আজিৰ বন্ধুত্ব বোৰ
মিন্টু গোৱলা, লখিমপুৰ, কদম
পৃথিৱীত বাস বাস কৰা মানুহ সঁচাকৈয়ে বৰ স্বাৰ্থপৰ নিজৰ স্বাৰ্থৰ বাবেই মানুহৰ লগত চিনাকি হয়। বন্ধুত্ব ও নিজৰ স্বাৰ্থৰ বাবেই হয় । নিজৰ প্ৰয়োজন অনুসৰি তোমাক মনত পেলাব। প্ৰয়োজন নহ’লে তোমাক কোন ?বুলিও সুধিব নাহে। উদাহৰণ স্বৰূপে:- বৰষুণ দি থকা সময়ত আমাক ছাতিৰ দৰকাৰ হয় । কিন্তু বৰষুণ জাক এৰি দিলে সেই ছাতি আমাৰ বাবে অপ্ৰয়োজনীয় হয় পৰে ।যাৰ বাবে আমি ছাতিটোক অৱহেলিত কৰি কতবা পেলাই দিওঁ।ঠিক তেনেদৰে আজি বন্ধুত্ব বোৰতো একেই প্ৰয়োজনত তোমাক লাগে আৰু অপ্ৰয়োজনীয় হ’লে তোমাকো অৱহেলিত কৰে।
জীৱন ত মানুহৰ লগত বন্ধুত্ব গঢ়াৰ কৈ যদি আমি এখন ভাল গ্ৰন্থৰ লগত বন্ধুত্ব গঢ়ো। তেনে হ’লে সেই গ্ৰন্থ খনে তোমাক জীৱনৰ বহু কথাই শিকাব । কিন্তু এজন মানুহে তোমাক কি দিব ? হয়তো মানুহ জনে দিব তোমাক এটা প্ৰতাৰণা আৰু মিছা বিশ্বাস ।য’ত তাৰ কোনো কথাৰ ভৰসা নাথাকে। কিন্তু এখন গ্ৰন্থ তোমাক দিব পাৰে নিজৰ আত্মবিশ্বাস আৰু কৰ্মস্পীহা , আদৰ্শ, বিশ্বাসী , দৃঢ়মনা ইত্যাদি কৰি তুলনাত সহায় হয় ।যি কেতিয়াও প্ৰতাৰণা নকৰে ।আনকি তোমাৰ পৰা দূৰত কেতিয়াও আঁতৰি নাযায় ।
আজি প্ৰেম বোৰতো এক স্বাৰ্থৰ প্ৰেম সকলো নিজৰ স্বাৰ্থ জৰিয়তে হয় থাকে । যেতিয়া লৈ সেই স্বাৰ্থ পুৰণ নহয়। তোমাক বহু সপোন দেখাব আৰু বহু মিছা সপোন দেখুৱাব ।কাৰণ তোমাৰ বাবে তাই বা সি নিজৰ স্বাৰ্থ হে পুৰণ কৰিছে।যাৰ বাবে অকল তোমাক সপোন হে দেখুৱাছে । সেই সময় তোমাৰ লগত মাত্ৰ দুদিনীয়া হয় যাৰ বাবে নিজৰ স্বাৰ্থ পুৰণ হ’লে । তেওঁ লোক তোমাক অকলশৰীয়া কৰি আঁতৰি গুচি যায়।যাৰ বাবে নিজৰ বিশ্বাস আৰু সপোন বোৰ ভাগি থৈ গুচি যায়।এইবোৰ প্ৰভাৱ আজি কালিৰ প্ৰেমত বেছিকৈ পৰা বাবে মানুহ মন বোৰ সোনকালেই ভাগি পৰে আৰু নিজৰ সিদ্ধান্ত নিজেই ল’ব পৰা নহয় । নিজকে হত্যা কৰি পেলাই ।
কাৰণ আজিকালিৰ মানুহ বোৰ নিজৰ লগত হোৱা ঘটনাক লৈ বেছি চিন্তিত হৈ পৰে আৰু সেই চিন্তা নিজকে কোঙা কৰি নিজৰ জীৱন ধ্বংস কৰে ।
