ডিব্ৰুগড় জিলাত সফলতাৰে সম্পন্ন হয় অসম সাংস্কৃতিক মহাসংগ্ৰাম-২০২৩-২৪ ৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা

ডিব্ৰুগড় জিলাত সফলতাৰে সম্পন্ন হয় অসম সাংস্কৃতিক মহাসংগ্ৰাম-২০২৩-২৪ ৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা

এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত ডিব্ৰুগড় জিলাত ৫ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা অসম সাংস্কৃতিক মহাসংগ্ৰামৰ -২০২৩-২৪ৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ আজি সফলতাৰে সম্পন্ন হয়। ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসম সাংস্কৃতিক মহাসংগ্ৰাম-২০২৩-২৪ৰ জিলা পৰ্যায়ৰ জ্যোতি সংগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ জ্যোতি সংগীত প্ৰতিযোগিতাত  “ক” শাখাত (১২ ৰ পৰা ১৮ বছৰ) প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমান্বয়ে কাবেৰী ফুকন, ইমন চেতিয়া আৰু ভাৰ্গৱী সোনোৱালে। “খ” শাখাত (১৯ ৰ পৰা ২৪ বছৰলৈ) প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমান্বয়ে দীপশিখা ডেকা, পুনীত ডিহিঙীয়া আৰু টিনা গগৈয়ে । “গ” শাখাত (২৫ বছৰৰ পৰা ৩৫ বছৰলৈ) প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমান্বয়ে তমাশ্ৰী শইকীয়া, দীপশিখা ডিহিঙীয়া ৰাজখোৱা আৰু বুলন গগৈয়ে। স্মাৰ্তব্য যে, ৫ জানুৱাৰীত অনুষ্ঠিত হোৱা অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত “ক” শাখাত (১২ ৰ পৰা ১৮ বছৰ) প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমান্বয়ে নাহৰকটীয়া বিধানসভা সমষ্টিৰ গৰিয়শী বুঢ়াগোহাঁই, নাহৰকটীয়া বিধানসভা সমষ্টিৰ তানিশা শইকীয়া আৰু চাবুৱা বিধানসভা সমষ্টিৰ ইমন সৌৰভ বৰুৱাই। “খ” শাখাত (১৯ ৰ পৰা ২৪ বছৰলৈ) প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমান্বয়ে চাবুৱাত বিধানসভা সমষ্টিৰ দিপশীখা ডেকা, চাবুৱা বিধানসভা সমষ্টিৰ পাৰ্সী দাস আৰু মৰাণ বিধানসভা সমষ্টিৰ পুনীত ডিহিঙীয়াই। “গ” শাখাত (২৫ বছৰৰ পৰা ৩৫ বছৰলৈ) প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমান্বয়ে লাহোৱাল বিধানসভা সমষ্টিৰ বুলন গগৈ, মৰাণ বিধানসভা সমষ্টিৰ হিমাশী গগৈ আৰু টিংখাং বিধানসভা সমষ্টিৰ জান্টু চেতিয়াই। উক্ত প্ৰতিযোগিতাত জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিৰ পৰা মুঠ ৬৩ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। একেদৰে ৬ জানুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ ৰাভা সংগীত আৰু ৰৱীন্দ্ৰ সংগীতৰ প্ৰতিযোগিতাত জিলাখনৰ আটাইকেইটা বিধানসভা সমষ্টিৰ পৰা ৰাভা সংগীত প্ৰতিযোগিতাত মুঠ ৬১ গৰাকী প্ৰতিযোগী আৰু ৰৱীন্দ্ৰ সংগীত প্ৰতিযোগিতাত ২১ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ ৰাভা সংগীত প্ৰতিযোগিতাত – “ক” শাখাত (১২ ৰ পৰা ১৮ বছৰ) প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমান্বয়ে চাবুৱা বিধানসভা সমষ্টিৰ কাবেৰী ফুকন, লাহোৱাল বিধানসভা সমষ্টিৰ জাহ্নৱী ফুকন, চাবুৱা বিধানসভা সমষ্টিৰ পাহী গগৈয়ে। “খ” শাখাত (১৯ ৰ পৰা ২৪ বছৰলৈ) প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমান্বয়ে