মিডিয়াই সঁচা কথা কিয় লুকুৱাই ? – শৈলেন কুমাৰ

মিডিয়াই সঁচা কথা কিয় লুকুৱাই ?

 শৈলেন কুমাৰ
 মিৰ্জা 

সত্যনিষ্ঠা,নিৰ্ভীক আৰু নিৰপেক্ষ, বাক্য কেইটাত সচেতনতা যথেষ্ট প্ৰকাশ পায় যদিও বৰ্তমানৰ সময়ত সংবাদ মাধ্যমত এইকেইটা বাক্যৰ মুল্য কিমান ? দৰাচলতে মিডিয়াই আমাক প্ৰকৃত ঘটনা লুকুওৱাৰ কাৰণ হৈছে যে আমি মনোৰঞ্জনৰ নিচাহত ইমানেই মতলীয়া হৈ পৰিছোঁ যে আমি প্ৰশ্ন কৰিবলৈ পাহৰি গৈছোঁ ৷ বৰ্তমানত মিডিয়াই সঁচাটো লুকুৱাই তাৰ বিপৰীতে আপোনালোকৰ বাবে বিয়পাই দিছে মনোৰঞ্জনৰ বৰবিহ,আৰু আপোনালোকে মনোৰঞ্জনৰ নিচাহত আসক্ত হৈ সকলো পাহৰি গৈছে ৷ যদি প্ৰকৃত সত্য মিডিয়াই দেখুৱাই তেতিয়া ওপৰত বহি থকা বৰমূৰীয়া সকলোৰ চকী কম্পিত হোৱাৰ সম্ভাৱনা থাকে ৷ বৰমূৰীয়া সকলোৰ আমোদপ্ৰমোদ যাতে অব্যাহত থাকে তাৰবাবে আপোনালোকক অসচেতন কৰি ৰখাটো প্ৰয়োজনীয় ৷ টেলিভিচনত কমেডি শ্বো দেখুওৱাৰ অৰ্থ আপোনাক সুখী কৰা নহয় বৰঞ্চ আপোনাক অসচেতন কৰি ৰখাৰ প্ৰয়াস মাত্ৰ ৷ যদি আপুনি কমেডি শ্বো উপভোগ কৰি হাঁহিবলৈ এৰি নিজস্ব স্থিতিৰ প্ৰতি গম্ভীৰ হয় তেতিয়া বিদ্ৰোহৰ জন্ম হ’ব পাৰে যিটো ওপৰৰ আসনত বহি থকা বৰমূৰীয়া সকলে নিবিচাৰে ৷ শাসক সকলে শোষণ কৰিবলৈ মনোৰঞ্জনৰ বৰবিহ বিয়পাই দিয়ে ৷ আমি যেতিয়া গম্ভীৰ হ’ও নিজৰ স্থিতিৰ প্ৰতি তেতিয়া আমাৰ শক্তিৰ সঞ্চাৰ হয় নিজৰ স্থিতি সলনি কৰিবলৈ ৷ কিন্তু মনোৰঞ্জনে আমাৰ সেই সঞ্চিত শক্তিক ভাঙি পেলাই ৷ প্ৰকাণ্ড শিল এটাত শক্তি সঞ্চিত হৈ থাকে কিন্তু শিলটো যদি ভাঙি বালি কৰি দিয়া যায় তেতিয়া তাত কোনো শক্তি নাথাকে ৷ অদৰকাৰী যিমান বিষয়বস্তু আছে সেইবোৰ মনোৰঞ্জনৰ মাধ্যমৰে মিডিয়াই দেখুৱাই কিন্তু গম্ভীৰ বিষয়বস্তু নেদেখুৱাই কাৰণ প্ৰকৃত সত্য ওলাই পৰিব ৷ প্ৰকৃত বিষয়বস্তুৰ যদি আমাৰ জ্ঞান হয় দেশ,সমাজ তথা আমাৰ ব্যক্তিগত জীৱনৰ তেতিয়া আমি জীয়াই থাকিবলৈ কষ্ট অনুভৱ কৰিম কাৰণ দেশ,সমাজ আৰু আমাৰ ব্যক্তিগত জীৱনৰ অৱস্থা বহুত শোচনীয় ৷ যাক মনোৰঞ্জনৰ মাধ্যমৰে ঢাকি ৰখা হয় ৷ মনোৰঞ্জনে শোষিত সকলোক আৰু অধিক উৎসাহ দিয়ে শোষিত হৈ থাকিবলৈ ৷ আমি ইমানেই শোষিত যে প্ৰশ্ন কৰাৰ ক্ষমতা আমি হেৰুৱাই পেলাইছোঁ ৷ ৰাজনৈতিক দল সকলোক নিৰ্বাচনৰ সময়ত পুজিপতি,বেপাৰী ,উদ্যোগপতি সকলোৱে চান্দা দিয়ে কি কাৰণে দিয়ে তাৰ কাৰণ জানো আপোনালোকে কেতিয়াবা বিচাৰিছে ? সেইবোৰ ধন দৰাচলতে কাৰ ? সেই ধন জনসাধাৰণৰ,আপোনাৰ,মোৰ সকলোৰে ৷ কিন্তু এই বিষয়বস্তুবোৰ মিডিয়াই আমাৰ পৰা লুকুৱাই ৰাখে তাৰ বিপৰীতে অদৰকাৰী বিষয় এটা টিপিয়াই ডাঙৰ কৰি T R P সংগ্ৰহ কৰাৰহে যেন প্ৰতিযোগিতা ৷ আৰু আপোনালোকেও সেইবোৰ উপভোগ কৰি মনোৰঞ্জন পায় ৷ ব্ৰেকিং নিউজ গৰুৰ চিণ্ডিকেট উৎখাত,গৰু সৰবৰাহ কাৰী দুজনক ৰাইজৰ উত্তমমাধ্যম পাছত আৰক্ষীক গোটাই দিয়া হ’ল ৷ এইবোৰ মিডিয়াই চিঞৰিচিঞৰি দেখুৱাই গোমাংস ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত কিমান নম্বৰ অৱস্থানত আছে সেয়া হ’লে নেদেখুৱাই ৷ মনোৰঞ্জনকাৰী সকল এতিয়া সমাজত একোএকোজন আদৰ্শ স্বৰূপ ৷ মনোৰঞ্জনকাৰী যেতিয়া সমাজৰ আদৰ্শ হয় তেতিয়া আপোনালোকক মুল বিষয়বস্তুৰ পৰা আঁতৰাই ৰখা হয়,কেৱল মনোৰঞ্জনকাৰী সকলৰ দৈনন্দিন জীৱনৰ বৃত্তান্ত দেখুৱাই থকা হয় ৷ বহুত শোচনীয় অৱস্থা আমাৰ যদি আমি নিজৰ অৱস্থা সলনি কৰোঁ তেতিয়া আমাক শোষণ কৰা সকলোৰো অৱস্থা সলনি হ’ব , যিটো শাসকপক্ষই নিবিচাৰে , যাৰবাবে মনোৰঞ্জনৰ বৰবিহ বিয়পাই দিয়া হয় ৷ মিডিয়াই আমাক যিবোৰ বস্তু দেখুওৱাই কাৰ আৰু কিহৰ স্বাৰ্থত দেখুৱাই সেয়া প্ৰশ্ন কৰাটো এতিয়া উচিত হবনে ? আচল আৰু প্ৰকৃত সত্য মিডিয়াই দেখুওৱাব যদি আপুনি সজাগ হয় ৷ মিডিয়াই শাসক আৰু জনসাধাৰণৰ সংযোগ মাধ্যম হিচাপে কৰ্ম কৰে,এতিয়া যদি জনসাধাৰণে মনোৰঞ্জনৰ নিচাহত নিজকে আসক্ত কৰি ৰাখে তেতিয়া মিডিয়াৰ পৰাও সত্য আৰু প্ৰকৃত বিষয়বস্তু দেখুৱাব বুলি আশা ৰখা উচিত নহয় ৷