এটি সূৰুযৰ সন্ধান বিচাৰি – সবিতা বেগম

এটি সূৰুযৰ সন্ধান বিচাৰি
সবিতা বেগম,পাকাবেত বাৰী পাম
স্তব্ধতাৰ বুকুত নিৰ্জনতাৰ সুযোগ লৈ
নিৰ্মম সময়ে চাই ফুৰে
মোক কুটিল দৃষ্টিৰে
আৰু নিলাজ ৰাতিটোয়ে
থমকি থমকি নিক্ষেপ কৰে
বাসনাৰ কাঁড়…।
মোৰ দীঘল শ্বাসৰ সতে নিৰ্গত
ধোঁৱাৰ কুণ্ডলী ।
মই বাৰুকৈ ক্লান্ত ,
ক্ষন্তেক জিৰণিৰ হেজাৰ নিবেদনও
বুজাব নোৱাৰিলোঁ
অপৰাধী মনটোক।
আজি পথহীন , উত্তৰহীন অসহায়
সমুদ্ৰ অভিযাত্ৰী চকু দুখনী ।
সময়ৰ বিৱৰ্তনত প্ৰশ্নৰ দোতাৰা
বজাই বজাই,  একেবাৰেই পংগু।
উত্তৰ বিচাৰি অতিক্ৰম বহু দিগন্ত
তথাপি ….।