অবুজ মন মোৰ
নিঃসংগতাৰ গভীৰ ৰাতিত
বিষাদত উচুপি থকা
মোৰ মনটোক
একমাত্ৰ চন্দ্ৰটোৱে বুজি পায় ,
অনুভৱ কৰিব পাৰে।
তাইৰ আৰু মোৰ মাজত চাগে
কিছু সাদৃশ্য দেখা পায়।
বতাহৰ নীৰৱ বিচ্ছেদৰ সুৰত
আকাশৰ নীলা বিস্তাৰত,
বিলীন হয়
অস্পষ্ট মৰমৰ সপোনবোৰ।
মোৰ হৃদয়ৰ ধ্বংসস্তূপৰ মাজতো
স্মৃতিবোৰৰ পাহি চিঙি উৰি ফুৰে,
হৃদয়ৰ গভীৰত জ্বলা জুই
নুমাব নোৱাৰা হৈ পৰিছে ,
পুৰিলেও যে ছাই হ’ব নোখোজে।
এন্ধাৰত দীৰ্ঘশ্বাসৰ তাল
বুকুৰ গভীৰ কন্দন হৈ বাজে,
অবুজ মন—এইটো মোৰ দণ্ড?
নে নিৰ্মম জীৱনৰ নিৰুপায় আয়োজন?