সৰ্পয়ো মৰম বিচাৰে
পৰীণিতা দেৱী,
লক্ষীমপুৰ, বিহপুৰীয়া
মানুহৰ সমাজত সৰ্পক সাধাৰণতে ভয়, আতংক আৰু মৃত্যুৰ এক নিদৰ্শন হিচাপে চোৱা হয়, যাৰ মূল কাৰণ হ’ল সিহঁতৰ শৰীৰত থকা বিষ আৰু নিঃশব্দ গতিবিধি। কিন্তু সত্য এই যে, সৰ্পৰ বিষ আত্মৰক্ষাৰ উপায়হে- আক্রমণৰ উদ্দেশ্যে নহয়। সৰ্পইয়ো নিজৰ নিঃশব্দ জেউতিৰ মাজত শান্তিপূৰ্ণ জীৱন বিচাৰে, আৰু সিহঁতে সিহঁতৰ আশাৱান কণমানি হৃদয়খনত মৰম আৰু নিৰাপত্তাৰ বাবে এক আকাংক্ষা পোষণ কৰি থাকে। সৰ্পৰ বাহ্যিক ভয়ংকৰ ৰূপেৰে ঢকা সত্তাটোৰ ভিতৰত এক নিঃশব্দ, নিৰ্বিষ ইচ্ছা লুকাই থাকে — যি মাত্ৰ সহানুভূতিৰ জ্যোতিতেই প্ৰকাশিত হ’ব পাৰে। সৰ্পৰ বিষত যত ভয় নাই, কাৰণ বৰ্তমান সময়ত সাপৰ বিষৰ প্ৰতিষেধক(antivenom) হস্পিতালত উপলব্ধ থাকে কিন্তু কিছুমান সৰ্প বিষাক্ত যেনে ৰাছেল ভাইপাৰ,কিং কোব্ৰা তাৰ প্ৰতিকাৰো আছে, কিন্তু দীৰ্ঘকালীন চিকিৎসা লাগে।কিন্তু মানুহৰ অজ্ঞতা, সংস্কাৰ আৰু দয়া নথকাৰ সুকঠিন বিষেই সমাজৰ বাবে অধিক ক্ষতিকাৰক।কিয়নো বৰ্তমান সময়ত মানুহৰ মাজত প্ৰেম, মমতা , সহানুভূতি কমি গৈছে । প্ৰকৃত অৰ্থত, সৰ্পইয়ো মৰম বিচাৰে মানুহৰ মৰম বিচাৰে মানুহৰ চকুত পশুবন্ধুৰ প্ৰতিচ্ছবি হিচাপে।সিহঁতৰো চকু আছে, শীতল — কিন্তু নিৰ্বিকাৰ নহয়।সিহঁতৰো বুকু আছে — বিষেৰে নহয়, ভয় আৰু বেদনাৰে পৰিপূৰ্ণ।সিহঁত নাহে ঘৃণা দিবলৈ সিহঁত আহে মাথোঁ — মৰম বিচাৰিবলৈ।পৰা— মাত্ৰ তাক বুজিবৰ বাবে প্ৰয়োজন সহানুভূতিৰে দীপ্ত এক হৃদয়, যি বৈচিত্র্যৰ মাজতো সহাৱস্থাপনাৰ জ্ঞান ৰাখে।