দেহ নশ্বৰ – আত্মা অবিনশ্বৰ
প্ৰাণ প্ৰতিমা বড়া
গুৱাহাটী
আমাৰ দেহ নশ্বৰ ৷ কিন্তু আমাৰ আত্মা অবিনশ্বৰ ৷ জীৱন দুদিনীয়া ৷ ক্ষন্তেকীয়া জীৱনৰ ভাৰষা নাই ৷ আজি ভালেৰে সময়বোৰ পাৰ কৰিছোঁ যদিও , কালিলৈ কি হ’ব আমি কোনেও নাজানোঁ ৷ প্ৰত্যেক মানুহে বৰ্তমানৰ সময়খিনি উদযাপন কৰা উচিত ৷উদযাপন মানে বৰ্তমানৰ সময়খিনি সুন্দৰভাৱে অতিবাহিত কৰাটোকহে বুজায় ৷ মানুহে মানুহৰ প্ৰতি কোনো বেয়া ভাব , হিংসা, খং, বিদেহ ভাব ৰাখি কোনো লাভ নাই ৷ এজনে আনজনৰ প্ৰতি ৰখা সহমৰ্মিতা মনোভাৱেৰে আমিবোৰে নিশ্চয় সুখী হোৱাৰ বাট উলিয়াব পাৰোঁ ৷ এজনে আনজনৰ বিপদত সহায়ৰ হাত আগবঢ়োৱাটো অতিকৈ জৰুৰী কথা ৷ কিন্তু আমি দুখ পাওঁ যেতিয়া নিজৰ বুলি ভবা আপোন মানুহবোৰৰৰ পৰা বিনা কাৰণত বিৰূপ মনোভাৱ দেখা পাওঁ ৷ মানুহে মানুহে বেয়া পাবলৈ হাজাৰটা কাৰণ বিচাৰি পায় কিন্তু মানুহে মানুহক আদৰ কৰিবলৈ কাৰণ বিচাৰি নাপায় ৷ বহুতৰ মাজতেই এনেকুৱা হোৱা দেখা যায় ৷ কিন্তু এটা সঁচা কথা যে মানুহৰ মনবোৰ কলুষিত হোৱাৰ বাবেই হয়তু আজিৰ মানুহবোৰ স্বাৰ্থপৰ হয় ৷ মানুহৰ মাজত মৰম-চেনেহ-আদৰৰ অভাৱ লগতে বুজাবুজিৰ অভাৱ ৷ সেই হেতুকে আজি দিনৰ মানুহবোৰ একক আৰু নিসংগ ৷যাৰ ফলত মানুহৰ মনত সুখ নাই ৷ অসুখী। অসুখী মনৰ মানুহবোৰে কেতিয়াও আনৰ ভাল চিন্তা কৰিব নোৱাৰে ৷ অনবৰতে মনৰ ভিতৰখন বেয়া মনোভাৱৰ আন্দোলনস্থলী হৈ পৰে ৷
আমাৰ নশ্বৰ দেহ চিৰস্থায়ী নহয় ৷ ক্ষন্তেকীয়া ৷ দুদিনীয়া পৃথিৱীত আমিবোৰ কিমান দিনৰ আলহী আমি কোনেও নাজানোঁ ৷ এইমুহূৰ্তত আমি ভালেৰে আছোঁ যদিও কালিলৈ কি বিপদে দেখা দিব আমি সেই বিষয়ে অনভিজ্ঞ ৷ গতিকে আমি প্ৰতি মুহূৰ্ততে অনিশ্চয়তাৰ মাজত জীয়াই থাকিবলগীয়া হয় ৷ সুখী মন এটা সজাই লৈ আনকো সুখী কৰিবলৈ চেষ্টাৰ প্ৰয়োজন ৷ আমি কোনেও কাকো মনে বিচৰাৰ ধৰণে সুখী কৰিব নোৱাৰোঁ ৷ কিন্তু আমাৰ কৰ্মকাণ্ডই আনক যাতে দুখী কৰিব নোৱাৰে তাৰ বাবে আমি যত্নপৰ হোৱা উচিত ৷ প্ৰত্যেক মানুহৰ আত্মা ভগৱানৰ অংশ ৷ বাহ্যিক অৱয়বহে আমাৰ অস্তিত্বক ভেদ কৰিছে ৷ কিন্তু আমি অজ্ঞানী মানুহবোৰেহে আমাৰ অস্তিত্বক বুজিব নোৱাৰি বেয়া মনোভাৱেৰে আমি সময় অতিবাহিত কৰিছোঁ ৷ মানুহে মানুহৰ প্ৰতি কোনো বেয়া মনোভাৱ , হিংসা, বিদেহ আদি মনোভাৱ নাৰাখি এজনে আনজনৰ প্ৰতি সুন্দৰ মনোভাৱ ৰাখিলে সেউজীয়া পৃথিৱীখন অতি সেউজীয়া হৈ পৰিব ৷