আমাৰ শত্ৰুপক্ষক আমি সদায় নিজ কৰ্মৰ জৰিয়তে প্ৰত্তুত্যৰ দিয়া উচিত – চন্দ্ৰ শেখৰ পৰাজুলী

আমাৰ শত্ৰুপক্ষক আমি সদায় নিজ কৰ্মৰ জৰিয়তে প্ৰত্তুত্যৰ দিয়া উচিত

চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি, অসম

মানুহ মানুহৰ প্ৰধান শত্ৰু। কাৰণ একমাত্ৰ মানুহৰ বাহিৰে মানুহৰ অহিত বা অমংগল চিন্তা ভাৱনা কৰি থকিবলৈ আন কোনো জীৱ-জন্তুৰ লগতে সম্পুৰ্ণ ৰূপত বিকশিত হোৱা এক বিবেক নাথাকে। সেয়েহে আমাৰ মানৱ দেহৰ সৰ্বোচ্চ বা শক্তিশালী অংশটোক আমি বিবেক ৰূপত চিহ্নিত কৰিব পাৰোঁ। অৰ্থাৎ ধৰাতলত প্ৰাণী জগতৰ মাজত যদি মানুহৰে বিবেকবোৰ সম্পূৰ্ণৰূপে বিকশিত হৈ আছে তেন্তে অন্যান্য জীৱ জন্তুৰ তুলনাত মানুহে যে মানুহৰ শত্ৰু ৰূপত ঠিয় দি থাকে তাৰ প্ৰকৃত তাৎপৰ্যবোৰ মোৰ এতিয়ালৈকে চিন্তা শক্তিৰ বাহিৰতে আছে।

মানুহ ৰূপত জন্ম লোৱাৰ আগমূহুৰ্তৰ পৰাই মানুহৰ জীৱনত শত্ৰুৰ আবিৰ্ভাৱ হবলৈ ধৰে আৰু যেনেকৈ লাহে লাহে দিনবোৰ বগৰী যাব ধৰে ঠিক সেইদৰে মানুহৰ সফলতা আৰু বিফলতাৰ ওপৰত লক্ষ্য কৰি মানুহৰ শত্ৰু পক্ষতো বৃদ্ধি হোৱা পৰিলক্ষিত হয়। আপোনাৰ জীৱনৰ বিফলতাবোৰ শত্ৰুৰ মনত আত্মসন্তুষ্টি জন্ম দিয়ে। লগতে আপোনাৰ জীৱনলৈ অহা সফলতাবোৰৰ জৰিয়তে স্বয়ংক্ৰিয় ৰূপত শত্ৰু পক্ষৰ সংখ্যা দিনক দিনে বৃদ্ধি হবলৈ ধৰে। এতিয়া কথা হল, জীৱনত শত্ৰু পক্ষই আপোনাক পৰাপক্ষত একেবাৰে প্ৰত্যক্ষ প্ৰূপত একোৱেই অনিষ্ট সাধন কৰিব নোৱাৰে। গতিকে শত্ৰুবোৰে পৰোক্ষভাৱে এক নিৰ্দিষ্ট সীমালৈকে আপোনাৰ জীৱনলৈ অনিষ্ট সাধনাৰ চেষ্টা অব্যাহত ৰাখে। গতিকে আপুনি যদি দৃঢ়তাৰ সৈতে সৎ মাৰ্গত আগুৱাই যোৱাৰ প্ৰতিজ্ঞাবদ্ধ হয় তেন্তে আপোনাৰ পিছত লক্ষ্য লক্ষ্য ৰূপত শত্ৰুৱে আগুৰি ধৰিলেও আপোনাৰ জীৱনত একোকে ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে।

আচলতে বহু ক্ষেত্ৰতে আমি আমাৰ প্ৰত্যক্ষ বা পৰোক্ষ ৰূপত আমাৰ জীৱনলৈ আহি পৰা শত্ৰুবোৰক সঠিক অৰ্থত চিনাক্ত কৰিবলৈ সক্ষম হৈ পৰোঁ। কাৰণ আমাৰ জীৱনৰ শত্ৰুবোৰ সদায় আমাৰ অতিকৈ আপোন বুলি ধৰা মানুহৰ মাজতে লোকাই থাকে। কাৰণ আমাৰ অচিনাকি মানুহে আমাৰ কামৰ লগত কামকে প্ৰাধান্য বেচিকৈ প্ৰদান কৰে। গতিকে এতিয়া কথা হল আমাৰ একেবাৰে চিনাকি মুখৰ আমাৰ শত্ৰুবোৰক আমি কেনেকৈ প্ৰতুত্যৰ দিব লাগে বা গোটেই জীৱৱজোৰা প্ৰত্তুত্যৰ প্ৰদানৰ পৰা আতৰি থাকিব লাগে ? আমি এই পৃথিৱীত জন্ম গ্ৰহণ কৰি নিজ নিজ জীৱনৰ উন্নতি সাধন কৰি আগুৱাই যোৱাৰ এক মানৱীয় মৌলিক অধিকাৰ। সেয়েহে আমাৰ জীৱনত উন্নীত সাধনৰ বাবে বাধা উৎপন্ন কৰা আমাৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে দেখা দিয়া শত্ৰু সমূহক আমি সদায় নিজ কৰি কৰ্মৰ জৰিয়তে প্ৰত্তুত্যৰ দি নিজৰ মাৰ্গ সুনিশ্চিত কৰা উচিত। কাৰণ আপোনাৰ শত্ৰুপক্ষয়ে সদায় এইটোৱেই বিচাৰি থাকে যে সিহতৰ লগত আপুনি গৈ বাক যুদ্ধ বা শাৰীৰিক যুদ্ধত লিপ্ত হৈ পৰক। ইয়াৰ ফলত আপুনি নিজ জীৱনৰ লক্ষ্য উদ্দেশ্য পৰা সদায় বিচলিত হৈ পৰিব। শত্ৰুবোৰে যেতিয়া আপোনাৰ সমকক্ষত ঠিয় দি আগুৱাই যাবলৈ অসমৰ্থ হৈ পৰে ঠিক তেতিয়া নানান ধৰনৰ কলা কৌশল অৱলম্বন কৰি আপোনাৰ জীৱনলৈ বাধা উৎপন্ন কৰাৰ প্ৰতি অগ্ৰসৰ হোৱা দেখা যায়। গতিকে আপুনি যদি প্ৰকৃত এজন বুদ্ধিজীৱী মানুহ হয় তেন্তে শত্ৰুবোৰৰ লগত যুদ্ধ কৰি সময় ব্যতিত কৰাতকৈ শত্ৰুপক্ষক আমি সদায় নিজ কৰ্মৰ জৰিয়তে প্ৰত্তুত্যৰ দিয়া উচিত।