নীলা খামৰ চিঠি
(নতুন বছৰ শুভেচ্ছাৰে)
সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ
মৰমৰ
পাপাই,
প্ৰথমতে, তোমাক ইংৰাজী নৱবৰ্ষৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।নৱবৰ্ষৰ উদিত কিৰণে তোমাৰ জীৱনৰ সপোনবোৰ দিঠকত পৰিণত কৰক। আশা কৰোঁ ভালে আছা ।তোমাৰ স্মৃতিৰ টুকুৰাবোৰ বুকুত গুঁজি মইয়ো উশাহবোৰ লৈ আছো । তোমালৈ বৰকৈ মনত পৰিছে।বছৰৰ শেষত প্ৰত্যেকবাৰেই বিগত সাতটা বছৰ ধৰি একেলগে কত অযুত- নিযুত স্মৃতিৰ দলিচাখন সজীৱ হৈ থাকে । এসাপ্তহ আগতেই আমাৰ গন্তব্যস্থান ঠিক কৰা হৈ যায়, বছৰৰ প্রথম দিনটোতেপ্রকৃতিৰ বুকুত একান্তে কিছু সময় কটাবলৈ ওলাই যাওঁ বিশ্বাসৰ হাতখন মুঠি মাৰি।মনৰ নিকুঞ্জ বনত জমা হৈ থকা কথাৰ গল্পবোৰ পৰস্পৰে পৰস্পৰৰ সৈতে ভগাই লওঁ। মৃদু মলয়াই দুয়োকে মৰমেৰে আলিংগন কৰি যায় । কত সপোনৰ জোলোঙাখন পুৰাবলৈ অধীৰ অপেক্ষাৰে ৰৈ থাকো । দৈনন্দিন জীৱনৰ দুখ- কষ্ট, ক্লান্তবোৰ বেৰত আঁৰি থৈ মন খুলি স্বস্তিৰে উশাহ লবলৈ হেঁপাহেৰে ৰৈ থাকো ১ জানুৱাৰীলৈ। কিন্তু এইবেলি কর্মব্যস্ততা আৰু তোমাৰ পৰা শ শ মাইল নিলগত থকা হেতু মনৰ আশাবোৰ মনতে, কবৰ দি থৈছোঁ! কেবল অতীতৰ মধুৰ দিনবোৰ ৰোমন্থন কৰি পাৰ কৰি দিম বছৰৰ প্রথম দিনটো।এই যে আধাবাটতে গৈ বাইকখন চলাবলৈ মোক খাটনি ধৰা , অবশ্যেই মইয়ো কেতিয়াবা কওঁ। চকুমুদি বিশ্বাসৰ হাতখন এৰি দি পিছফালে বহি থকাৰ স্মৃতি । যেন আত্মগৌৰৱত তোমাৰ বুকুখন ফুলি উঠে । নাৰী কেবল শাৰীতেই নহয়, গণতান্ত্রিক দেশত সকলো দিশতে নাৰী পুৰুষৰ সমান বুলি ভাবি, পুৰণি পৰম্পৰাগত ধ্যান ধাৰণাক এটা চাইড কৰি আধুনিক সমাজৰ লগত খোজ মিলাই যে মোক আগুৱাই যোৱাৰ সুযোগ কণ দিয়া তাতেই যেন মোৰ পৰমপ্ৰাপ্তি ! টকা পইচাৰ বৃহৎ অট্টালিকাত থাকিও জীৱনৰ যিটো সুখ ভোগ কৰিব নোৱাৰি, সেই সুখৰ ভাগ্যৱতী মই। নিজকে কেতিয়াবা গৰ্বিত অনুভৱ হয় । মনে বিছৰা ধৰণে সুখী হোৱাৰ সংজ্ঞা বিচাৰি পোৱাটো পৰজনমৰ যেন