সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ সাধাৰণ সভা

সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ সাধাৰণ সভা

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ উজান বজাৰস্থিত বিষ্ণু নিৰ্মলা ভৱনত সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ পুৰণা কমিটীৰ কাৰ্যকৰী সভাপতি জয়দেব চন্দ্ৰ ৰয়ৰ সভাপতিত্বত আজি এখন সাধাৰণ সভা অনুষ্ঠিত হয়। উক্ত সভাত সম্পাদক প্ৰাঞ্জল শৰ্মা,যুটীয়া সম্পাদক মইনুল হক,কোষাধ্যক্ষ সুৰেন ডেকা, উপদেষ্টা লক্ষ্মী কান্ত ৰয়, উপ-সভাপতি ছাইমন বৰভূঞা, ট্ৰেড ইউনিয়নৰ সাধাৰণ সম্পাদক ৰমেন দাসকে আদি কৰি প্ৰায় ১২০ জন মান সন্থাৰ কৰ্মকৰ্তা উপস্থিত থাকে। সভাত সন্থাৰ পুৰণা কমিটী ভংগ কৰি নতুনকৈ ৬৭ জনীয়া নতুন কমিটী গঠন কৰা হয়। নতুন কমিটীৰ -সভাপতি প্ৰাঞ্জল শৰ্মা, কাৰ্যকৰী সভাপতি জয়দেব চন্দ্ৰ ৰয়, সাধাৰণ সম্পাদক যুটীয়াভাৱে ক্ৰমে গণেশ গগৈ, আৰু আচিক আহমেদ, উপদেষ্টা সুৰেণ ডেকা, আৰু লক্ষ্মী কান্ত ৰয়। উক্ত সভাত কমিটী গঠনৰ উপৰিও সন্থাৰ বিভিন্ন বিষয়ৰ ওপৰটো বিশদভাৱে আলোচনা কৰা হয়। মুখ্যত তেওঁলোকৰ আজিৰ সভাৰ উদ্দেশ্য আছিল নতুন কমিটী গঠন কৰা ৷