পৰিছে,
হৃদয়ৰ মাজৰ উষ্ণতাখিনিও হেৰাই গৈছে ।
জানা, ডায়েৰীৰ উকা পৃষ্ঠাবোৰে
আজিকালি বৰকৈ অভিমান কৰে,
তোমাৰ নামৰ অক্ষৰত শুকাই যোৱা চিয়াঁহীৰ দাগবোৰে
হুমুনিয়াহ কাঢ়ি কয়— “এইয়াই তোমাৰ প্ৰাপ্য নে?
নীৰৱতাই তোমাৰ উপহাৰ নে?”
নিশাৰ আকাশখনো যেন এতিয়া
কৌতূহলশূণ্য অনুভৱ হয়,
তৰাবোৰো যেন অভিমানৰ চাৱনি দিয়ে,
কাৰণ মই বহুদিন সিহঁতৰ সৈতে
তোমাৰ কথা পতা নাই।
বতাহৰ গতিও যেন সলাইছে নিজৰ দিশ,
ঠিক তোমাৰ মনৰ দৰে,
তথাপিও তোমাৰ নামটি শুনিলে
আজিও অন্তৰাত্মা কপি উঠে।
এতিয়া তোমাৰ অভাৱটোও যেন অভ্যাস হৈ পৰিছে,
তথাপিও প্ৰতিটো নিশা মনৰ গভীৰত
যেন সুৰ – তালহীন সংগীত বাজে ।
য’ত কোনো শব্দ নাই, অনুৰাগ নাই
কেৱল তোমাৰ স্মৃতিৰ নিঃশব্দৰ
অনুভূতিবোৰ হে আছে।
