মাঘ বিহু – অনিতা গগৈ

Pc Vikaspedia
মাঘ বিহু
অনিতা গগৈ, নগাঁও
অসমীয়া জাতিৰ বিহু তিনিটা৷তাৰ ভিতৰত মাঘৰ বিহু বা ভোগালী বিহু এটি ৷পুহ আৰু মাঘ মাহৰ সংক্ৰান্তিৰ দিনা পতা হয় বাবে মাঘৰ বিহু বোলে৷আনহাতে ধান, বাৰীৰ পাচলি সকলোৱে উভৈনদী হৈ থাকে এই সময়ছোৱাত অভাৱ নাথাকে বাবেই ভোগালী বুলি কোৱা হয়৷আহোম আৰু চুতীয়াসকলৰ ৰাজত্ব কালৰ পৰা অসমীয়া  সমাজত বহুল ভাৱে প্ৰসাৰ লাভ কৰা  এই  বিহুটিত আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহ দিনত ৰংঘৰৰ বাকৰিত ৰাজ পৃষ্ঠপোষকতাত  অনুষ্ঠিত হৈছিল আৰু ইয়াতেই মহ যুঁজ কুকুৰাৰ যুঁজ হৈছিল বুলি ইতিহাসে কয় আৰু আজিও সেই পৰম্পৰা চলি আহিছে৷আনহাতে হাজোত বুলবুলি চৰাইৰ যুঁজ এই সময়তেই পতা হয়৷হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত অনুষ্ঠিত ঐতিহাসিক চৰাই যুঁজৰ কথা সকলোৰে মুখে মুখে ৷বড়ো সকলৰ প্ৰধান উৎসৱ অৰ্থাৎ বৰ্তমানৰ মাঘ বিহুৰ দুটা প্ৰধান অংশ মেজি আৰু উৰুকা শব্দ দুটা আহিছে চুতীয়া ভাষাৰ মিড-য়ে- জি (মেজি)আৰু  উৰুকুবা(উৰুকা) পৰা।উৰুকাৰ দিনাৰ পৰম্পৰা অনুসৰি গাঁৱৰ ডেকা সকলে ধান কাটি এৰি অহা অৱশিষ্ট নৰাৰে পথাৰত ভেলাঘৰ সাজি অৰ্থাৎ এটা ঘৰ সাজি সমূহীয়া ভাবে ইয়াতে উৰুকাৰ নিশা ভোজ ভাত খায়। উজনি ফালে এই ঘৰক হেৱালি/হাৰলি ঘৰ বোলা হয়৷হেৱালি ঘৰটোৰ নিয়ম মতে দীঘ প্ৰস্থ সমান হ’ব লগে যদিও ঠাই বিশেষে ইয়াৰ আকাৰ ভিন্ন হোৱা দেখা যায়।বিহুৰ আন এটা অংশ মেজি৷মেজি  সাধাৰণতে  কাঠ আৰু  বাঁহৰ দ্বাৰা  নিৰ্মাণ কৰা হয় ৷ খৰিবোৰ নিৰ্ধাৰিত নিয়মৰ দ্বাৰা চাৰি চুকিয়াকৈ দীঘলকৈ  দুফালে তলত দুডাল তাৰ ওপৰত পথালিকৈ দুডাল দি তেনেকৈয়ে ওখকৈ খৰিবোৰ জাপি যায় আৰু ইয়াকে মেজি বুলি কয় । এই মেজিটো বিহুৰ দিনা ৰাতিপুৱাতে গা ধুই তিতা গাৰেই জ্বলাই আৰু তামোল পান অৰিহণা দি অগ্নিদেৱতাক পূঁজা কৰে ।ভেলা ঘৰৰ  ঠাই বিশেষে  আকাৰ আকৃতিত ভিন্নতা দেখা মেজিৰ লগত থকা দুটা বিশ্বাস মতে মহাভাৰতৰ বীৰ পুৰুষ ভীষ্মৰ অন্তিম সংস্কাৰ আৰু অগ্নি পূজা বুলিও মানি লোৱা হয়।এই বিহুৰ আন এটা নাম চুৰ বিহু ৷উৰুকাৰ দিনা ৰাতি গাঁৱৰ ডেকা সকলে  মানুহৰ ঘৰৰ জেউৰা-জপনা  আৰু বাৰীৰ বস্তু চুৰ কৰাৰ পৰম্পৰা আছে  সেই বাবে এই বিহুক চুৰ বিহু বোলা হয়।মাঘৰ বিহু নদী, বিল, পুখুৰী আদিত সমূহীয়া ভাবে মাছ ধৰি অনাটো অসমীয়া মানুহৰ আন এটা পৰম্পৰা৷বিহুৰ দিনা পুৱাই গা ধুই মেজি ফুৱাই ৷মেজি ফুৱাওতে বহুতে মাহ কৰাই খায় ৷ কাঠ আলু পুৰি খায় অৱশ্যে ঠাই ভেদে নিয়ম বেলেগ বেলেগ ৷মেজি ফুৱাই আহি ঘৰত ডাঙৰক সৰুৱে সেৱা কাঢ়ি আৰ্শীবাদ লয় আৰু দৈ ,চিৰা আৰু গুৰ লৈ জলপান খায়  ৷ ঘৰৰ গৃহস্থজনে গোঁহাইৰ আগত শৰাই এভাগ আগবঢ়ায় আৰ্শীবাদ লৈ মহৰ যুঁজ কুকুৰাৰ যুঁজ চাবলৈ ওলাই যায় ৷