ক্ৰমবৰ্ধমান উৎসৱ প্ৰবনতাৰ কৱলত অসমীয়া সমাজ ব্যৱস্থা
ৰশ্মি ৰাণী বৈশ্য,শুৱালকুছি
অতি প্ৰাচীন কালৰে পৰা আমাৰ সমাজত বিভিন্ন পৰম্পৰা তথা উৎসৱ পাৰ্বনৰ প্ৰচলন হৈ আহিছে ।উৎসৱ পাৰ্বনবোৰে সমাজত একতাৰ বান্ধোন সুদৃঢ় কৰাত সহায় কৰে ।সেয়ে এইবোৰ সমাজৰ সকলো শ্ৰেনীৰ মানুহে সুন্দৰকৈ নিজৰ সামৰ্থ অনুসৰি পালন কৰি আহিছে । শান্তিপূৰ্ণভাবে ,একাগ্ৰচিত্তে মানুহে উৎসৱ পাৰ্বনবোৰ পালন কৰিছিল , নাছিল তাত কোনো বাহ্যিকতাৰ পয়োভৰ ।সেয়েহে উৎসৱ পাৰ্বন তথা পৰম্পৰাবোৰ পালন কৰোতে সমাজৰ ধনী দুখীয়া কোনোৱে আৰ্থিক সংকটৰ সন্মূখীন হোৱা নাছিল ।কিন্তু বৰ্তমান এখন বিপৰীত প্ৰতিচ্ছৱিয়ে ভৱিষ্যত প্ৰজন্মলৈ এক অশুভ ইংগিত বহন কৰিছে । স্বীকাৰ কৰিব লাগিব যে উৎসৱ পাৰ্বনৰ যোগেদি সমাজত মিলাপ্ৰীতি আৰু একতাৰ ভাব গঢ়ি উঠে ।ই সমাজত চলি থকা সংস্কৃতিও ৰক্ষা কৰে ।কিন্তু অত্যধিক উৎসৱপ্ৰৱন মানসিকতাই আমাৰ উঠি অহা প্ৰজন্মক ক্ৰমাৎ যেন অধ্যয়নবিমুখ ,আমোদপ্ৰিয় আৰু কৰ্মবিমুখ কৰি তুলিছে । অসমীয়া মানুহৰ উৎসৱ প্ৰৱন মানসিকতা এনে হাৰত বৃদ্ধি পাইছে যে এতিয়া এদিনীয়া উৎসৱবোৰো তিনিদিনীয়া হ’ল ।মুঠতে আমি যেন উৎসৱৰ আনন্দতে মচগুল হৈ থাকিব বিচৰা হ’লো ।জাতিটোৰ বাবে এয়া খুবেই পৰিতাপৰ কথা ।যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে আমাৰ ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰত ।শৈক্ষিক পৰিবেশ বিনষ্ট হোৱাৰ ফলস্বৰূপে তেওঁলোক যেন ক্ৰমাৎ অধ্যয়ন বিমুখ হৈ পৰিছে ।গাওঁ অঞ্চলত ইয়াৰ কুপ্ৰভাৱ অলপ বেছিকৈয়ে পৰিছে ।ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ কোনো যেন চিন্তিত নহয় ।এফালে মুদ্ৰাস্ফীতি আনফালে অসমীয়া মানুহৰ উৎসৱপ্ৰৱন মানসিকতা যিয়ে মধ্যবিত্ত তথা দুখীয়া মানুহখিনিক আৰ্থিকভাবে কোঙা কৰাৰ উপক্ৰম হৈছে । আজিকালি বিয়াবোৰো উৎসৱমুখী হ’ল ।বিয়া সবাহৰ আকাশলঙ্ঘী জাকজমকতা তথা আঢ্যৱন্ত লোকৰ বিয়াৰ বাজেট , খৰচৰ উৰ্ধমুখী ব্যয়ে সমাজৰ মধ্যবিত্ত আৰু দুখীয়া লোকৰ ওপৰত বেয়াকৈ প্ৰভাৱ পেলাইছে ।