বিজেপি গুৱাহাটী মহানগৰ জিলাৰ ১২০০ টা বুথৰ সভাপতিৰ প্ৰশিক্ষণ কার্যসূচী সম্পন্ন

বিজেপি গুৱাহাটী মহানগৰ জিলাৰ ১২০০ টা বুথৰ সভাপতিৰ প্ৰশিক্ষণ কার্যসূচী সম্পন্ন

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কার্যালয়ত আজি সভাপতি ভবেশ কলিতা, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত বুথ সমূহক সামৰি প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত সমগ্র গুৱাহাটী মহানগৰ জিলাৰ ১২০০ টা বুথৰ সভাপতিৰ লগতে শক্তিকেন্দ্র প্রমুখক প্রশিক্ষণ প্রদান কৰা হয়। অনুষ্ঠানত বক্তব্য প্রদান কৰি শ্রী কলিতাই ভাৰতীয় জনতা পাৰ্টিৰ ইতিহাস বিকাশৰ লগতে দলৰ নীতি- আদর্শ, কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহ ৰাইজৰ মাজলৈ আৰু অধিক বিস্তাৰিত ৰূপত নিয়াৰ ক্ষেত্ৰত বুথৰ সভাপতি সকলক গুৰু দায়িত্ব বহন কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয়, যেতিয়া বুথ পর্যায়ত দলৰ সাংগঠনিক ভেঁটি শক্তিশালী হ’ব তেতিয়া আমি প্রতিটো নির্বাচনতে সফলতা লাভ কৰিবলৈ সক্ষম হম। সেয়ে প্রতিজন কাৰ্যকৰ্তাই “মোৰ বুথ সকলোতকৈ মজবুত” মূলমন্ত্রক সাৰোগত কৰি তৃণমূল পর্যায়ৰ পৰা দলৰ সাংগঠনিক ভেঁটি সক্ৰিয় কৰাত অৰিহনা প্রদান কৰাৰ প্ৰয়োজন। অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সাংগঠনিক দিশত বক্তব্য প্রদান কৰাৰ লগতে প্ৰতিজন কার্যকর্তাকে সমাজ নির্মাণৰ লক্ষ্য আগত ৰাখি দলটোক আৰু অধিক শক্তিশালী কৰাৰ স্বাৰ্থত নিষ্ঠাসহকাৰে কাম কৰি যাবলৈ আহ্বান জনায়। প্রশিক্ষণ কার্যক্রমত মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব, মুখপাত্র তথা সাংসদ পবিত্র মাৰ্ঘেৰিটায়ো দলীয় কার্যকর্তা সকলক উদ্দেশ্যি বক্তব্য প্রদান কৰে। উক্ত অনুষ্ঠানত গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন কুমাৰ দাস, প্রশিক্ষণ বিভাগৰ আহ্বায়ক ব্ৰজ কুমাৰ দাস, সদস্য অণির্বান গোস্বামীৰ, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ লগতে সমূহ পাৰিষদ উপস্থিত আছিল।