পিতাইলৈ চিঠি- কল্পনা বৰা,গোলাঘাট জিলা ডাকঘৰ :চাউদাং পথাৰ

p.c- pinterst

 পিতাইলৈ চিঠি

কল্পনা বৰা,গোলাঘাট জিলা
ডাকঘৰ :চাউদাং পথাৰ

এৰা ! ধৰোঁ বুলিয়েই সময়বোৰক জানো ধৰি ৰাখিব পাৰি ? নে নিজৰ ইচ্ছানুযায়ী পাখি লগা সময়ক নিজৰ লগত লৈ যাব পাৰি! ওহোঁ,প্ৰহেলিকাই আজিও বুজি নাপায় ভাগ্য আৰু সময়ৰ খেলক।তাই বিশ্বাস কৰে –কেতিয়াবা সময়ে যদি হৰুৱায়, ভাগ্যই টানি লৈ যায় আৰু কেতিয়াবা ভাগ্যই লগ নিদিলে সময়বোৰৰ লগত যুঁজিবলৈ শিকি আহিছে তাই। জটিল জীৱনৰ পাকচক্ৰই প্ৰহেলিকাক কেতিয়াবাই আঁতি আঁতি বান্ধি পেলাইছে।
কথাবোৰ বহু বছৰৰ পুৰণি। আচলতে পুৰণিক বাদ দি নতুনক আদৰাতো কোনো প্ৰকাৰে সম্ভৱ নহয়।প্ৰহেলিকাও ইয়াৰ ব্যতিক্ৰম নহয় । তাইৰ জীৱনৰ প্ৰতিটো খোজতে তাইৰ পিতাইৰ স্মৃতিবোৰ জড়িত আছে, যিবোৰ তাই আজিও কঢ়িয়াই ফুৰিছে প্ৰতিটো মুহূৰ্তত। তাইৰ বাবে যেন সেয়া সংগী সাহসৰ। কথাবোৰ ভাবিলে বুকুখন ক’ৰবাত আজিও মূচড় খাই উঠে তাইৰ,অবাধ্য চকুলোবোৰ তাই গম নোপোৱাকৈয়ে দুচকুৰপৰা নিগৰে। কিন্তু সাহসী হৈ , চকুপানীবোৰে তাইক ভাগিব নোৱাৰাকৈ তাই থিয় হৈ উঠিছে এতিয়া — একমাত্ৰ তাইৰ পিতাইৰ বাবে ।
: মাজনী,তোৰ কিবা প্ৰয়োজন হৈছে নেকি ? কিবা লাগে যদি ক’ , আজি আনি দিম বজাৰত বাৰীৰ এই নাৰিকলকেইটা বেছি ।
:নাই দেউতা । কেইপদমান বস্তু লাগিছিল বাৰু! কিন্তু সেয়া নোহোৱাকৈয়ে বৰ্তমান চলিব পাৰিম। পাচত বেছি প্ৰয়োজন হ’লে তোমাক জনাম বাৰু।
প্ৰহেলিকাই দেখিছে কেনেকৈ তাইৰ পিতায়ে এইকেইদিন চেণ্ডেল নোহোৱাকেয়ে কাম কৰি ফুৰিছে, পুৰণি জোতাযোৰত আঠা অকণ লগাই ঠিক কৰি লৈছে। যোৱাৰাতি মাকৰ লগত তাইৰ বিষয়ে আলোচনা কৰাও শুনিছে তাই —-
“দেখিছনে বাৰু, ছোৱালীজনী কেইমাহমান ঘৰৰপৰা আঁতৰত থাকিয়ে কেনেকৈ শুকাই-খীনাই আহিছে ? এইকেইদিন তাইৰ ভালকৈ যত্ন ল’বি বুজিছ ! কাম-চাম কৰি কষ্ট পাবলৈ নিদিবি তাইক ।”
উস্ ! কিমান যে হেঁপাহ পিতাইৰ তাইৰ প্ৰতি। তাইক লৈ গৌৰৱতে বুকুখন উফন্দি উঠে পিতাইৰ । মানুহৰ আগত গৰ্ব কৰিও কয় তাইৰ কথা । তাই মনৰ মাজতে হাঁহে পিতাইৰ কাণ্ডবোৰ দেখি। তাই হোষ্টেলৰ পৰা ঘৰলৈ আহিব বুলি খবৰ পালেই পিতাইৰ বুকুখন থৌকি-বাথৌ হয় । কিমান হেঁপাহ আলাসৰ জীয়ৰীজনীক  বহুদিনৰ মূৰত চাবলৈ । বহুদিনৰপৰাই তাই খাই ভালপোৱা বস্তুবোৰ ইপদ-সিপদকৈ ঘৰত গোটাইহি । কিন্তু তাইৰ অজলা পিতায়ে ভাবিয়ে নাচায় যে তাই আহি পোৱালৈ বস্তুবোৰ ঘৰৰ চুকতে গেলিব । মনে মনে খুব হাঁহি উঠে তাইৰ পিতাইৰ কামবোৰ দেখি। কিন্তু সেই