ময়ুৰক দেখি শালিকাই পেশন ধৰাৰ দৰে আৰ্থিকভাবে দুৰ্বল খিনিয়েও ধনীক শ্ৰেনীৰ লগত ফেৰ মাৰিবলৈ গৈ ঋণগ্ৰস্ততাৰ কবলত পৰিবলগীয়া হৈছে ।ঋণগ্ৰস্ততাৰে ককবকাই একাংশই কিছুমান অনৈতিক কামতো লিপ্ত হোৱা দেখা গৈছে ।আনফালে একাংশই পৰিত্ৰানৰ উপায় নেদেখি আত্মহত্যাৰ পথো বাছি লৈছে । আজিকালি বিয়াবোৰত ৰীতি-নীতি,পৰম্পৰাক একাশৰীয়াকৈ থৈ ব্যয়বহুল অলংকাৰ ,ৰভাতলী , বহিৰাগত খাদ্য তালিকাৰ যেন অঘোষিত প্ৰতিযোগিতা ।দেখি শুনি এনে লাগে যেন সন্তানৰ বিয়াখন ধুমধামেৰে পতাৰ বাবেহে মাক বাপেকে গোটেই জীৱনটো সঞ্চয় কৰে । নিজস্ব নীতি নিয়ম ,পৰম্পৰা সকলো জলাঞ্জলি দি আনৰ সংস্কৃতিক আকোৱালি লৈ নিজকে বহুত বেছি আধুনিক সজাবলৈ যোৱাটো যেন তেনেই সাধাৰন কথা হৈ পৰিছে ।ফলস্বৰূপে আমি অসমীয়াই আজি নিজৰ ঠাইতে নিজেই পৰিচয় হেৰুৱাৰ উপক্ৰম হৈছো । সমাজত এটা সময় আছিল যি সময়ত পৰিয়ালত নিজ কন্যা সন্তানক শৈশৱৰে পৰা ঘৰুৱা কামকাজৰ সমান্তৰালকৈ বোৱাকটা সকলো কামতে পাৰ্গত কৰিবলৈ চেষ্টা কৰা হৈছিল ।কিন্তু বৰ্তমান সেইবোৰ কথালৈ গুৰুত্ব নিদি কেৱল বাহ্যিকতাকহে প্ৰাধান্য দিয়াৰ ফলস্বৰূপে সমাজত কিছুমান নিত্য নতুন ঘটনা ঘটিবলৈ লৈছে ।বিবাহ বিচ্ছেদৰ ঘটনাও ক্ৰমান্বয়ে সমাজত বৃদ্ধি পাবলৈ লৈছে । গতিকে ভৱিষ্যৎ প্ৰজন্মলৈ এখন সুন্দৰ ,সুস্থ সমাজ এৰি যাবলৈ হ’লে আমি অভিভাবক সকল সজাগ হোৱাৰ সময় সমাগত ।পৰিকল্পিত বাজেট প্ৰস্তুত কৰি অৰ্থাৎ নিজৰ সামৰ্থ অনুসৰি সন্তানক লালন পালন কৰাত গুৰুত্ব দিব লাগিব ।সৰুৰে পৰা সঞ্চয়ৰ প্ৰবনতা বৃদ্ধি তথা স্বাৱলম্বিতাৰ শিক্ষা প্ৰদান কৰিব লাগিব ।অযথা বাহ্যিকতা পৰিহাৰ কৰি বিয়াসবাহ বা অন্য উৎসৱাদি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিও আমি আমাৰ পৰম্পৰা সমূহ ৰক্ষা কৰিব পাৰো ।অভিভাবক সকলৰ লক্ষ্য হোৱা উচিত নিজ সন্তানক প্ৰকৃত মানব সম্পদ হিচাপে গঢ়ি তুলি সমাজ বা দেশলৈ উপহাৰ হিচাপে দিয়া ।কিয়নো পৰিয়াল ,সমাজ অৰ্থনৈতিকভাবে টনকিয়াল হ’লেহে আমাৰ দেশখন টনকিয়াল হব ।