ৰাজ্য চৰকাৰৰ ৰাজনৈতিক (ক)বিভাগে পৰাম্পৰগত ম’হ যুঁজ আৰু অন্যান্য চৰাইৰ যুঁজ অনুষ্ঠিত কৰাৰ বাবে জাৰি কৰা মানসম্পন্ন কাৰ্য পৰিচালনা বিধি/নিৰ্দেশনাৱলী

Pc wikipedia

ৰাজ্য চৰকাৰৰ ৰাজনৈতিক (ক)বিভাগে পৰাম্পৰগত ম’হ যুঁজ আৰু অন্যান্য চৰাইৰ যুঁজ অনুষ্ঠিত কৰাৰ বাবে জাৰি কৰা মানসম্পন্ন কাৰ্য পৰিচালনা বিধি/নিৰ্দেশনাৱলী

ৰঙিলী বাৰ্ত্তাসেৱা-  পৰম্পৰাগতভাৱে ম’হ যুঁজ আৰু অন্যান্য চৰাইৰ যুঁজ অনুষ্ঠিত কৰি অহা ঠাইসমূহত ম’হ আৰু অন্যান্য পৰম্পৰাগত চৰাইৰ যুঁজ আয়োজন কৰাটোত অনুমতি প্ৰদান কৰি নিম্নোক্ত মানসম্পন্ন কাৰ্য পৰিচালনা বিধি যুগুত কৰা হৈছে আৰু জীৱ-জন্ত্তৰ প্ৰতি নিষ্ঠুৰতা নোহোৱাটো সুনিশ্চিত কৰি জিলা প্ৰশাসনসমূহৰ দ্বাৰা ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ বিশেষ ব্যৱস্থাৱলী ৰখা হৈছে।

   ম’হ যুঁজৰ বাবে মানসম্পন্ন কাৰ্য পৰিচালনা বিধি/নিৰ্দেশনাৱলী

১। জিলা প্ৰশাসনে নিশ্চিত কৰিব লাগিব যে মানসম্পন্ন কাৰ্য পৰিচালনাৰ বিধিৰ সৈতে সকলো নীতি-নিয়ম কঠোৰ ভাৱে মানি চলা হৈছেউদ্যোক্তাসকলৰ পৰা পোৱা আৱেদনৰ ভিত্তিত সংশ্লিষ্ট জিলা উপায়ুক্তই উদ্যোক্তা কমিটী সমূহলৈ অনুমতি প্ৰদান কৰিব।

২। যিবিলাক ঠাইত ম’হ যুঁজ অনুষ্ঠিত কৰাৰ কমেও ২৫ বছৰৰ ইতিহাস আছে সেইবোৰ ঠাইতহে ম’হ যুঁজ পতাৰ অনুমতি দিয়া হ’ব।

৩। ম’হ যুঁজ মাঘ বিহুৰ দহ দিনৰ ভিতৰত (১৫ জানুৱাৰীৰ পৰা ২৫ জানুৱাৰী) বছৰৰ নিদিৰ্ষ্ট সময়ত সম্পূৰ্ণ কৰাৰ বাবেহে অনুমতি দিব পাৰে। ঘোষণা কৰা সময়ৰ বাহিৰে বছৰৰ যিকোনো সময়ত ম’হ যুঁজৰ অনুমতি দিয়া নহ’ব।

৪। উদ্যোক্তা কমিটীয়ে নিশ্চিত কৰিব লাগিব যে ম’হ যুঁজৰ সময় ৰাতিপুৱা ৭ বজাৰ পৰা আৱেলি ৪ বজাৰ ভিতৰতহে।

৫। প্ৰয়োজনীয় সময়ত জৰুৰীকালীন চিকিৎসা সেৱা আগবঢ়াব পৰাকৈ পশুপালন বিভাগৰ এটা দল ম’হ যুঁজ অনুষ্ঠিত কৰা স্থানত মোতায়েন কৰিব লাগিবযিসমূহ অঞ্চলত ব্যাপক পৰিসৰত ম’হ যুঁজ অনুষ্ঠিত কৰা হয় তেনে অঞ্চলৰ বাবে পশুপালন বিভাগে মোতায়েন কৰা দলৰ লগতে বিভাগে পশুৰ বাবে এম্বুলেঞ্চ সেৱাৰ ব্যৱস্থা কৰিব লাগিব

৬। ম’হ যুঁজৰ আয়োজকে যুঁজ থলীত ম’হৰ বাবে প্ৰয়োজন হ’ব পৰা খাদ্য, পানী আৰু ছানশ্বেড (বিশ্ৰাম কক্ষ)ৰ ব্যৱস্থা কৰিব লাগিব।