দুলীয়াজান বিধানসভা সমষ্টিৰ চুইটী চেতিয়া, চাবুৱা বিধানসভা সমষ্টিৰ দীপশিখা ডেকা, টিংখাং বিধানসভা সমষ্টিৰ অচিন্ত্য মুগ্ধ বকেলে। “গ” শাখাত (২৫ বছৰৰ পৰা ৩৫ বছৰলৈ) প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমান্বয়ে লাহোৱাল বিধানসভা সমষ্টিৰ বুলন গগৈ, নাহৰকটীয়া বিধানসভা সমষ্টিৰ তামাশ্ৰী শইকীয়া, নাহৰকটীয়া বিধানসভা সমষ্টিৰ স্বপ্না সোনোৱালয়ে। ৰৱীন্দ্ৰ সংগীত প্ৰতিযোগিতাত “ক” শাখাত (১২ ৰ পৰা ১৮ বছৰ) প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমান্বয়ে চাবুৱা বিধানসভা সমষ্টিৰত ৰাজস্মিতা চক্ৰৱৰ্তী, লাহোৱাল বিধানসভা সমষ্টিৰ মানসী পায়েক, নাহৰকটীয়া বিধানসভা সমষ্টিৰ তানীশা শইকীয়াই। “খ” শাখাত (১৯ ৰ পৰা ২৪ বছৰলৈ) প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমান্বয়ে চাবুৱা বিধানসভা সমষ্টিৰ দীপশিখা ডেকা , দুলীয়াজান বিধানসভা সমষ্টিৰ পায়েল দাস, টিংখাং বিধানসভা সমষ্টিৰ নিতীশা ভট্টাচাৰ্যই। “গ” শাখাত (২৫ বছৰৰ পৰা ৩৫ বছৰলৈ) প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমান্বয়ে নাহৰকটীয়া বিধানসভা সমষ্টিৰ তমশ্ৰী শইকীয়া, মৰাণ বিধানসভা সমষ্টিৰ শিৱ কৰ্মকাৰ, নাহৰকটীয়া বিধানসভা সমষ্টিৰ সংগীতা চুতীয়াই। ৭ জানুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা অসম সাংস্কৃতিক মহাসংগ্ৰামৰ জিলা পৰ্যায়ৰ দলীয় বিহু নৃত্য প্ৰতিযোগিতাত “ক” শাখাত (১২ ৰ পৰা ১৮ বছৰ) প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমান্বয়ে দুলীয়াজান বিধানসভা সমষ্টিৰ দিহিং পৰীয়া বিহু দল, ডিব্ৰুগড় বিধানসভা সমষ্টিৰ সূর্যোদয় জেং বিহু দল, লাহোৱাল বিধানসভা সমষ্টিৰ বৰলুইত চেমনীয়া বিহু দলে।”খ” শাখাত (১৯ ৰ পৰা ২৪ বছৰলৈ) প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমান্বয়ে চাবুৱা বিধানসভা সমষ্টিৰ ৰাংঢালী গাভৰু বিহু দল, লাহোৱাল বিধানসভা সমষ্টিৰ বৰলুইত বিহু দল, নাহৰকটীয়া বিধানসভা সমষ্টিৰ উজনীৰ ৰংমন বিহু দলে। “গ” শাখাত (২৫ বছৰৰ পৰা ৩৫ বছৰলৈ) প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমান্বয়ে দুলীয়াজান বিধানসভা সমষ্টিৰ বুঢ়ীদিহিং বিহু দল, লাহোৱাল বিধানসভা সমষ্টিৰ ফুলামপুৰ দিহিংপৰীয়া সাংস্কৃতিক দল, চাবুৱা বিধানসভা সমষ্টিৰ জোনবিৰি বোৱাৰী বিহু দলে। আনহাতে, ৮ জানুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা পৰম্পৰাগত দলীয় নৃত্য প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমান্বয়ে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ নানচেং দ’ল, টিংখাং বিধানসভা সমষ্টিৰ লাইলুংখাম নৃত্য দল আৰু চাবুৱা বিধানসভা সমষ্টিৰ পানীতোলা মটক বিহু দলে। “খ” শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমান্বয়ে দুলীয়াজান বিধানসভা সমষ্টিৰ দেওধানী নৃত্য দল, চাবুৱা বিধানসভা সমষ্টিৰ নয়নজ্যোতি কলা কৃষ্টি, লাহোৱাল বিধানসভা সমষ্টিৰ ৰঙিলিটিং চাহ বাগিচা দলে। “গ” শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমান্বয়ে চাবুৱা বিধানসভা সমষ্টিৰ মটক কুলাবুৰি নাচ, লাহোৱাল বিধানসভা সমষ্টিৰ জোনালী লাকৰা আৰু চাবুৱা বিধানসভা সমষ্টিৰ জোনতৰা ঝুমুৰ দলে।