অক্লান্ত যোদ্ধা
আয়নাল হক,ধুবুৰী
পিছলৈ নোচোৱাকৈয়ে
নদীখন বৈ যায় সাগৰলৈ–!
ঠিক সেইদৰেই
তোমাৰো নাই
উভতনি যাত্ৰা
মাথোঁ গৈ আছা আগলৈ–।
অনন্ত স্পৃহা–
গতিপথ মসৃণ নহ’লেও
ৰুদ্ধ নহয় গতি।
সংঘাত আহিলেও
ভাগৰি নপৰা তুমি
তুমি যেন অক্লান্ত যোদ্ধা
জীৱন সংগ্ৰামৰ…।