উশাহ বন্ধ হৈ অহা কষ্টবোৰ
যিমানে ৰাতি গভীৰ হয়
উশাহ বন্ধ হৈ অহা কষ্টবোৰ
সিমানেই তীব্ৰ হয়।
বুকুৰ মাজৰ অব্যক্ত বেদনাবোৰ
কেৱল হুমুনীয়া কাঢ়ি ৰয়।
বাহ্যিক হাঁহিমুখী মুখনি চাই
সকলোৱেই ভাৱে সুখী আছোঁ,
কেৱল মই হে জানো
আভ্যন্তৰীণ বিষাদবোৰ
টোপোলা বান্ধি ৰাখিছোঁ।
নীৰৱতা অৱলম্বন কৰা
শব্দৰ অভাৱী মই,
ক’ব বিচাৰিলেও শুনোতা নাই
সকলোৱে ব্যস্ততাৰ অজুহাত দি থয়।
c