অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী জন–মঞ্জুষা শৰ্মা

অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী জন
মৰমৰ অকণিহঁত , আজি মই তোমালোকক এনে এজন বৰেণ্য ব্যক্তিৰ কথা ক’বলৈ ওলাইছো যিজনে সকলো সময়তে নিজৰ দেশ আৰু অসমীয়া জাতিৰ জাতীয় জীৱনৰ উন্নতিৰ হকে চিন্তা কৰি নশ্বৰ দেহ ত্যাগ কৰিও অমৰ হৈ থাকিবলৈ সক্ষম হৈছে ৷ এনে বহু ব্যক্তি আছে তাৰে ভিতৰত আজিৰ আলোচনাৰ মাজলৈ অনা ব্যক্তি জনো এজন ৷ তেখেতৰ নাম হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৷ তেখেতে নিজৰ দেশ আৰু জাতিৰ মানুহক নিজৰ প্ৰাণতকৈও ভাল পোৱাৰ বাবেই “লোকপ্ৰিয় “ নামেৰে আখ্যা দিয়া হৈছিল ৷ এই মহান ব্যক্তিজনৰ বিষয়ে মই তোমালোকক থূলমূলকৈ এটি আভাস দিবলৈ লৈছোঁ ৷ শুনাহঁক দেই ৷
১৮৯০ খ্ৰীষ্টাব্দৰ জেঠ মাহৰ ২৬ তাৰিখ ৰবিবাৰে গুৱাহাটীৰ শিলপুখুৰীৰ ডাক্তৰ বুদ্ধেশ্বৰ বৰদলৈ আৰু মাতৃ প্ৰাণেশ্বৰী দেৱীৰ ঔৰসত জন্ম গ্ৰহণ কৰিছিল ৷ দেউতাক এজন চৰকাৰী চিকিৎসক হোৱাৰ বাবে কৰ্মস্থান সলনি হৈ আছিল ৷ কিন্তু বৰদলৈ দেৱৰ বাৰ বছৰ বয়সত যেতিয়া মাতৃয়ে ইহলীলা সম্বৰণ কৰিলে তেতিয়া তেখেতে বৰদেউতাকৰ লগত গুৱাহাটীতে স্থায়ীকৈ থাকি পঢ়া-শুনা কৰিবলৈ ল’লে ৷ ছাত্ৰ জীৱনতে তেখেত কিছুমান বিশিষ্ট গুণৰ অধিকাৰী হ’ব পাৰিছিল ৷ তেখেতৰ অমায়িক গুণৰ বাবে সকলোৰে প্ৰিয় আৰু শ্ৰদ্ধাৰ পাত্ৰ হৈ পৰিছিল ৷তেখেত একেধাৰে সু গায়ক , বলিষ্ঠ তাৰ্কিক , পৈণত খেলুৱৈ , সু বক্তা , মিতব্যয়ী , সময়ৰ মূল্য খুব ভালদৰে বুুজি পাইছিল ৷ তাৰ সমানে সমানে থকা এটা মহৎ গুণ হৈছে ধৈৰ্য ৷ ইয়াৰ প্ৰমাণ পোৱা যায় কলিকতাত পঢ়ি থাকোতে যেতিয়া ককায়েকৰ মৃত্যু হৈছিল তেতিয়া তেওঁ ৰুগীয়া বন্ধু চন্দ্ৰনাথৰ সেৱা- শুশ্ৰূষাত ব্যস্ত থাকি কৰ্তব্যজ্ঞান আৰু দায়িত্বজ্ঞানৰ পৰিচয় দিছিল ৷ স্বাধীনতাৰ আন্দোলনটো সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ৷ ১৯৩৫ খ্ৰীষ্টাব্দত ভাৰতৰ শাসন আইনৰ সংস্কাৰমতে অসমতো স্বায়ত্ত্ব শাসনৰ বাবে হোৱা নিৰ্বাচনত কংগ্ৰেছে জয় লাভ কৰাত ১৯৩৮ খ্ৰীষ্টাব্দত গোপীনাথ বৰদলৈদেৱে স্বতন্ত্ৰ সদস্যৰ সহযোগত অসমৰ প্ৰধানমন্ত্ৰী হয় ৷ তেঁৱেই অসমৰ প্ৰথম আৰু শেষজন প্ৰধানমন্ত্ৰী আছিল ৷ কাৰণ এতিয়া ৰাজ্যৰ প্ৰধানজনক মুখ্যমন্ত্ৰীহে কয় ৷ দেশ স্বাধীন হোৱাৰ পিছত ১৯৪৬ খ্ৰীষ্টাব্দত পুনৰ তেখেতেই মুখ্যমন্ত্ৰী হৈছিল ৷
তেখেতে বুজিছিল যে এখন দেশৰ মানুহবোৰ শিক্ষিত নহ’লে দেশৰ উন্নতি অসম্ভৱ ৷ সেয়ে তেখেতে নিৰক্ষৰ লোকক স্বাক্ষৰ কৰিবলৈ অপ্ৰাণ চেষ্টা কৰিছিল ৷ তাৰ বাবে গাঁৱেভূঞে প্ৰাথমিক বিদ্যালয় স্থাপন , প্ৰাপ্তবয়স্কৰ বাবে নৈশ বিদ্যালয় আৰু অনুসুচীত জাতি – জনজাতি লোকক স্বাক্ষৰ কৰাত গুৰুত্ব দিছিল ৷ তাৰোপৰি ১৯৪৮খ্ৰীষ্টাব্দত গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটীত অসম হাইক’ৰ্ট , জালুকবাৰীত ইঞ্জিনিয়াৰিং কলেজ আৰু ইঞ্জিনিয়াৰিং ইনষ্টিটিউটত আৰু আয়ুবেদিক মহাবিদ্যালয় , যোৰহাটত কৃষি কলেজ খোলাৰ প্ৰস্তাৱ , ডিব্ৰুগড় মেডিকেল স্কুলখনক কলেজলৈ ৰূপান্তৰ ঘটোৱাৰ মূল ব্যক্তিজনেই আছিল এই বৰদলৈদেৱেই ৷
এইজনা মহান ব্যক্তিয়েই শ্বিলঙৰ পৰা আহি ১৯৫০ খ্ৰীষ্টাব্দৰ ৫ আগষ্টৰ শনিবাৰে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত “প্ৰতিবাদ “ নামৰ নাটক উপভোগ কৰি উলুবাৰীৰ ঘৰলৈ যায় ৷ তাতে নিশা ২ -৪০ বজাত হৃদযন্ত্ৰ বিকল হৈ ৬০ বছৰ বয়সত ইহলীলা সম্বৰণ কৰিলে ৷ গতিকে আমি সকলোৱেই এনে এজন মহান ব্যক্তিৰ মৃত্যু তিথিটো শ্ৰদ্ধাৰে স্মৰণ কৰো আহা ৷
মঞ্জুষা শৰ্মা ৷
৯৯৫৪৮৯৪১২৪
. ……….