মানৱতা – সঞ্জীৱ গগৈ

মানৱতা

সঞ্জীৱ গগৈ,মেলেংগ্ৰাণ্ট ভোগপুৰ,যোৰহাট 

ধৰ্ম,জাতি এইবোৰক লৈ মনোজ বৰাৰ বৰ অহংকাৰ। তাতে নামাচাৰ্য হোৱাৰে পৰা তেওঁৰ অহংকাৰটো আৰু বেছি বৃদ্ধি হৈছিল।নিচ কুল, দোচোৰা ধৰ্মক কটু সমালোচনা কৰাটো তেওঁৰ স্বাভাৱিক প্ৰবৃত্তি হৈ পৰিছিল।জাতি,ধৰ্ম এইবোৰৰ উৰ্দ্ধতো যে কিবা থাকিব পাৰে সেই কথা মনোজে খেয়ালেই কৰা নাছিল।জাতি ধৰ্ময়ো যে বিভেদ নিবিচাৰে সেয়া তেওঁ অনুধাৱনেই কৰা নাছিল।

ভাগৱত সংক্ৰান্তীয় কাৰণ এটাৰ বাবে সেইদিনা তেওঁ যোৰহাটৰ পৰা বটদ্ৰৱালৈ যাব লগিয়া হৈছিল।লগত কোনো নোহোৱাত অকলেই তেওঁ বটদ্ৰৱালৈ বুলি ৰাওনা হৈছিল।বটদ্ৰৱা টাউন নোপোৱাৰ আগলৈকে সকলো ঠিকেই আছিল।কিন্তু বটদ্ৰৱা টাউন পোৱাৰ পিছত টাউনৰ ৰাস্তাতে এখন চলন্ত মটৰ গাড়ীয়ে তেওঁক মহতিয়াই নিছিল।পকী ৰাজপথটোত মনোজৰ কেঁচা তেজবোৰ বিয়পি পৰিছিল।

ফজৰ নামাজৰ পৰা ঘৰলৈ উভতি অহাৰ বাটত তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি থকা অচিনাকি ব্যক্তিজনক আব্বাচে লৰালৰিকৈ হাস্পতাললৈ লৈ গৈছিল।হাস্পতালত তেওঁক তেজ দিব লগিয়া হোৱাত আব্বাচেই তেজ দিছিল।যথাসময়ত, আব্বাচৰ যহতে মৃতপ্ৰায় মনোজ সুস্থ হৈ উঠিছিল।

জাতি বিভেদ,ধৰ্মীয় গোড়ামিৰ ঘোৰ সমৰ্থক মনোজ বৰাৰ দাম্ভিকতাই আজি মানৱতাৰ ওচৰত হাৰ মানিলে।গোড়া ধৰ্মনীতি,জাতি এইবোৰৰ উৰ্দ্ধতো যে কিবা থাকিব পাৰে সেয়া তেওঁ উপলব্ধি কৰিলে।জাতি,ধৰ্ম বিচাৰ নকৰি মানুহ হিচাপে মানৱতাৰ খাতিৰত আব্বাচে যিদৰে তেওঁক নতুন জীৱন দিলে,সেই ঘটনাই তেওঁৰ মনৰ অন্ধকাৰ অনতিপলমে নাশ কৰিলে।

মনোজ বৰা আজি সম্পূৰ্ণ সুস্থ।শাৰীৰিক ভাৱে আৰু প্ৰয়োজনত মানৱতাৰ খাতিৰত জীৱন দিব পৰাৰ জোখেৰে সুস্থ।