পূব মাজুলী মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস-২০২৪’ উদযাপন

পূব মাজুলী মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস-২০২৪’ উদযাপন
বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- সংকল্প: জিলা মহিলা সৱলীকৰণ কেন্দ্ৰ , মহিলা আৰু শিশু বিকাশ বিভাগ মাজুলীৰ উদ্যোগত, ‘বেটি বচাও বেটি পঢ়াও আঁচনি’ৰ অধীনত আজি পূব মাজুলী মহাবিদ্যালয় মহিলা গোটৰ সহযোগত মহাবিদ্যালয় খনিৰ প্ৰেক্ষাগৃহত ‘আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস-২০২৪’ উদযাপন কৰা হয়। । সভাখনিত  অতিৰিক্ত জিলা আয়ুক্ত তৰালী দাস, সহকাৰী  আয়ুক্ত সংগীতা বৰুৱা, উপ আৰক্ষী অধীক্ষক হিমাংশু গোহাঁই, জিলা সমাজ কল্যাণ বিষয়া উত্তম অধিকাৰী, পূব মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক বৰা আৰু সমল ব্যক্তি হিচাপে উপস্থিত থাকে উজনি মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ জাহ্নবী লহকৰ বৰুৱা। অনুষ্ঠানটিত আন্তঃৰাষ্ট্ৰীয় কন্যা শিশু দিৱস-২০২৪ উপলক্ষে মহিলা সৱলীকৰণ তথা বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা পাঁচ গৰাকী মহিলা আৰু কিশোৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটিৰ আঁত ধৰে  সংকল্পঃ জিলা মহিলা সৱলীকৰণ কেন্দ্ৰ , মহিলা আৰু শিশু বিকাশ বিভাগৰ জিলা মিছন সমন্বয়ক কুকি বৰুৱাই ।