উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ পঞ্চদশ প্ৰতিষ্ঠা দিৱস পালন ; ‘সাহিত্যৰ এদিন’ শীৰ্ষক অনুষ্ঠান সম্পন্ন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসম সাহিত্য সভাৰ অন্তৰ্গত মাজুলীৰ উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ পঞ্চদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি দিনজোৰা কাৰ্যক্ৰমণিকাৰে দৰিয়াস্থিত চৰকাৰী পেঞ্চনাৰ ভৱনৰ প্ৰাংগনত অনুষ্ঠিত হয়। প্ৰথম কাৰ্যসূচী অনুসৰি পুৱা ৮ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সভাপতি দাসীৰাম পামেগামে । পতাকা উত্তোলন কৰি তেওঁ কয় যে অসম সাহিত্য সভাৰ পতাকাৰ তলত আমি সকলো জাতি-জনজাতি একত্ৰিত হৈ অসমীয়া ভাষা-সাহিত্যৰ সেৱাৰ নিৰন্তৰ সাধনাৰ শক্তি আহৰণ কৰিব পাৰোঁ। দ্বিতীয় কাৰ্যসূচী অনুসৰি পুৱা ৮.৩০ বজাত স্মৃতি তৰ্পণ আৰু প্ৰতিষ্ঠাপক সম্পাদক স্বৰ্গীয় অমৰেন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ক্ৰমে উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি তথা মাজুলী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক কনক চন্দ্ৰ বৰুৱা আৰু মাজুলী জিলা সাহিত্য সভাৰ ধনভৰালী প্ৰণৱজিত মিশ্ৰই । মুখ্য স্মৃতি তৰ্পক কনক চন্দ্ৰ বৰুৱাই শাখা সাহিত্য সভাখনৰ প্ৰতিষ্ঠাতাসকলক সুঁৱৰি কয় যে উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাই এগছি অক্ষয় বন্তিৰ দৰেই সাহিত্যৰ জগতখনত সদা প্ৰজ্বলিত হৈ থাকিব লাগিব।
ইয়াৰ পিছতে শাখা সাহিত্য সভাৰ সভাপতি দাসীৰাম পামেগামৰ সঞ্চালনাত কথা-শিল্পৰ মনোজ্ঞ অনুষ্ঠান ‘সাহিত্যৰ এদিন’ আৰম্ভ হয়। অসম সাহিত্য সভাৰ কুঁহি উপ সমিতিৰ আহ্বায়ক শংকুসিদ্ধ নাথে অনুষ্ঠানটিত অংশগ্ৰহণ কৰি কয় যে সমাজৰ সৰ্বস্তৰৰ জণগনক অসম সাহিত্য সভামুখী কৰাৰ মূল মাধ্যমেই হৈছে বিশ্বৰ ভিন্ন-ভিন্ন প্ৰান্তত সাহিত্য-সংগঠকসকলৰ প্ৰচুৰ কষ্ট আৰু সাধনাৰে প্ৰতিষ্ঠিত শাখা সাহিত্য সভাসমূহ ; সেইদৰে বৰ্তমান সময়ত মাজুলীত উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাই সাহিত্যৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিছে । উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সম্পাদক কৃষ্ণাৰাণী শইকীয়া বৰুৱাই আঁত ধৰা অনুষ্ঠানত মাজুলী জিলা সাহিত্য সভাৰ ধনভৰালী প্ৰণৱজিত মিশ্ৰ, মাজুলী মহাবিদ্যালয়ৰ অধ্যাপক বসন্ত বৰা, মাজুলী জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্যা অনুপ্ৰভা দেৱী, উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ উপ-সভাপতি কেশৱ বৰুৱা, উত্তৰ কমলাবাৰী সত্ৰৰ বিশিষ্ট বৈষ্ণৱ তথা প্ৰধান শিক্ষক মুহিকান্ত বৰা বৰবায়ন, সাহিত্যসেৱী জোনালী নাথ, অসম সাহিত্য সভাৰ প্ৰজাতীয় মৈত্ৰীবন্ধনৰ আহ্বায়ক মনোজ্যোতি ৰেগন প্ৰমুখ্যে ভালেসংখ্যক সাহিত্য অনুৰাগীয়ে কথা-সুৰ-শব্দৰে অংশগ্ৰহণ কৰি মত-বিনিময় কৰে । শাখা সম্পাদক কৃষ্ণাৰাণী শইকীয়া বৰুৱাই শলাগৰ শৰাই আগবঢ়োৱা সভাখন জাতীয় সংগীত পৰিৱেশনৰে সফল সমাপ্তি ঘটে।