নৱ জীৱন সংঘৰ চিত্ৰাংকন প্ৰতিযোগিতা

নৱ জীৱন সংঘৰ চিত্ৰাংকন প্ৰতিযোগিতা

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ অন্যতম ক্ৰীড়া সাংস্কৃতিক আৰু সামাজিক অনুষ্ঠান নৱ জীৱন সংঘৰ উদ্যোগত  কামৰূপ মহানগৰ জিলা ভিত্তিত নিৰচান আহমেদ চিত্রাঙ্কন প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। প্ৰতিযোগিতাৰ আৰম্ভণিতে পতাকা উত্তোলন কৰে অসম ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন অধ্যক্ষ আফতাব হুছেইন শইকীয়াই। বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে পৰাগ বৰঠাকুৰ আৰু প্ৰমিতা শৰ্মা বৰদলৈয়ে। প্ৰতিযোগিতাৰ ফলাফল সমুহ হ’ল। ক শাখাৰ ১ম (অংকুৰশ্ৰেনীৰ পৰা ২য় শ্ৰেণীলৈ) ১ম বিশ্বজিৎ বৰ্মন, ২য় কিম্বা ডেকা, ৩য় বিকিৰাজ কাশ্যপ ৪ৰ্থ অংশুমান দাস ৫ম পাৱনি তালুকদাৰ। খ শাখা (৩য়ৰ পৰা ৫ম শ্রেণীলৈ) ১ম দেৱানৰ নাথ, ২য় স্মিতাক্ষী ডেকা, ৩য় ৰিয়াংশ্ৰী ডেকা ৪ৰ্থ মৌচম দাস, ৫ম সম্প্ৰীতি কুন্দু।গ শাখা (৬ষ্ঠ শ্ৰেণীৰ পৰা৮ ম শ্ৰেণীলৈ)১ম দিশাঙ্ক চৌধুৰী, ২য় ৰক্ত দ্বীপ কাশ্যপ, ৩য় মহম্মদ চাহিদা নুৰ,৪ৰ্থ আনি কাশ্যপ, ৫ম মানস প্ৰতিম ডেকা। ঘ শাখা (৯ম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ) ১ম দিক্ষীতা কাশ্যপ, ২য় নিশিতা বেজবৰুৱা, ৩য় চাৰা ফাৰিহা আমান, ৪ৰ্থ ৰেহাই ৰহমান, ৫ম আয়েশা চৌধুৰী। প্ৰতিযোগিতাৰ বঁটা বিতৰণ অনুষ্ঠানত উপস্থিত থাকে আমিনুল হক, পলিনা ভূঞা, সুশান্ত তালুকদাৰ আৰু এজিয়ানা বড়া,মইনুল হকয়ে।