হাঁহিটোৰ মাজত যেন এটি বিষাদে তাইৰ বুকুত খুন্দা মাৰি ধৰে । পাৰিবনে বাৰু তাই আজীৱন পিতাইৰ হাঁহিটিক ধৰি ৰাখিব ? হোষ্টেলীয়া জীৱনটোৰ অৱসাদ,দুখ সকলোবোৰ যেন পলকতে নোহোৱা হৈ যায় তাইৰ পিতাইৰ তামবৰণীয়া মুখখন দেখি। দুখবোৰৰ মাজতো হাঁহিটো কঢ়িয়াই লৈ ফুৰিবলৈ,ভাগি নপৰাকৈ নিজক জীয়াই তুলিবলৈ তাইতো পিতাইৰ পৰাই শিকিছে ।
: মাজনী,তোক ইমানকৈ কওঁ যে কিবা এটা অসুখ হ’লে মোক জনাবি। কিয় কথাবোৰ খুলি নকৱ অ’ মোক! আছোঁ নহয় তোৰ পিতাইটো তোৰ লগত,নিজে নাখায় হ’লেও তোৰ যত্ন ল’ম।
উস্ ! বুকুৰ একোণত যেন হাতুৰী এটাইহে কোবাইছে তাইক। কোনোমতে ডিঙি চেপি ওলাই আহিব খোজা কান্দোনটোক বাধা দি চেপা মাতেৰে কৈ উঠে তাই —
: মই ভালে আছোঁ নহয় পিতাই, অলপমান গাটো বেয়া হৈছে আৰু মোৰ। কাইলৈয়ে ভাল হ’ম নহয় , তুমি ইমান চিন্তা নকৰিবাচোন।
:নাই, মই আজিয়ে তোৰ ওচৰলৈ গৈ আছোঁ। তই সোনকালে ঠিক হ’বি দে ।
প্ৰহেলিকাই একো কথা কোৱাৰে সুযোগ নাপায় তাৰপাছত। তাই জানে,তাইৰ কিবা এটা সাধাৰণ অসুখ হোৱা বুলি জানিলেও তাইৰ পিতায়ে এখন্তেকো ৰ’ব নোৱাৰে।তাইতকৈও বেছি দুঃশ্চিন্তাত, কষ্টত উজাগৰী ৰাতি পাৰ কৰে তাইৰ পিতায়ে তাইৰ কথা ভাবি । পৰাপক্ষত সেয়ে তাই আজিকালি নিজৰ মাজতে কথাবোৰ ৰাখিব বিচাৰে। তাইৰ বাবেতো পিতায়ে দৈহিক কষ্ট প্ৰতিদিনে কৰিছে । মনৰ কষ্ট দিবলৈ তাই আৰু নিবিচাৰে।কেনেকৈ পোহৰ নৌহওঁতেই পুৱাতে ওলাই গৈ দিনটো সুৰুযৰ প্ৰকোপত কাম কৰি ৰাতিলৈ মাকৰ হাতত উপাৰ্জনৰ টকাকেইটা গুজি দিয়ে – তাই নিজ চকুৰে দেখিছে । হাঁহিটো মুখত থাকিলেই মানুহৰ দুখবোৰ, কষ্টবোৰে আত্মগোপন নকৰে। বৰঞ্চ হাঁহি‌য়ে মানুহৰ বিষাদ ডাঁৱৰবোৰৰ ওপৰত মিছা এক আভৰণ পিন্ধায়। পিতাইৰ কষ্টৰ কেঁচা তেজৰ ঘামবোৰত তাইক লৈ নতুন সপোন, নতুন আশাই ঘৰ সাজে। পিতাইৰ তিৰবিৰ চকুহালক তাই তিৰবিৰাই ৰাখিব লাগিব আজীৱন,দুওঁঠৰ হাঁহিটোক জীয়াই ৰাখিব লাগিব ,শেঁতা পৰিবলৈ দিব নোৱাৰে কেতিয়াও । এয়া তাইৰ কাম্য ।
: খোৱা-লোৱা ভালকৈ কৰিছনে মাজনী ? বৰ বেছি চিন্তা কৰি নাথাকিবি দে। ৰাতি টোপনি ক্ষতি বেছিকৈ নকৰিবি । আমি সৰু মানুহ,ইমান ডাঙৰ ডাঙৰ সাফল্য আমাক নালাগে দে’ আই ।
পিতাইৰ বুকুৰ এই কথাবোৰত তাই পঢ়ি পেলায় পিতাইৰ হৃদয়খনক। পিতাইৰ বাবে সাফল্যই জীৱনৰ শেষ কথা নহয় ,তাই স্বাস্থ্যৰ সকলো দিশে ভালে থাকিব লাগিব সদায় । কিমান সপোন, কিমান হেঁপাহ কঢ়িয়াই তাইৰ বাবে তেজবোৰ পানী কৰিছে পিতা‌য়ে তাই ভালকৈ জানে । বয়সৰ আচোঁৰে তেওঁক কেতিয়াও হাৰ মনাব পৰা নাই।

