আহিবাচোন এপাক নৈৰ পাৰলৈ – চুমিয়া আকতাৰা

PC - The Beacon Webzine
আহিবাচোন এপাক নৈৰ পাৰলৈ
চুমিয়া আকতাৰা, উদমাৰী, নগাঁও 
বহুদিন হৈ গ’ল
তোমাক লগ ধৰা নাই।
তোমাৰ সেই মায়াবী মুখখন
বৰ মন যায় চুই চাবলৈ।
পাৰা যদি আহিবাচোন এপাক
নৈৰ পাৰলৈ।
বহুদিন হৈ গ’ল
তোমাৰ লিহিৰি আঙুলিৰে
মোক স্পৰ্শ কৰা নাই।
বৰ মন যায় তোমাৰ আঙুলি কেইটা
পিটিকি ধৰিবলৈ
পাৰা যদি আহিবাচোন এপাক
নৈৰ পাৰলৈ।
বহুদিন হৈ গ’ল
তোমাৰ কুকিল কন্ঠী
মাতষাৰ শুনা নাই।
বৰ মন যায় একেলগে বহি
প্ৰেমৰ কথা পাতিবলৈ
পাৰা যদি আহিবাচোন এপাক
নৈৰ পাৰলৈ।
বহুদিন হৈ গ’ল
মোৰ বুকুৱে তোমাৰ বুকুৰ
উমান পোৱা নাই।
বৰ মন যায় মোৰ দুবাহুৰে
তোমাক সাবটি ল’বলৈ।
পাৰা যদি আহিবাচোন এপাক
নৈৰ পাৰলৈ।