নিষিদ্ধ পৃথিৱী – ৰশ্মি ৰেখা দুৱৰা

নিষিদ্ধ পৃথিৱী

ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়

নাচাওঁ বুলিলেও দেখোঁ
কেউফালে বিষাদগাঁথা
নোচোৱাৰ ভাও ধৰিবও নোৱাৰোঁ
চকু যায় স্বাৰ্থান্বেষী নিষিদ্ধ পৃথিৱীলৈ

ভাবোঁ শিলবোৰ বৰ কঠিন
ভাৱ-ভংগীৰ আওভাও নোপোৱা
দেখিছোঁ শিলেবোৰেও কান্দি উঠিছে
আছে সিঁহতৰো একোখন হৃদয়

কি দিন ! কি ৰাতি !
সকলোতে দেখোন একেই গতি
নাই সুৰক্ষাৰ ৰক্ষাকৱচ
এই সময় নিজক সাহসী কৰাৰ

নিষিদ্ধ পৃথিৱীৰ দুৰ্গন্ধবোৰ
নাকত আহি লাগিছে
কাউৰী,শগুণে উৰা মাৰি আহিছে
নাই ? মাংসৰ টুকুৰা
গোন্ধহে বতাহত মলমলাই আছে

নোৱাৰিনে একতাৰ দোলেৰে বান্ধিব
নিষিদ্ধ পৃথিৱীৰ দুৰ্গন্ধ আঁতৰাব;
খিৰিকীৰ ফাঁকেৰে বতাহজাক সোমাইছে
চৌপাশত ধ্বনিত হৈছে একতাৰ সুহুৰি।