নাজিৰাত অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ ক্ৰিকেট : নাজিৰা ক্ৰিকেট একাডেমী চূড়ান্ত বিজয়ী

নাজিৰাত অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ ক্ৰিকেট : নাজিৰা ক্ৰিকেট একাডেমী চূড়ান্ত বিজয়ী
যদুমণি হাজৰিকা,নাজিৰা, ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰা জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত নগৰ খেল পথাৰত অনুষ্ঠিত কৰা ষষ্ঠ বাৰ্ষিক অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ ক্ৰিকেট প্ৰতিযোগিতাখনি কালি সফলতাৰে সম্পন্ন হয় । এই প্ৰতিযোগিতাত ক্ৰিকেট ক্লাব অফ নাজিৰাৰ দলক ক্ৰিকেট একাডেমী নাজিৰাৰ দলে ২৩ ৰাণৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে । মুঠ ১৫ টা ক্ৰিকেট দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলত নাজিৰাৰ ক্ৰিকেট একাডেমী দলে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৩৫ অভাৰত ৯ টা উইকেট হেৰুৱাই মুঠ ২০৬ ৰাণ সংগ্ৰহ কৰে । দললৈ কৌশিক ৰঞ্জন দাসে ৫৮ টা বলত ৪৮ ৰাণ , অবিনাশ গগৈয়ে ২৫ টা বলত ২৯ ৰাণ আৰু অভিজিৎ গুপ্তাই ২৯ টা বলত ২৬ ৰাণৰ বৰঙণি আগবঢ়ায় । বলিঙত নিপু গগৈয়ে ৩ টা উইকেট আৰু ৰঞ্জন সৰকাৰে ২ উইকেট লাভ কৰে । ইয়াৰ বিপৰীতে ক্ৰিকেট ক্লাব অফ নাজিৰাৰ দলে ৩১.২ অভাৰত সকলো উইকেট হেৰুৱাই ১৮৩ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।দললৈ সত্যব্ৰত গগৈয়ে ৩৭ টা বলত ৩৭ ৰাণ , নয়ন জ্যোতি  লাহনে ২৩ টা বলত ৩৩ ৰাণ আৰু আব্দুল  চাজাদে ২৩ টা বলত ৩৩ ৰাণৰ বৰঙণি আগবঢ়ায় । বলিঙত অবিনাশ গগৈয়ে ৬ টা আৰু নৱাব জাকিৰ হুছেইনে ৩ টা উইকেট লাভ কৰে ।  প্ৰতিযোগিতাত নাজিৰাৰ ক্ৰিকেট একাডেমীৰ অবিনাশ গগৈয়ে মেন অফ দ্যা মেচ  , ক্ৰিকেট ক্লাব অফ নাজিৰাৰ ৰন্জন সৰকাৰে মেন অফ দ্যা চিৰিজ আৰু শ্ৰেষ্ঠ বলাৰ বঁটা লাভ কৰে আৰু নাজিৰা কেন্দ্ৰীয়ভাৱে ক্লাৱৰ অমৰ গগৈয়ে শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰিবলৈ সক্ষম হয় । খেলৰ অন্তত নাজিৰা জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি আব্দুৰ ৰহমানে আঁত ধৰা বঁটা বিতৰণী অনুষ্ঠানত জিলা ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাপক প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক তুলসী শেনচোৱা , অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সভাপতি ৰমেন দত্ত , জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক গোপাল বৰুৱা আদিকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থকা বঁটা বিতৰণী অনুষ্ঠানত অলপতে দিল্লীত অনুষ্ঠিত হৈ যোৱা ১৫ বছৰ অনুৰ্ধৰ মহিলা ক্ৰিকেট প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰা অৰ্পিতা গগৈ আৰু বিজয় মাৰ্চেন্ট ট্ৰফীত ১৬ বছৰ অনুৰ্ধৰ অসম দলক প্ৰতিনিধিত্ব কৰা উইকেট কিপাৰ কৌশিক ৰঞ্জন দাসক নাজিৰা জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা বিশেষ ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে  ।