বৰণ – আয়নাল হক

PC - Wallpaper Flare
অণুগল্প :-
বৰণ
আয়নাল হক, ধুবুৰী 
: মা, মই ৰূপাৰ লগত নবঢ়োঁ।
মীৰাৰ কথাত মাক আচৰিত হ’ল…!
: কিয় মাজনী ?
: তাই ইমান ক’লা ! মোৰ ঘিণ লাগে।
: নাপায় ঔ মাজনী। তুমি বগা হ’লা বুলিয়েই ক’লা মানুহক ঘৃণাৰ দৃষ্টিৰে চাব নালাগে। এইয়া অহংকাৰ ! কোনে জানে—সেই ক’লীজনীয়েই যদি পিছত তোমাতকৈ সমাজত উচ্চ আসন পায়…!
চহৰখনলৈ নতুনকৈ অহা সৎ আই. পি. এছ. অফিচাৰ ৰূপা চহৰীয়াক লগ ধৰিবলৈ স্থানীয় মানুহে অফিচৰ বাৰাণ্ডাত ঠেলা-হেচা লগালে। ৱালত আঁৰি থোৱা নতুন অফিচাৰৰ ফটোখন দেখি এছ. আই. মীৰা বৰপূজাৰীয়ে সিদিনা লগ কৰিবলৈ সাহস নকৰিলে…।