তোমাৰ ছবি
বৰদৈ চিলাজনী হৈ
মোৰ ৰুদ্ধ হৃদয়দ্বাৰ ঠেলি
সোমাই আহিলা তুমি
এটি শুভ ক্ষণত–!
স্বাগতম জনাই
তোমাক আদৰিলোঁ জীৱনলৈ–!
হাঁহি হাঁহি ক’লা–
নদী যে সদায় সাগৰমুখী !
বিশৃঙ্খলিত হৃদয়খন শৃঙ্খলিত কৰি
তুমি মোক সেই বাটেৰে লৈ গ’লা
যি বাটত জোনাকে সপোন সিঁচে ।
এখন স্নেহৰ আকাশ উপহাৰ দি
তুমি উজ্বলি উঠিলা জোনবাইৰ দৰে।
তুলিকাৰে আঁকি গ’লোঁ
তোমাৰ নিটোল ছবি সময়ৰ সুৰুঙাৰে।
সাঁচি ৰাখিছোঁ ছবিবোৰ
হৃদয় কেনভাচত আলফুলে।
জানা,
ছবিবোৰ মচ নাখায় কোনোদিনে !
মোৰ বন্ধ হৃদয়দ্বাৰ খুলি
ধুমুহাইও উৰুৱাব নোৱাৰে!
তুমি হাঁহি আছা মনালিছাৰ দৰে
তুমি নাচি আছা উৰ্বশীৰ দৰে–
তোমাৰ ছবিবোৰত মূৰ্ত হৈ উঠা
নিৰ্লোভ ভাস্কৰ্যেৰে