এসময়ত কাঁহ-পিতলৰ সামগ্ৰী বিলুপ্ত হৈ যাব নেকি?
মাৰ্জিনা বেগম,বৰপেটা
সোণৰ অসম । ভাৰত মাতাৰ ৰূপহী জী অসমী আইক প্ৰকৃতিয়ে অতুল বৈভৱেৰে ঐশ্বৰ্য্যশালী কৰাই নহয়, স্ৰষ্টাৰ মহিমায়ী সৃষ্টি কৌশলৰ চিৰন্তন প্ৰতিফলন আমাৰ অসম। কলা-সংস্কৃতিৰ ভঁৰাল হিচাপে পৰিগণিত অসমখন শিল্প কলাৰ ক্ষেত্ৰতো ভাৰতৰ ভিতৰতে নিজস্ব আসন লাভ কৰিবলৈ সক্ষম হৈছে। হস্তশিল্পৰ বাবে অসম এসময়ত ভাৰত বিখ্যাত আছিল। কিন্তু বৰ্তমান সময়ত এই শিল্প সমূহ সাময়িকভাৱে লেহেম হৈ পৰিছে। বিভিন্ন সমস্যাৰে জৰ্জৰিত হোৱা আলোচ্য কাঁহ-পিতলৰ বহুমূলীয়া শিল্পটোও ক্ৰমে অৱনতিৰ দিশে গতি কৰিছে।
আহোম ৰাজত্বৰ কালতেই ঐতিহাসিক হস্তশিল্পৰ ব্যাপকতাত অসমৰ কাঁহ-পিতলৰ সামগ্ৰীয়ে বিকাশ লাভ কৰিছিল। কাহঁ-পিতলৰ সামগ্ৰীৰ বাবে এসময়ত ভাৰত বিখ্যাত আছিল। হাজো- সৰ্থেবাৰীৰ কাঁহ-পিতলৰ শিল্পৰ কথা আমি সকলোৱে জানো যাৰ সুনাম ভাৰতৰ ভিতৰতে ৰৈ বৈ গৈছিল। আজিও এই অঞ্চল সমূহে নিজৰ ঐতিহাসিক পৰম্পৰা ৰক্ষা কৰি অসমৰ নাম জিলিকাই ৰাখিছে। এই অঞ্চলসমূহৰ জনসাধাৰণে কাঁহ-পিতলৰ শিল্পৰ জড়িয়তে জীৱন নিৰ্বাহ আৰু সাংস্কৃতিক পৰম্পৰা বহন কৰি আহিছে। যদিও স্বকীয় প্ৰতিভাৰে জিলিকি থকা কাঁহ-পিতলৰ সামগ্ৰীৰ চাহিদা এতিয়া বহু পৰিমাণে কমি গৈছে আৰু আগলৈ নকমিবলৈ আমাৰ আপ্ৰাণ চেষ্টা লাগিব । বৰ্তমান এইবোৰ তৈয়াৰ কৰা কৰিকৰ সকলৰ অভাৱ পূৰণত ই পূৰ্ণ ব্যৰ্থ হৈ পৰিছে। বিজ্ঞানৰ যুগৰ বৃহৎ বৃহৎ উদ্যোগৰ জাকজমকীয় সামগ্ৰীয়ে বজাৰ দখল কৰি ৰাখিছে তাত বাহ্যিক জাকজমকীয়তাৰ প্ৰতি মানুহৰ আকৰ্ষণো বৃদ্ধি পোৱা দেখা গৈছে। সন্মানৰ সামগ্ৰী হিচাপে পৰিগণিত হৈ অহা বিভিন্ন ধৰণৰ কাঁহ-পিতলৰ বাচন-বৰ্তন, বাণকাঁহী, বাণ বাটি, হাতীখুজীয়া বাটি , লোটা , ঘটি, কলহ , বঁটা, শৰাই আদিৰ ঠাইত কাঁচ- তীখাৰ ৰং বিৰঙী সামগ্ৰীৰ সমাদৰ বাঢ়িছে। ফলত প্ৰকৃত কাঁহ-পিতলৰ সামগ্ৰীলৈ মানুহৰ আকৰ্ষণ আৰু শ্ৰদ্ধা দুয়োটাই কমি আহিছে। তদূপৰি কাৰিকৰ সকলৰ আৰ্থিক অনাটন, প্ৰয়োজনীয় কেঁচা সামগ্ৰীৰ অভাৱৰ লগতে আধুনিক বিজ্ঞানসন্মত কৌশলৰ ক্ষেত্ৰত কাৰিকৰ সকল যথেষ্ট দুৰ্বল