ৰাজনীতিৰ আত্মচৰিত
ময়ূৰী বৰগোহাঁই,দশম শ্ৰেণী
জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়,শিৱসাগৰ
তেজে ৰাঙলী ইতিহাসৰ
প্ৰান্তছোৱাত মই—
এখন গোপন কূটনীতিৰ
নিঃশব্দ মুখপত্র !
এখন শূণ্য প্রতিশ্ৰুতিৰ
বিলাপেৰে গঠিত নাট্যমঞ্চ ।
মই—ৰাজনীতি,
সঁচাৰ চিঞৰত ছাঁ হোৱাৰ অভিনয়,
আৰু কপট সত্যৰ অন্ধ গৰ্ভত
নামহীন হেৰাই যোৱা সত্তা ।
মোৰ ওঁঠত বাজে—
জনতাৰ সপোনৰ মিঠা সংগীত,
কিন্তু বুকুৰ গভীৰ কোঠাত সাঁচি থওঁ—
পুঁজিৰ নিঃসংগ অৰ্থনীতি ।
যেতিয়া জনতা ভৱিষ্যতৰ আশাৰে
চকু-মেলি গণে আশা আৰু পণ,
তেতিয়া মই আঁতৰাই লিখোঁ—
নিজ লালসাৰ গোপন সংহিতা ।
হাহাকাৰৰ ৰঙেৰে বুলাও
মোৰ দলনীৰ সেউজীয়া,
নীলা, ৰঙা পতাকা ।
ভোট বাকচত ঢল নামে—
আকাংক্ষা, বেদনা, বিষন্নতা,
আৰু মই হ’ম—
পদ, পদবীৰ পৃষ্ঠত মত্ত জনাধিপ ।
ন্যায়—তাত অস্পষ্ট ধুমুহা,
সংবিধান— এখন নাট-নাট্যৰ দলিচা !
দৰ্শনত মই গণতন্ত্ৰৰ
নামত শপথ খাওঁ,
কিন্তু কৰ্মত মই—
আজ্ঞা দিওঁ উচ্ছেদ,
বিতাড়ন আৰু নিৰ্বাসন ।
সংসদ—জনতাৰ নামেৰে
গঠিত বুলি ক’লেও,
আচলতে সেয়া পুঁজিপতিৰ
গোপন চক্ৰবুহ্যৰ এক অন্য ৰূপ ।
নৱপ্ৰজন্মক মই দিওঁ বুলেটৰ বাট—
জ্ঞানৰ নহয়, সত্যৰ নহয়,
দিওঁ ধ্বংসৰ ধ্বনি—
তাকেই ক’ও দেশপ্ৰেম !
বিপ্লৱৰ পোহৰত লুকাই থাকোঁ
অশান্তিৰ কলঙ্ক-আঁচলত ঢাকি,
কাৰণ—
নবীনৰ হাতত কলম দেখিলে
মোৰ অন্তৰ কঁপি উঠে ।
সেই কলমেই লিখে—
মোৰ শেষ চিঠি, মোৰ খণ্ডন-পত্র ।
হে কবি !
তই যদি মোক উলংগ কৰিব খোজ,
লিখ্ তই—
নি:সংশয়, নিৰ্ভীক ভাষাত !
লিখ্—কোনে চুৰি কৰিছে
আজিৰ পূবালি বতাহ ?
তই যে জয়মতীৰ সন্ততি,
তোৰ কলমত নেথাকে—
ভয়ৰ ক’লা পৃষ্ঠা ।
লিখ্ তই—
সঁচা ৰাজনীতিৰ আত্মচৰিত ।