তৃতীয় পৰ্যায়ৰ মনোনয়ন সম্পূৰ্ণ

তৃতীয় পৰ্যায়ৰ মনোনয়ন সম্পূৰ্ণ

সৰ্বমুঠ ৬০ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  তৃতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৪টা লোকসভা সমষ্টিৰ বাবে  সৰ্বমুঠ ৩০ গৰাকী প্ৰাৰ্থীয়ে ৬১ খন মনোনয়ন পত্ৰ দাখিল কৰে। কোকৰাঝাৰ সমষ্টিত ৭ গৰাকী প্ৰাৰ্থী, ধুবুৰী সমষ্টিত ১০ গৰাকী, বৰপেটা সমষ্টিত ৯ গৰাকী আৰু গুৱাহাটী সমষ্টিত ৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ইয়াকে ধৰি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আজিলৈকে সৰ্বমুঠ ৬০ গৰাকী প্ৰাৰ্থীয়ে ১২৬ খন মনোনয়ন পত্ৰ দাখিল কৰে। তৃতীয় পৰ্যায়ৰ বাবে মনোনয়ন দাখিলৰ যোৱাকালি অন্তিম দিন আছিল।