এৰা! কথাবোৰ মনত পৰিলে বুকুখন আজিও বিষায় উঠে তাইৰ। পিতাইৰ অবিহনে তাই জীৱনটোৰ কথা কেতিয়াও কল্পনা কৰা নাছিল । আচলতে মানুহে কল্পনা নকৰাকৈ থকা কথাবোৰকে এদিন বুকুত বান্ধি খোজ দিবলগীয়া হয়। সময়ে স্মৃতিবোৰ কঢ়িয়ায় । অতীতৰ কষ্টবোৰক চেৰ পেলাই বৰ্তমান কেতিয়াও বৰ্তি থাকিব নোৱাৰে। চকুলোবোৰ মোহাৰি ডায়েৰীখন জপাই দিলে তাই। তাইৰ চকুৰ সন্মুখত পিতাইৰ সেই হাঁহিমুখীয়া মুখখন পুনৰ এবাৰ জ্বিলিকি উঠিল। পিতাইৰ চকুহাললৈ চাই তাইও এবাৰ খিলখিলাই হাঁহি দিলে। এই হাঁহি প্ৰশান্তিৰ এক নিৰ্মল হাঁহি। এই হাঁহিয়ে তাইৰ পিতাইলৈ পঠাব — তাই আজি সুখত আছে। পিতাইৰ হেঁপাহবোৰ, আশাবোৰক তাই জীয়াই তুলিছে । পিতাইৰ হাঁহিটোৰ বাবেই তাই জীয়াই আছে,যিদৰে জীয়াই আছিল তাইৰ পিতাই।
“পিতাই, তোমাৰ কষ্টবোৰে কেতিয়াবাই সাফল্যৰ আকাশ চুলে জানা! তোমাৰ হেঁপাহবোৰক জীয়াই তুলিবলৈকে মই আছোঁ পিতাই। তুমি মোক লৈ চিন্তা কৰি নাথাকিবা দেই। মই বহুত সুখত আছোঁ, সদায় হাঁহি আছোঁ তোমাৰ বাবে।
পিতাই,পাৰিলে মোক ক্ষমা কৰি‌ দিবা। তোমাৰ মাজনীয়ে তোমাৰ আটাইতকৈ সুখৰ খবৰটো তোমাক উপহাৰ দিব নাপালে– যিটো খবৰৰ বাবেই তুমি আজীৱন নিজৰ সকলোবোৰ ত্যাগ কৰি গ’লা। মই জানো, তুমি এতিয়াও সুখী মোক লৈ; নহয়নে পিতাই ? তুমি য’তেই আছা সদায় মোক তাৰপৰাই আশীৰ্বাদ কৰি যাবা দেই পিতাই।
মই বৰ সুখত আছোঁ পিতাই।
মই সদায় হাঁহি আছোঁ।।”
আধালেখাকৈ চিঠিখন সামৰি থ’লে প্ৰহেলিকাই। দুচকুৰপৰা নিগৰা চকুৰ লোটকবোৰক তাই আজি বাধা দি ৰাখিব পৰা নাই। বহুদিনৰ মূৰত আজি বৰকৈ আমনি কৰিছে তাইৰ পিতাইৰ স্মৃতিবোৰে ।
‘নাকান্দিবি আই,এনেকৈ দুখ কৰি থাকিলে জীৱন জানো চলে! তই কান্দিলে ময়ো কিন্তু বৰ কষ্ট পাম।’
কাৰোবাৰ কোমল আঙুলিৰ পৰশে তাইৰ মূৰত আলফুলে হাত বোলোৱা যেন অনুভৱ হ’ল তাইৰ। প্ৰশান্তিৰ এজাকি চেঁচা বতাহে তাইৰ চকুলোবোৰো ধুই নিলে।

✍️