দৰঙৰ দলগাঁৱত নতুন ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান

দৰঙৰ দলগাঁৱত নতুন ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- দলগাঁও টাউন ফিল্ডত কালি অনুষ্ঠিত এখন সভাত দলগাঁও বিধানসভা সমষ্টিৰ নতুনকৈ ৰেচন কাৰ্ডপ্ৰাপ্ত হিতাধিকাৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে নতুন ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। দলগাঁও বিধানসভা সমষ্টিত ১১০৪৫ খন নতুন ৰেচন কাৰ্ড বিতৰণৰ বাবে এই অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প, ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই হিতাধিকাৰীৰ মাজত নতুন ৰেচন কাৰ্ড বিতৰণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ দ্ৰুত উন্নয়ন আৰু বিকাশ সাধন হৈছে। আজি ভাৰত বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিত পৰিণত হৈছে। স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ সময়ত অৰ্থাৎ ২০৪৭ চনত ভাৰতে বিশ্বৰ অৰ্থনীতিৰ প্ৰথম স্থান অধিকাৰ কৰিব আৰু সেই লক্ষ্যপ্ৰাপ্তিৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আমি সকলোৱে কাম কৰি যাব লাগিব বুলি তেওঁ লগতে কয়। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতো ৰাজ্যখনৰ সকলো দিশতে উন্নয়ন সাধন হৈছে। নাৰী সবলীকৰণ হলেহে সমাজৰ প্ৰকৃত উন্নয়ন সম্ভৱ হ’ব। বৰ্তমান চৰকাৰে সেয়ে নাৰীসবলীকৰণত বিশেষ গুৰুত্ব আৰোপ কৰিছে। সমাজৰ দৰিদ্ৰ আৰু পিছপৰা সকলৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি আৰু পদক্ষেপৰ কথা তেওঁ ভাষণত উল্লেখ কৰে। এই প্ৰসংগত তেওঁ অৰুণোদয়ৰ দৰে অভিলাষী আঁচনিয়ে সমাজত অনা পৰিৱৰ্তনৰ কথা কয়।মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে নতুন ৰেচন কাৰ্ডপ্ৰাপ্ত সকলো হিতাধিকাৰীয়ে চাউল পোৱাৰ লগতে বিভিন্ন সুবিধাও লাভ কৰিব। ৰেচন কাৰ্ডপ্ৰাপ্ত পৰিয়ালসমূহে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান অসম মুখ্যমন্ত্রী জন আৰোগ্য যোজনাৰ অধীনত বছৰি পাঁচ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ সুবিধা পাব । বিনামূলীয়া গেছ সংযোগৰ সুবিধা লাভ কৰিব।ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ লাখপতি বাইদেউ আঁচনিৰ কথাও উল্লেখ কৰে। মহিলা আত্মসহায়ক গোটৰ সদস্যাসকললৈ ১০ হাজাৰ টকাকৈ অনুদান আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাই নাৰী সবলীকৰণৰ লগতে ৰাজ্যখনৰ অৰ্থনৈতিক উন্নয়নত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে কয় যে এই ৰেচন কাৰ্ড লাভ কৰা সকলে চাউলৰ লগতে ৰন্ধন গেছৰ সুবিধা লাভ কৰিব। লগতে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনিৰ অধীনত প্ৰতিবছৰে পাঁচ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাসেৱা লাভ কৰিব। তেওঁ এই আঁচনিৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ধন্যবাদ জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে।উল্লেখ্য যে, ২৩ জানুৱাৰীত ছিপাঝাৰ বিধানসভা সমষ্টিত নতুন ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান অনুষ্ঠিত হ’ব।