৭। তাৰিখ, সময় আৰু স্থান উল্লেখ কৰি ম’হ যুঁজৰ সম্পূৰ্ণ অনুষ্ঠানৰ ভিডিঅ’গ্ৰাফী কৰিব লাগিব। আয়োজক সমিতিয়ে সম্পূৰ্ণ অনুষ্ঠানটোৰ যথোপযুক্ত ভিডিঅ’গ্ৰাফী সুনিশ্চিত কৰিব লাগিব।

৮। আয়োজকে ম’হ যুঁজ অনুষ্ঠিত কৰিবলগীয়া স্থান উপযুক্ত বেৰ/বেৰিকেডেৰে মজবুতভাৱে ঘেৰি দিব লাগিব।

৯। মানুহৰ দ্বাৰা ম’হ আঘাতপ্ৰাপ্ত হ’ব পৰা সম্ভৱনীয়তা যিকোনো ধৰণে প্ৰতিৰোধ কৰিব লাগিব।

১০। যুঁজৰ বাবে কেৱল স্বাস্থ্যৱান মতা ম’হহে নিয়োজিত কৰিব লাগিব।

১১। আয়োজক সমিতিয়ে নিশ্চিত কৰিব যে ম’হক উচতনি দিবলৈ কোনো ধৰণৰ চোকা অস্ত্ৰ বা শাৰীৰিক আঘাত কৰা কোনো সা-সৰঞ্জাম যুঁজ হ’বলগীয়া খেলপথাৰত যাতে প্ৰৱেশৰ অনুমতি দিয়া নহয়।

১২। কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য (যেনে- আফিং) বা কাৰ্যক্ষমতা বৃদ্ধি কৰা ঔষধ ম’হক খুৱাবলৈ দিয়া নহ’ব।

১৩। এছ অ’ পিত অন্তৰ্ভূক্ত কৰা নিয়মসমূহ মানি চলাৰ বাবে এটা লিখিত প্ৰতিশ্ৰুতি জিলা প্ৰশাসনৰ পৰা অনুমতি লাভ কৰাৰ বাবে আয়োজক সমিতিৰ পৰা বাধ্যতামূলক কৰিব লাগিব

বুলবুলি চৰাইৰ যুঁজৰ বাবে মানসম্পন্ন কাৰ্য পৰিচালনা বিধি

১। বুলবুলি চৰাইকেইটাক সম্পূৰ্ণকৈ সুৰক্ষিত কৰি ৰাখিব লাগিব।

২। যুঁজ হ’ব লগা স্থানত বুলবুলি চৰাইকেইটাক খাদ্য আৰু পানী খুওৱাৰ ব্যৱস্থা কৰিব লাগিব। আয়োজক সমিতিয়ে সুৰক্ষা আৰু নিৰাপত্তাৰ দিশটো সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব লাগিব।

৩। বুলবুলি চৰাইৰ যুঁজৰ সু-শৃংখলিতভাৱে পৰিচালনা কৰিব লাগিব।

৪। বুলবুলি চৰাইৰ যুঁজৰ খেল পৰিচালনা সমিতিয়ে বেৰ/বেৰিকেড স্থাপন কৰিব লাগিব আৰু সম্পূৰ্ণ সুৰক্ষিতভাৱে এই খেলখন পৰিচালনা কৰিব লাগিব।

৫। দুগৰাকী মাৰ্চাৰ (Marcher) আৰু দুগৰাকী বিচাৰকৰ বাহিৰে আন কোনো ব্যক্তিক মঞ্চত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব।

৬। চৰাইৰ মালিকে বিশেষভাৱে সংৰক্ষিত আসনত শৃংখলাবদ্ধভাৱে বহিব লাগিব।

৭। খেল পৰিচালনা সমিতিয়ে দৰ্শকে খেলখন ভালদৰে উপভোগ কৰিব  পৰাকৈ উপযুক্ত আসনৰ ব্যৱস্থা কৰিব লাগিব। 

৮। খেলখন সমাপ্ত হোৱাৰ পিছত বুলবুলি চৰাইকেইটাক সুস্থ অৱস্থাত মুকলি আকাশত এৰি দিয়াটো আয়োজকসকলে সুনিশ্চিত কৰিব লাগিব।

যদি কোনা আয়োজক সমিতিয়ে ওপৰত নিৰ্ধাৰিত কৰি দিয়া নিয়মসমূহ উলংঘা কৰে, তেতিয়া এই বুলবুলি চৰাইৰ যুঁজ পৰৱৰ্তী পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰা হ’ব। এই নিয়ম ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ এই দুয়োটাৰ ক্ষেত্ৰতে প্ৰযোজ্য হ’ব। বিগত ২৫ বছৰ ধৰি পৰম্পৰাগতভাৱে এই দুয়োখন যুঁজ আয়োজন কৰি অহা ঠাইতহে ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজৰ বাবে অনুমতি প্ৰদান কৰা হ’ব।