সেয়ে এই শিল্প উদ্যোগ সমূহৰ উত্তৰণত বাধা হৈ আছে। প্ৰয়োজনীয় কেঁচা মাল ৰাং, তামৰ লগতে ইন্ধনৰ বাবে প্ৰয়োজনীয় এঙাৰ অসমত পোৱা নাযায় যাৰ ফলত এইসমূহ বাহিৰৰ পৰা আমদানি কৰা হয় ইয়াতো অধিক মূল্য ভৰিবলগীয়া হয় , যিটো নিম্ন শ্ৰেণীৰ কাৰিকৰ সকলৰ বাবে সম্ভৱ হৈ নুঠে। তদুপৰি পৰিশ্ৰম অনুযায়ী মজুৰি নোপোৱাত সিহঁতৰ পৰিয়াল পোহপাল দিয়াত জটিল হৈ পৰে । লাভৰ যি অংশ তাৰ অধিকাংশ ধন মহাজনৰ হাতলৈ যায়। সেয়ে অধিক পৰিশ্ৰমেৰে তৈয়াৰ কৰা সামগ্ৰীৰ উৎপাদন কম হোৱাৰ বাবে সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিব লগা হয়। আৰু মূল্য অধিক হোৱাৰ বাবেই যান্ত্ৰিক পদ্ধতিৰে তৈয়াৰ কৰা আৰু কম দামী সামগ্ৰীৰ তুলনাত এই গৌৰৱপূৰ্ণ কাঁহ-পিতলৰ সামগ্ৰীসমূহে মানুহৰ অৱহেলাত পৰিছে। চাকৰিৰ মনোবৃত্তি গঢ়ি উঠাৰ কাৰণেও এই ক্ষুদ্ৰ হস্তশিল্পৰ চৰ্চাত মানুহৰ আওকাণ হৈছে ।
কথাতেই আছে পৃথিৱীত যেতিয়া লৈ নিম্ন শ্ৰেণীৰ মানহ থাকিব তেতিয়ালৈ হস্তশিল্পও বৰ্তি থাকিব, যিমানেই বিজ্ঞানৰ উন্নতি সাধন আৰু বিজতৰীয়া সভ্যতাই বিকাশ লাভ নকৰক কিয়। ইয়াৰ বাবে অসমীয়া জাতি কাৰিকৰী দিশত অনুন্নত বুলি নকও , কিন্তু তাৰ কাৰণে সমূহীয়া প্ৰচেষ্টাৰ প্ৰয়োজন। প্ৰয়োজনীয় কেঁচা সামগ্ৰীৰ যোগান ধৰা, আত্মনিয়োগৰ বাবে উপযুক্ত সুযোগ সুবিধাৰে চৰকাৰী পৃষ্ঠপোষকতাৰো প্ৰয়োজন । সু – পৰিকল্পিত নীতি নিৰ্দেশনাৰে অসমীয়া শিল্পী সকললক দক্ষ শিল্পী হিচাপে গঢ় দি আগুৱাই লৈ যাব পৰা যায়।
বৰ্তমান সময়ত অসমত নিবনুৱা যুৱক-যুৱতী সকলক বছৰৰ পিছত বছৰ কেৱল চাকৰিৰ বাবে দৌৰাই থকাতকৈ চৰকাৰী সাহায্যৰে জাতীয় ঐতিহ্য বহন কৰা কাঁহ-পিতলৰ সামগ্ৰীৰ শিল্পৰ দৰে অন্যান্য শিল্প সমূহৰ প্ৰতিও শ্ৰদ্ধাশীল আৰু আগ্ৰহশীল কৰি তুলিব পাৰি। ইয়াৰ ফলত নিবনুৱা সমস্যাও কিছু পৰিমাণে কমি গৈ উপাৰ্জনৰ পথ প্ৰশস্ত হ’ব লগতে ঐতিহাসিক শিল্পসমূহো নিজৰ ঐতিহ্য বহন কৰি জীয়াই থাকিব। নহ’লে এটা সময়ত কাঁহ-পিতলৰ সামগ্ৰীৰ লগতে অন্যান্য কুটিৰ শিল্প সমূহেও চৰকাৰী বেচৰকাৰী উপযুক্ত পৃষ্ঠপোষকতাৰ অভাৱতেই বিলুপ্ত হৈ পৰিব।