বেইজিঙত চীনৰ বিদেশ মন্ত্রী বাং য়িৰে সীমা বিবাদ সন্দৰ্ভত বৈঠক অজিত ডোভালৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িৰ মাজত বেইজিঙত এক বৈঠক অনুষ্ঠিত হয়।উল্লেখ্য যে, বেইজিং ভ্ৰমণৰত ভাৰতৰ এটা প্ৰতিনিধি দলক নেতৃত্ব প্ৰদান কৰিছে অজিত ডোভালে। মঙ্গলবাৰে বেইজিঙত উপস্থিত হোৱা ডোভালে পাঁচ বছৰৰ অন্তত বিশেষ প্ৰতিনিধিসকলৰ সৈতে এই বিশেষ বৈঠকত ভাগ লৈছে। চীনৰ সময় অনুসৰি পুৱা ১০ বজাত ৱাং য়িৰ সৈতে বৈঠকত মিলিত হয় ডোভাল। এই বৈঠকত পূব লাডাখত সেনাৰ গতিবিধি নিয়ন্ত্ৰণৰ লগতে একাধিক বিষয়ত ইতিবাচকভাৱে আলোচনা আগবঢ়োৱা হয়। বিশেষজ্ঞসকলৰ ধাৰণা অনুসৰি অতীতৰ সংঘাতৰ অৱসান ঘটাই ভাৰত-চীন সম্পৰ্কৰ নতুন যুগৰ সূচনাৰ লক্ষ্যত এই বৈঠক অতি গুৰুত্বপূৰ্ণ। ভাৰত আৰু চীনৰ মাজত সীমান্তত সংঘাতৰ সূত্রপাত হয় ৪ বছৰ পূৰ্বে পূব লাডাখৰ গালৱানত। প্রকৃত নিয়ন্ত্ৰণ ৰেখাত বিপুল পৰিমাণে সেনা মোতায়েন কৰে দুয়োখন দেশে। সমস্যাৰ সমাধান কৰিবলৈ দুয়োখন দেশৰ সেনা বিষয়াসকলৰ মাজত ২৩টা পর্যায়ত বৈঠক অনুষ্ঠিত হোৱাৰ পিছত যোৱা মাহত প্রকৃত নিয়ন্ত্ৰণ ৰেখাত টহলদাৰী সীমা নির্ধাৰণ আৰু মুখামুখি অৱস্থানৰ পৰা আঁতৰি অহাৰ বিষয়টোক লৈ বুজাবুজি হয় নতুন দিল্লী আৰু বেইজিঙৰ মাজত। এই বিষয়টোত আলোচনা চলাৰ উপৰি চীনৰ বিদেশমন্ত্ৰীগৰাকীৰ সৈতে একাধিক দ্বিপাক্ষিত বিষয়ত আলোচনা অনুষ্ঠিত হৈছে ডোভালৰ। এই বৈঠকৰ পূৰ্বে চীনৰ বিদেশ মন্ত্রণালয়ৰ মুখপাত্র লিন জিয়ানৰ এক বিবৃতি পোহৰলৈ আহিছে। এই বিবৃতিত মুখপাত্ৰগৰাকীয়ে কয় যে ভাৰতৰ সৈতে হাত মিলাই কাম কৰিবলৈ আগ্রহী চীন। দুয়োখন দেখৰ মাজত গুৰুত্বপূৰ্ণ চুক্তিৰ বাস্তৱ ৰূপ দিবলৈ চীন সাজু বুলিও মুখপাত্ৰগৰাকীয়ে মন্তব্য কৰে। ইফালে পৰস্পৰে পৰস্পৰৰ স্বাৰ্থ আৰু উদ্বেগক সম্মান জনাই আলোচনাৰ মাধ্যমত মত-পার্থক্যৰ অৱসান ঘটাবলৈ চীন আগ্রহী বুলিও মুখপাত্ৰগৰাকীয়ে মন্তব্য কৰিছিল।