ডিব্ৰুগড়ৰ জকাইত কুমৰাল বংশাৱলীৰ ৰাজহুৱা সভা সম্পন্নঃ চৰাইদেউ জিলাৰ বৰহাটত অধিৱেশন

ডিব্ৰুগড়ৰ জকাইত কুমৰাল বংশাৱলীৰ ৰাজহুৱা সভা সম্পন্নঃ চৰাইদেউ জিলাৰ বৰহাটত অধিৱেশন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সোনোৱাল কছাৰীসকলৰ অন্যতম পুৰাতন পৰম্পৰা হ’ল সঁচ-বংশ-খেলৰ পৰম্পৰা। এই পৰম্পৰাকে সাৰোগত কৰি সদৌ সোনোৱাল কছাৰী সৰ্ব-বংশাৱলী সভাৰ নিৰ্দেশনা মানি সোনোৱাল কছাৰী জনগোষ্ঠীৰ অন্যতম বংশ “কুমৰাল বংশ”ই নিজৰ সঁচৰ বংশধৰসকলৰ সক্ৰিয় অংশগ্ৰহণেৰে বংশাৱলী সভাসমূহ অনুষ্ঠিত কৰি আহিছে। সেই উদ্দেশ্য আগত ৰাখি যোৱা ২৩ জুনত ডিব্ৰুগড়ৰ জকাই কলীয়নী গাঁৱত কুমৰাল বংশাৱলী সমিতিৰ উদ্যোগত আৰু জকাই কলীয়নী গাঁৱৰ ঝিঙিৰী আৰু লেৰাঙী সঁচৰ আতিথ্যত আগন্তুক অধিৱেশনৰ অনুষ্ঠিত কৰণৰ আলোচনাৰ্থে কুমৰাল বংশৰ এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় । সভাৰ প্ৰাৰম্ভনিতে চাৰিমুখীয়া চাকি প্ৰজ্বলন কৰি খ্ৰীংখ্ৰীং বাইথ’ দেৱতাৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে বংশৰ অয়লাসগত মৃতক সকলক স্মৰণ কৰা হয়। কুমৰাল বংশাৱলীৰ শীৰ্ষগীত “কুমৰাল…কুমৰাল… কুমৰাল…”ৰে সভাৰ আৰম্ভণি কৰাৰ পাছতেই অসমৰ বিভিন্ন অঞ্চলৰ পৰা অহা কুমৰাল বংশৰ চাৰিটি সঁচ ক্ৰমে ঢৱলিৰী, ঝিঙিৰী, লেৰাঙী আৰু অকলশৰীয়াৰী সঁচৰ ১৫০ ৰো অধিক বংশধৰসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত সভাপতিত্ব কৰে কুমৰাল বংশাৱলী সমিতিৰ সভাপতি দুলেন সোনোৱালে আৰু উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক বিমল হাজৰিকাই। আদৰণী ভাষণ আগবঢ়ায় ঝিঙিৰী সঁচৰ সভাপতি বিমল সোনোৱালে আৰু সভাখনি উদ্বোধন কৰে সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বসন্ত সোনোৱালে। উদ্বোধনী ভাষণত তেওঁ কয় যে “সঁচ-বংশৰ পৰিচয় হ’ল সোনোৱাল কছাৰী জনজাতিৰ অন্যতম জনগোষ্ঠীমূলক পৰিচিতি। ইয়াৰ দ্বাৰাই তেওঁলোকে মেটেকাৰ দৰে উটি ভাহি নুফুৰাকৈ নিজৰ শিপাৰে গভীৰতম মাটিক খামুচি ধৰি নিজৰ পৰিচয় শতিকা শতিকা জুৰি অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। এই সোনোৱাল কছাৰী বংশলতাৰে এক সুশৃংখলিত বংশ হৈছে কুমৰাল বংশ।” তদুপৰি এই বংশৰ পৰিয়াল আৰু জনসংখ্যাৰ তালিকা সন্নিৱিষ্ট কৰি প্ৰণয়ন কৰা গ্ৰন্থ “তথ্য”খন সোনোৱাল কছাৰী বংশলতাসমূহৰ মাজত প্ৰথমখন গ্ৰন্থ আৰু ইয়েই বংশটোৰ ভৱিষ্যত প্ৰজন্মৰ বাবে ইতিহাস, বেদ, উপনিষদ, কীৰ্তনস্বৰূপ হ’বগৈ বুলি তেওঁ অতিশয় তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।ইয়াৰ পিছতেই কুমৰাল বংশৰ ভৱিষ্যত কৰ্মপন্থা আৰু আগন্তুক অধিৱেশন উপলক্ষে হোৱা আলোচনাত ভাষণ আগবঢ়ায় প্ৰশান্ত কুমৰাল শইকীয়া, ফুলেশ্বৰ সোনোৱাল, বিমল সোনোৱাল, অৱনি হাজৰিকা, মৃদুল সোনোৱাল,মজিন সোনোৱাল, বিষ্ণু সোনোৱাল,কুমুদ সাগৰ সোনোৱাল, বিনোদ কুমৰাল, চেনিৰাম সোনোৱাল, ঘনকান্ত সোনোৱাল, লক্ষ্যজ্যোতি সোনোৱাল, ধৰ্মানন্দ সোনোৱাল, ৰকী সোনোৱাল,ভূধৰ সোনোৱাল আদিয়ে। সভাত সৰ্বসন্মতিক্ৰমে লোৱা সিদ্ধান্ত অনুসৰি বৰহাটবাসী কুমৰাল বংশধৰসকলৰ আমন্ত্ৰণক্ৰমে চলিত বৰ্ষৰ ২৮ আৰু ২৯ ডিচেম্বৰত চৰাইদেউ জিলাৰ বৰহাটত কুমৰাল বংশাৱলী সমিতিৰ আগন্তুক অধিৱেশনখনি অনুষ্ঠিত কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰা হ’য়। তদুপৰি কুমৰাল বংশাৱলীৰ পৰিয়াল আৰু জনসংখ্যাৰ জৰীপ গ্ৰন্থ “তথ্য”খনৰো প্ৰতি দহ বছৰৰ মূৰে মূৰে নৱতম সংস্কৰণ প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কাৰ্যক্ৰমণিকা অনুসৰি অহা ৭ জুলাই দেওবাৰে বৰহাট বলমী গাঁৱত আগন্তুক অধিৱেশনৰ অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্যে এখনি ৰাজহুৱা সভাৰ আহ্বান কৰা হৈছে বুলি কেন্দ্ৰীয় সম্পাদক বিমল হাজৰিকাই অৱগত কৰে আৰু সভাত কেন্দ্ৰীয় বিষয়-ববীয়াসকলৰ লগতে সংশ্লিষ্ট ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তা সকলে।