এজন মানুহে তেতিয়া কাৰোবাৰ জীৱনৰ বাবে ভাৱে এজন মানুহে সদায় অকলশৰীয়া হয় ।কাৰণ তুমি তেওঁৰ জীৱনৰ কথা ভাৱি তেওঁক জীৱনত কি কৰিবলৈ সাহস দিবা । তেওঁ সেই সাহস পাই যদি জীৱনত সফলতা অৰ্জন কৰিছে । তেনে হ’লে তোমাৰ প্ৰতি তেওঁ কিবা নহয় কিবা অজুহাত দেখাই তোমাক অপমানিত কৰিব ও পাৰে ।কাৰণ আজি দিনত কাকো বিশ্বাস কৰিব নোৱাৰি । বিশ্বাস কৰিব পৰা মানুহ দুজন হৈছে তোমাৰ মা দেউতা । সেই বাবেই তুমি আনক সহায় কৰা আগত নিজৰ মা দেউতাৰ কথাৰ প্ৰতি গুৰুত্ব ৰাখিব লাগে। এই পৃথিৱীত বিশ্বাসঘাটকতা মানুহ বহুত পাবা কিন্তু বিশ্বাস কৰিবলৈ তুমি বিশ্বাস যোগ্য মানুহ কতো বিচাৰি নোপোৱা ।আজি মানুহে মানুহৰ বোজা হৈ পৰিছে যাৰ বাবে মানুহে অৱহেলিত হ’ব লগা হয় ।
উদাহৰণ স্বৰূপে: এজন ব্যক্তিক তুমি যদি তাৰ ভাল বাবে যত্ন লোৱা বা ভাল কাম এটা কৰিব শিকোৱা তেন্তে তেওঁ তোমাৰ লগত দুদিনমান ইমান মনোযোগ দি কৰিব আৰু তোমাৰ মনত এটি বিশ্বাস জগাই দিব মই কৰিব পাৰিম বুলি । যেতিয়া তেওঁ সেই কামতোৰ সম্পূৰ্ণৰূপে তোমাৰ পৰা শিকিলোৱাৰ পাছত ব্যক্তি জন তোমাৰ প্ৰতি ঈৰ্ষা জাগে। তেতিয়াই তোমাক অৱহেলিত কৰিবলৈ আৰম্ভ কৰিব ।যি জন ব্যক্তিয়ে আগত তুমি যিমানেই বুজোৱা সি তোমাৰ বুজনি সোনকালেই বুজি লৈছিল । কিন্তু এতিয়া তেওঁ তোমাৰ কথা বোৰ বোজা হৈ পৰা বাবেই হয়তো শুনিবলৈ মন নাযায় । তেতিয়া তোমাক তেওঁ বিভিন্ন ধৰণৰ কথা কৈ তোমাৰ মনত দুখ দিবলৈ চেষ্টা কৰিব পাৰে ।যিবোৰ কথা তুমি তাৰ মুখৰ পৰা শুনিব নিবিচাৰা সেই বোৰ কথা শুনিব পাবা । তেতিয়া তুমি মনত ৰাখিব তুমি অৱহেলিত হৈছে আৰু অকলশৰীয়া হৈ পৰিবলৈ সময় নিশ্চয়ে ওচৰ আহিল । তেতিয়া সেই ঠাই সেই বন্ধুত্ব বা সম্পৰ্কৰ পৰা তুমি নিজেই আঁতৰি অহা দৰকা।য’ত তোমাৰ স্হান নাই তাত তুমি থকাৰ কোনো প্ৰয়োজন নাই । সেই বাবেই অকলশৰীয়া কৈ থাকিবলৈ শিকিব লাগে । অকলশৰীয়া কৈ যদি থকা তেনে হ’লে চিন্তা বোৰ কেৱল তোমাৰ বাবেই হ’ব ।না আগৰ দৰে কাৰোবাক হেৰুৱাইৰ ভয় থাকিব ,না কাৰোবাৰ পৰা কথা শুনিবলৈ থাকিব ,না কোনোবাই তোমাক অৱহেলিত কৰিব ,না তুমি অৱহেলিত হʼবা।একো নাথাকে যদি তুমি অকলশৰীয়া কৈ থাকিব পাৰা। অকলশৰীয়া সময় কণত যদি এখন ভাল গ্ৰন্থ লগত আছে তেন্তে তোমাক কেৱল জীৱনৰ কথা বোৰে জীৱনৰ পথ বাছি দিব পাৰে।
মানুহৰ আবেগ বোৰেই কেতিয়াবা অনুভৱ হৈ পৰে । অনুভৱ বোৰেই কেতিয়াবা মানুহৰ সপোন হৈ পৰে ।