মিছা কথা মহাপাপ – বাহাৰুল ইছলাম

মিছা কথা মহাপাপ

বাহাৰুল ইছলাম
বালিজান, মৰিগাঁও 

“কাহানিও নিদিবা প্ৰশ্ৰয় মিছাক
আকোঁৱালি লোৱা সদা সঁচাক।
হেনজানি সাহ কৰি মিছাক আঁতৰাও
আহা আমি মিলি সততাৰ গীত গাওঁ।”
সকলো ধৰ্মতে মিছা কথাক মহাপাপ হিচাপে গণ্য কৰা হয়। সাম্প্রতিক সময়ত যিকোনো সময়তে এই মিছা কথাক প্ৰায় মানুহৰ সংগী কৰি লোৱাটো এক ধৰণৰ অভ্যাসত পৰিণত হৈছে। আমি সকলোৱে অৱগত যে, মিছা কথাৰ ঠেং চুটি। তাৰ পিছতো কিন্তু ইয়াৰ বহুল ব্যৱহাৰ কৰি থকা দেখা যায়। ম’বাইল ফোনত কথা পাতোতে অধিকাংশ লোকে এই পাপক আকোঁৱালি লোৱা দেখা যায়। সৰু সৰু কথাত য’ত সঁচা কথা ক’লেও একো অসুবিধা নহয়, তাৰ পিছতো কেৱল মাথোঁ মিছাৰ আশ্রয়। কিন্তু কিয়?
গৱেষণা কৰিলে দেখা যায় যে, সৰু অৱস্থাত অৰ্থাৎ শিশুসকলৰ মাজত মিছা কথাৰ প্ৰৱণতা বেছি দেখা যায়। সিহঁতক ভয় খুৱাবলৈ,টোপনি নিয়াবলৈ, কথা পতাৰ প্ৰৱণতা বৃদ্ধি কৰিবলৈ আমি ডাঙৰে এই কু-অভ্যাসৰ আশ্রয় লওঁ আৰু সিহঁতে শুনি শুনি বৰ মজা পায়। উদাহৰণস্বৰূপে, এটা বাঘ উৰি উৰি আহি কৈছে, এতিয়ালৈকে যিসকলে টোপনি যোৱা নাই সিহঁতৰ আৰু ৰক্ষা নাই। সিহঁতক এতিয়াই খোৱা হ’ব। সেইদৰে ৰাক্ষস টো দৌৰি দৌৰি ৰাতি ক্ষণত টহল দি ফুৰে, কাৰোবাক পালে আৰু ৰক্ষা নাই। ভাল ল’ৰা-ছোৱালীৰ বাবে সিহঁতে ভাল ভাল বস্তু আনি উপহাৰ দিয়ে।”- এনে বোৰ কথা আমি কওঁ সিহঁতক পতিয়ন নিয়াবলৈ, কিন্তু এই বোৰ মিছা কথাই সিহঁতকো যথেষ্ট প্ৰভাৱিত কৰা দেখা যায়। সিহঁতৰ মনৰ জগতত এনে অনেক ভাৱনাই বহুত বিষয়ে কল্পনা কৰিবলৈ আৰম্ভ কৰে। এই ভাৱনাবোৰ সিহঁতক কল্পনা শক্তি বৃদ্ধি কৰে আৰু কথা কোৱাৰ কৌশল শিকাত সহায় কৰে যদিও এক কু-অভ্যাস গঢ় লোৱা দেখা যায়। কিছু ক্ষেত্রত সাধুৰ প্ৰয়োজনীয়তাক নুই কৰিব নোৱাৰি। কিন্তু মিছা আৰু সাংঘাতিক অৱাস্তৱ কাহিনীৰ প্ৰতি সিহঁতক বেছিকৈ প্ৰভাৱিত কৰিলে এটা সময়ত ই খতি নকৰাকৈ নাথাকে।
