জীৱন : বোৱতী নৈ ,,
মানৱজীৱন বোৱতী নৈৰ দৰে
কাৰো বাবে ৰৈ নাথাকে,
যিমানেই কষ্ট আহক, হতাশা আহক
সময় সদায় আগুৱাই যায়।
ভাগৰবিহীন, অবিৰতভাৱে।
জীৱন পথযাত্ৰাত কত মানু্হ
চিনাকী হয়,
আকৌ সেই চিনাকী মুখ
অচিনাকী হয়,
কোনোবা সদায় কাষত থাকে
চিৰ বিশ্বাসী হৈ
আন কিছু , আঁতৰি যায়
অবুজ, অজানাৰ ভাও লৈ।
তথাপিও জীৱন নিজ পথেৰে চলি থাকে
নিৰন্তৰ গতিৰ নৈ।
নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি।