ব’হাগী তোমাৰ বিয়া
ঢল পুৱা উঠি খিৰিকী খোলোতে
দেখিলোঁ তোমাৰ ৰূপ ,
কইনাৰ সাজে জুমি চাই আছা
আজি কিয় তুমি চুপ ।
ব’হাগ’ৰ পুৱা গছৰ ডালতে
লাগি আছা নীৰৱে,
সকলো ফুলৰ ৰাণী তুমি জানি
এই কথা জানি সৱে।
ৰঙা ৰং সানি লৈ আছা নিজকে
ৰঙা গোলাপ হে তুমি,
হালি-জালি কৰি নাচি আছা তুমি
চাই আছোঁ আমি।
ব’হাগ মাহত নিবলৈ আহিব
দৰা হৈ তগৰ ৰজা ,
দৰা আহিব যে সুগন্ধ বিচাৰি
ব’হাগ মাহৰ প্ৰজা ।
তগৰ ৰজা হে ৰাণী যে গোলাপ
বিয়া হ’ব ব’হাগতেই ,
গোলাপী ৰাণীৰ বিবাহ হ’ব যে
আঁহত’ৰ তলতেই।
এজাৰ,নাহৰ কপৌ, চম্পা, নাৰ্জী
নিমন্ত্ৰণ দিলোঁ হেনো ,
মুক্ত আকাশৰ তলে ৰভাতলি
সকলো পিন্ধিলে কিনো ।
তৰু-তৃণ লতা আছে বাট চাই
বিয়াৰ বতৰা পাই ,
নতুন পিন্ধিলে কুঁহিপাত মেলি
ধৰণী আছে যে চাই।
নতুন সাজ যে পৰিধান কৰি
সৱে আছে সাজি আজি,
বাঃ ,বাঃ, বাঃ কিমান ধুনীয়া
স্ৰজিলে কোনে’ যে সাজি!
না ,নাই ইয়াত কোনো কাৰো হাত
জগতৰ নীতি তাত,
আবেলি পৰত কইনাক নিব
বৰ দৈ চিলা ইয়াত।
সব তচ্- নচ্ কৰি লৈ যাব হে
ব’হাগী কইনা জনী ,
মাকৰ ঘৰলৈ চুলি মেলি মেলি
ওলাব চকুৰ পানী।