হজৰত মোহাম্মদ (ছ:) কৈছে, ‘মানুহে যেতিয়া মিছা কথা কয়, তেতিয়া মিছাৰ দুর্গন্ধত ফৰিস্তাসকল মিথ্যাবাদীৰ পৰা এক মাইল দূৰত গুচি যায়।  সত্যবাদিতা হ’ল শুভ কাম আৰু শুভ কামে সৰগৰ ফালে লৈ যায়। যেতিয়া মানুহে সত্য কথা কৈ থাকে, এটা সময়ত আল্লাহৰ ওচৰত সি  সত্যবাদী হিচাপে পৰিচিত হয়। আৰু মিছা হ’ল পাপাচাৰ, পাপাচাৰ নৰগৰ ফালে লৈ যায়, মানুহে যেতিয়া মিছা কথা কৈয়ে থাকে, আল্লাহৰ ওচৰত এটা সময়ত সি মিথ্যুক হিচাপে গণ্য হয়’।
বাইবেলত কোৱা হৈছে,’মিছা কোৱা ব্যক্তি এজনে মিছা কোৱা ব্যক্তিজনক ঘৃণা কৰে (হিতোপদেশ ২৬: ২৮)। আৰু যদি আপুনি আন এজন মানুহক ঘৃণা কৰে, তেন্তে ঈশ্বৰে বিদ্বেষীজনক হত্যাকাৰী বুলি ভাবে (১ যোহন ৩: ১৫; ১ যোহন ৪: ২০)। ঈশ্বৰে মিছা কোৱাৰ পাপক ঘৃণা কৰে কিয়নো ই প্ৰতাৰণামূলক। মিছা ভৱিষ্যতবক্তা আৰু শিক্ষকসকলকো সমানে গৰিহণা দিয়া হয়।’দহটা আজ্ঞাৰ এটা হৈছে “তুমি তোমাৰ চুবুৰীয়াৰ বিৰুদ্ধে মিছা সাক্ষ্য নিদিবা। “
সত্য হৈছে বেদৰ সাৰাংশ।” মহাকাব্যখনে বাৰে বাৰে গুৰুত্ব দিয়ে যে সত্য হৈছে এক মৌলিক গুণ, কিয়নো সকলো বোৰ আৰু সকলোৱে সত্যৰ ওপৰত নিৰ্ভৰ কৰে আৰু নিৰ্ভৰ কৰে। সঁচা কথা কোৱাটো গুণী। সত্যতকৈ বেছি একো নাই।
সভ্য সমাজৰ বাবে এই মিছা কথা এক অন্তৰায়। জ্ঞানৰ বিস্ফোৰণ যুগতো এনে এক পাপক সংগী কৰি ৰখা লজ্জা জনক। কোনোবা ক্ষেত্রত কোনো কাৰণ বশত এটা মিছা কথা ক’লে দেখা যায় যে, সেই মিছা কথাক ঢাকিবলৈ আৰু বহুত মিছা কথাৰ আশ্রয় ল’ব লগা হয়। সেয়েহে হয়তো কোৱা হয়, মিছা কথাৰ ঠেং চুটি। কোৱা হয়, সত্যৰ সদায় জয়, এদিন নহয় এদিন সত্য উদঘাটন হ’বই, তেন্তে মিছা কথা কৈ কি লাভ। সেয়েহে আমি সকলোৱে মিছা মহাপাপক এৰি সত্য কথাৰ অভ্যাস কৰা অতিকৈ প্ৰয়োজন। মিছা কথা কৈ অনেক পতি-পত্নীৰ মাজত বিশ্বাস নাইকীয়া হয়, আৰু এবাৰ বিশ্বাস নাইকীয়া হোৱা মানেই সুখৰ সংসাৰ দুখৰ নৈত পৰিণত হোৱা। এই মিছা কথাৰ বাবেই হয়তো জনসমাজত অনেক কাজিয়া আনকি হত্যা পৰ্যন্ত হোৱা দেখা যায়। আমি জীৱশ্ৰেষ্ঠ হিচাপে ইচ্ছা কৰিলেই এই সৰু-সুৰা কথা বা কামত এই মিছা কথা এৰাই চলিব পাৰি। সমাজত মিছা কথা কমিলে ঠগ-প্ৰৱঞ্চনা কমিব, কমিব চোৰ-ডকাইতিৰ দৰে জঘন্য অমানৱিক কু-কৰ্মবোৰ। এনে কু-অভ্যাস আঁতৰাই সঁচা কথাৰ সু-অভ্যাস গঢ়ি তুলিলে নিজকে জীৱশ্ৰেষ্ঠ বুলি গৌৰৱ বোধ কৰিব পাৰি।

“মহা মহা মুনিষীৰ কত যে গুণ
সততাই আজিকোপতি কৰিছে ৰুণজুন।”