‘ আকাশ ৰঙাই তোলা কৃষ্ণচূড়া ‘
শিৰৰ সেন্দুৰ সদৃশ কৃষ্ণচূড়াৰ প্ৰেমত কোননো নপৰে।জুই অঙঠা যেন ৰঙা ফুলবোৰে পথৰুৱাক আবেগিক কৰি তোলে।
” কৃষ্ণচূড়া তোমাৰ প্ৰাণৰ ,
ৰঙেৰে মোৰ জীৱন ,
এবাৰ ৰঙাই তোলা”
পথৰ কাষে কাষে এতিয়া কৃষ্ণচূড়াৰ দৃষ্টিনন্দন ৰূপ । অকল কৃষ্ণচূড়াই নহয় ৰাধাচূড়া,সোণাৰু,
এজাৰ ফুল আদি দেখিলেই ভাগৰুৱা মনত মিঠা শিহৰণ জাগে।
কৃষ্ণচূড়া আৰু ৰাধাচূড়াৰ গছবোৰ প্ৰায় একেই ফুলবোৰ বেলেগ।পৌৰাণিক বহু প্ৰেম কাহিনী আছে কৃষ্ণচূড়া আৰু ৰাধাচূড়াক লৈ,
” কৃষ্ণচূড়াৰ ৰং
হেঙুলীয়া সপোন বোলোৱা ,
যেনিবা মোৰেই ৰং”
হৃদয়ৰ অনুভৱৰ দলিচাত ফুলি ৰয় কৃষ্ণচূড়াৰ সেন্দুৰীয়া ৰঙ।জীৱনটো ৰঙীন যেন লাগিবলৈ কৃষ্ণচূড়াৰ ফুলবোৰ হাতত বুটলি লৈ এক মধুৰ অনুভূতি পোৱা যায়।কলেজ ,বিশ্ববিদ্যালয়ৰ সেই সোণালী দিনবোৰৰ স্মৃতি ক’ত কৃষ্ণচূড়া,ৰাধাচূড়া জোপাই ধৰি ৰাখিছে।
আকাশ ৰঙাই তোলে কৃষ্ণচূড়াই ।প্ৰতিজোপা ফুলেই সকলোৰে প্ৰিয়। এই ফুলবোৰক লৈ ৰচনা হোৱা গীত,কবিতাই সকলোৰে অন্তৰৰ নিৰ্ভূত কোনত প্ৰেম জগাই তোলে। অলপতে কাগজ ফুল বা ব’গেনভেলীয়াক কৈ সৃষ্টি হোৱা গীত সকলোৰে মুখে মুখে। কোনো ঠাইত কৃষ্ণচূড়া ফুলাৰ দিনত সৌন্দৰ্য্যৰে ভৰি পৰে।জালুকবাৰীৰ বৰ্ষাসিক্ত সময়ত কৃষ্ণচূড়াই ৰং ভৰায়। চিৰযৌৱনা হয় বিশ্ববিদ্যালয় কৃষ্ণচূড়া ফুলাৰ দিনত।
” জালুকবাৰীৰ কৃষ্ণচূড়া,
তুমি যেন মোৰ প্ৰেমৰ চামিয়ানা “
গীতিকাৰ মনোৰঞ্জন বৰুৱাৰ পুৰণি গীতত কৃষ্ণচূড়াৰ অনুভৱ সুকীয়া ।
” কৃষ্ণচূড়াৰ পাহি ,
তই যে ইমান লাহি ,
তোৰ যে পাতৰ আঁৰত শুনো বহাগতে বাঁহী “
বসন্ত আহিলেই সোণাৰু,এজাৰ ,
কৃষ্ণচূড়া – ৰাধাচূড়াই ৰঙৰ মেলা পাতে। কৃষ্ণচূড়াৰ ৰঙা ফুলবোৰ সৰি দলিচাৰে সজাই পথ। এই ফুলবোৰে কাৰুৱাৰ অন্তৰত জগাই তোলে অভিমান । বাংলা গীতত আমি শুনো,
” তুমিতো দিয়েছিলে মোৰে,
কৃষ্ণচূড়াৰ ফুল চ’লে গেচ’
কোথায় আমাৰ ফেলে বহুদূৰ ..”
বিহুগীততো শুনো কৃষ্ণচূড়াৰ কথা ,
” কৃষ্ণচূড়াৰ ছিৰিলি ছিৰিলি পাত,
দুখৰ দিনত সময় পালে লগাবানে মাত”
ফুলক যিমানেই আদৰ ,যত্ন লব সিমানেই সুবাসিত কৰিব চৌদিশ । সকলোৰে হৃদয়ত ফুলি ৰওঁক কৃষ্ণচূড়াৰ সেন্দুৰীয়া ৰঙ।
গীতাশ্রী বৰা,পূৱ আমোলাপট্ৰী,ৱাড নং ১২, গোলাঘাট,