লোকসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ

লোকসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ : ১০৫ নং বোকাখাত বিধানসভা সমষ্টিত ১৮৭ টা ভোট গ্রহণ কেন্দ্রত আৰম্ভ হৈছে ভোটগ্রহণ : পুৱা ১১ বজালৈকে ভোটদানৰ হাৰ ৩৩ শতাংশ :

মৃদুস্মিতা শৰ্মা ,বোকাখাত, ৰঙিলী বাৰ্ত্তাসেৱা- আজি পুৱাৰে পৰা ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত ১০৫ নং বোকাখাত বিধানসভা সমষ্টিৰ ভোট গ্রহণ আৰম্ভ হৈছে। আজিৰ এই ভোটগ্রহণ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে প্ৰতিটো কেন্দ্ৰত যোৱা কালিয়েই গৈ উপস্থিত হৈছিল ভোটগ্ৰহণকাৰীৰ দল। প্ৰথম পৰ্যায়ৰ ভোটগ্রহণৰ বাবে আজি পুৱাৰে পৰা সমষ্টিটোৰ প্ৰায়বোৰ কেন্দ্ৰতেই ভোটাৰৰ উৎসাহ দেখিবলৈ পোৱা গৈছে। পুৱা ১১ বজালৈকে বোকাখাতত ভোটগ্রহনৰ হাৰ হৈছে ৩৩ শতাংশ। ইফালে বোকাখাতৰ ১৫১ নং বিহৰা মিকিৰচাং প্রাথমিক বিদ্যালয় ভোট গ্রহণ কেন্দ্রত ই ভি এম মেচিনৰ বিজুতিৰ বাবে প্ৰায় দুঘণ্টা সময় ভোটদান প্রক্রিয়া স্থগিত ৰাখিব লগীয়া হয়। পৰৱৰ্তী সময়ত বিভাগীয় বিষয়াসকল উপস্থিত হৈ পুনৰ ভোটগ্রহণ প্রক্রিয়া আৰম্ভ কৰে। একেদৰে ই ভি এমৰ বিজুতিৰ বাবে নুমলীগড়ৰ ১৩১ নং ধলা কছাৰী প্রাথমিক বিদ্যালয়ৰ ভোট গ্রহণ কেন্দ্রতো প্রায় ১ ঘন্টা সময় ধৰি বন্ধ হৈ থাকে ভোটগ্রহণ প্রক্রিয়া। পিচত নতুন ই ভি এম যোগান ধৰিহে ভোট গ্রহণ আৰম্ভ কৰা হয়। উল্লেখ্য যে ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তর্গত ১০৫ নং বোকাখাত বিধানসভা সমষ্টিত আছে মুঠ ১৮৭ টা ভোট গ্রহণ কেন্দ্র। প্রতি কেন্দ্রত এজনকৈ প্রিজাইডিং, আৰু তিনি জনকৈ প’লিং বিষয়া নিয়োগ কৰা হৈছে। ৰিজাৰ্ভত ৰখা হৈছে ২০ শতাংশ দল। ইয়াৰে ১৫ টা ভোটগ্রহন কেন্দ্র পৰিচালনা কৰিছে কেৱল মহিলা বিষয়াই। দুটা আদর্শ কেন্দ্রও স্থাপন কৰা হৈছে। ১০৫ বোকাখাত বিধান সভা সমষ্টিৰ ১,৫৮,৪২০ গৰাকী ভোটাৰে আজি এই কেন্দ্ৰ বোৰত ভোটাদানৰ সুবিধা লাভ কৰিব । ইয়াৰে ৭৭,৮৩০ গৰাকী পুৰুষ, ৮০,৫৮৮ গৰাকী মহিলা, আৰু দুগৰাকী আছে তৃতীয় লিঙ্গৰ ভোটাৰ। ইয়াৰ ভিতৰত আছে ৩৪৪৫ গৰাকী নতুন ভোটাৰ ৷ পুৱা ৯ বাজি ৩০ মিনিটত কেবিনেট মন্ত্ৰী অতুল বৰাদেৱেও জ্যোতিপুৰ প্ৰাথমিক বিদ্যালয়ত ভোটদান সাব্যস্ত কৰে৷