পূণ্যৰ ফল। সেই হেতু লগৰবোৰে কেতিয়াবা ঈৰ্ষাৰ বাৰটো মোলৈ মাৰে কিন্তু মোৰ চৌপাশ অহাৰ আগতেই মানুহজনে পিঠি পাতি লয়। বাইক চলোৱাৰ পৰা আদি কৰি কৰণীয় যিবোৰ কৰিব লাগে এগৰাকী নাৰীয়ে নিজৰ ওপৰত নির্ভৰশীল হ’বলৈ, আৰু যিকোনো পৰিস্থিতিতে মোকাবিলা কৰি নিজৰ আত্মসন্মান বজাই ৰখাৰ শিক্ষা তুমি বিগত সাত বছৰে দি আছা । এই আশ্বাস আৰু বিশ্বাসৰ ভৰসাৰে পাৰ কৰি দিম এই মানৱী জীৱন।
ঐ, শুনানা, এইবেলি মই ওচৰত নাই বুলি চাগে কোনো প্লেন কার্যকৰী কৰা নাই। অকলে থাকিলে মোৰ স্মৃতিয়ে আমনি কৰিব বুলি ডিউটিলৈ, যাবাগৈ চাগে ন? কিয় মাৰাক লৈ মন্দিৰ দৰ্শন কৰিব যাব পৰা দেখোন। মাৰো মনটো ভাল লাগিব, তোমাৰো মনৰ আকাশখন ফৰকাল হ’ব। আনৰ দৰে বাইকখন লৈ মুখত গল্ড ফ্লেক্স গুজি ফিতাহি মাৰি ঘুৰি ফুৰা ল’ৰা নহয় তুমি ,জানো । আনকি পথাৰে পথাৰে মদৰ বটল লৈ বন্ধুৰ লগত নতুন বছৰ বুলি ওলাই যাবা তেনে চিন্তাৰ পৰাও মোক মুক্ত কৰি ৰাখিছা । সেয়ে ইমান বেছি ভালপাও তোমাক । হনুমানৰ দৰে বুকুখন চিঙি দেখুৱাব নোৱাৰো কেবল ! মনে মনে তোমাৰ অন্তৰখনে কান্দি উঠিব জানো , একাকীত্বকৰ নাওখন চলাই চকুৰ সিপাৰৰ ডাৱৰবোৰ আঁতৰাই, মনৰ আকাশখন ফৰকাল কৰাৰ বাবে গাৰুটোকে বুকুত গুজি থাকিবা। ক্ষন্তেক পিছতেই ওঁঠত বাধ্যতামুলক হাঁচি এটা লৈ একো নোহোৱাৰ, অভিনয়টো নিখুঁতভাৱে কৰি যাবা ন !সচাকৈয়ে বহুত বেছি ভাগ্যবতী মই, দেউতাৰ দৰে মৰম, যত্নৰ হাতখন মূৰৰ ওপৰত আকাশখন হৈ থকা বাবে । তোমাক মোৰ আজীৱনৰ আকাশ হিচাপে পায় মই ধন্য।
আজিলৈ সামৰিছোঁ দেই , নতুন বছৰৰ হিয়াভৰা শুভেচ্ছা আকৌ । আগন্তুক জোগালী বিহুত লগ পোৱাৰ অধীৰ বাঞ্ছাৰে কলমৰ গতিক স্তব্ধ কৰিলোঁ। ভালে থাকা , মা – পাপাক মোৰ সেৱা জনাবা। অ’ পাপাই আই মিছ ইউ। লাভ ইউ দেহা ! মন বেয়া নকৰিবা, যোৱাবছৰ তুমি দিয়া গোলাপপাহ ডাইয়েৰিৰ পৃষ্ঠাৰ পৰা উলিয়াই তুমি তুমি গোন্ধ অনুভৱ কৰি 1 তাৰিখটো পাৰ কৰি দিম …….!
ইতি,
তোমাৰ কলিজাৰ টুকুৰা
সোনাপাপাই