ৰঙা বেলি
মিতালি বৰঠাকুৰ( আচাৰ্য)
গুৱাহাটী ( মালিগওঁ )
আবেলিৰ আঁচলত
যেতিয়া ৰঙা বেলিযে ৰং সানে
তেতিয়াই মনত পৰে ,
মাৰ কপালত জিলিকি থকা ৰঙা ফোঁটটিলৈ।
ৰঙা বেলিৰ ৰঙা ৰং মোৰো প্ৰিয়।
হয়তো আদিম কালৰে পৰাই সকলোৰে প্ৰিয়।
সেই বাবেই উজ্বলি উঠে
প্ৰতি গৰাকী নাৰীৰ বিবাহৰ অন্তৰংগ মুহূৰ্ত্তত
শিৰৰ সেওঁতাত , কপালত আঁকি দিয়া
এটি প্ৰস্ফুটিত ৰঙা বেলি।
যাৰ ৰঙে ঘৰ খনক উজ্বলাই তোলে।
হয়তো মোৰ ককা , আজোককাৰো প্ৰিয় আছিল
ৰঙা বেলিৰ ৰং।
সেয়ে আইতাৰ কপালত জিলিকি উঠিছিল
এটি ৰঙা বেলি।
যেন ৰান্ধনী বেলিৰ টিকটিকিয়া বৰ্ণচ্ছটা।
সেই বাবেই হয়তো মোৰো প্ৰিয় ৰঙা ৰঙৰ বেলি।
পশ্চিমৰ আকাশত যেতিয়া বেলিটোৱে
নৈ খনিৰ নিৰ্মল পানীত নিজকে চাই ৰঙা ফোঁট লয়
তেতিয়াই নৈ খনি সেন্দুৰীয়া হৈ পৰে।
যাৰ সান্নিধ্যত মোৰ কলমেৰে নিগৰি আহে
ৰঙা ওঁঠৰ মৌণ ভাষা বোৰ
আৱেলিৰ এটি এটি কবিতা হৈ।
য’ত বিলীন হৈ থাকে জীৱন জীয়াৰ
এমুঠি ৰঙা ৰঙৰ সৌন্দৰ্য।