তথ্য অধিকাৰ সপ্তাহৰ লগত সংগতি ৰাখি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ’ল তথ্যৰ অধিকাৰ আইনৰ কৰ্মশালা
দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ৬ অক্টোবৰৰ পৰা আজিলৈকে উদযাপিত তথ্য অধিকাৰ সপ্তাহৰ লগত সংগতি ৰাখি অসম তথ্য আয়োগৰ দ্বাৰা আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত তথ্যৰ অধিকাৰ আইনৰ ওপৰত এখন কৰ্মশালা অনুষ্ঠিত হয়। ৰাজ্যিক তথ্য আয়ুক্ত ৰিপ হাজৰিকাই আদৰণি ভাষণেৰে আৰম্ভ কৰা এই কৰ্মশালাত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ প্ৰথম আপিলীয় কৰ্তৃপক্ষ, ৰাজ্যিক লোক তথ্য বিষয়াকে ধৰি মহানগৰীৰ বিভিন্ন আইন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশ লয়। কৰ্মশালাখনত ভাষণ প্ৰদান কৰি প্ৰাক্তন ৰাজ্যিক তথ্য আয়ুক্ত ড০ সমুদ্ৰগুপ্ত কাশ্যপে তথ্যৰ অধিকাৰ আইন, ২০০৫ত সন্নিৱিষ্ট বিভিন্ন ব্যৱস্থাৱলী বিস্তাৰিতভাৱে ব্যাখ্যা আগবঢ়ায়। ভাষণ প্ৰসংগত তেওঁ কয় যে তথ্যৰ অধিকাৰে বৰ্তমান গোলকীয় বিস্তৃতি লাভ কৰিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত স্বচ্ছতা, জৱাবদিহিতা আৰু দায়বদ্ধ প্ৰশাসন ব্যৱস্থাৰ নিশ্চিতিৰ দিশত এই আইনখনে বিশেষভাৱে প্ৰভাৱ পেলাইছে। ভাষণ প্ৰসংগত তেওঁ এই আইনখনক গণতন্ত্ৰৰ অম্লজান স্বৰূপ বুলিও অভিহিত কৰে। কৰ্মশালাত উপস্থিত থকা প্ৰতিনিধিসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰি ৰাজ্যিক মুখ্য তথ্য আয়ুক্ত তথা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই তথ্যৰ অধিকাৰক গণতন্ত্ৰৰ এক উল্লেখযোগ্য উপাদান বুলি অভিহিত কৰে। এই আইনখনক এক পবিত্ৰ আইন বুলি উল্লেখ কৰি তেওঁ ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানত অনিয়ম তথা দুৰ্নীতি ৰোধ কৰাৰ দিশত আইনখনে লোৱা ভূমিকাৰ বিষয়েও বাখ্যা আগবঢ়ায়। তেওঁ লগতে তথ্যৰ অধিকাৰ আইন, ২০০৫ৰ বিভিন্ন ব্যৱস্থাৱলী ভালদৰে অধ্যয়ন কৰাৰ বাবেও কয়। ৰাজহুৱা কৰ্তৃপক্ষসমূহে তথ্যৰ আবেদন এখন লাভ কৰিলে ইয়াক গুৰুত্ব সহকাৰে লোৱা উচিত বুলিও তেওঁ কয়। গণতান্ত্ৰিক ব্যৱস্থা শক্তিশালীকৰণ আৰু জনসাধাৰণৰ মাজত আশাৰ সঞ্চাৰিত কৰাৰ দিশত এই আইনখনে বিশেষ ভূমিকা লৈছে বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে।
