অসম সত্ৰ মহাসভাই সত্ৰীয়া সংগীতৰ ( গীত, বাদ্য নৃত্য) ৰ কৰ্মশালাৰ জৰিয়তে অসমৰ আকাশ বতাহ কপাই তুলিছে

অসম সত্ৰ মহাসভাই সত্ৰীয়া সংগীতৰ ( গীত, বাদ্য নৃত্য) ৰ কৰ্মশালাৰ জৰিয়তে অসমৰ আকাশ বতাহ কপাই তুলিছে

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম সত্ৰ মহাসভাৰ তৰফৰ পৰা সত্ৰ প্ৰেমী সমূহ ৰাইজৰ জ্ঞাতাৰ্থে জনাওঁ যে অসমৰ ৪১ খন সত্ৰ মহাসভাৰ জিলা সমিতি ,বহি: ৰাজ্যৰ ০৫ খন শাখা সত্ৰ আৰু প্ৰতিখন জিলাৰ ৩–১০খনকৈ আঞ্চলিক সমিতিয়ে নিজাববীয়াকৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে চলাই থকা গৰমৰ বন্ধৰ সময়ছোৱাত মহাপুৰুষ গুৰু দুজনাৰ দ্বাৰা ৰচিত গীত, পৰিবেশিত নৃত্য, খোল তালৰ ‌পৰিবেশন , অঙ্কীয়া ভাওনা সমূহক লৈ গ্ৰীষ্মকালীন সত্ৰীয়া সংগীতৰ ( গীত – বাদ্য – নৃত্য) আৰু অঙ্কীয়া ভাওনাৰ কৰ্মশালা বিভিন্ন জাতি জনজাতি আৰু স্থানীয় সৰু-বৰ আগ্ৰহী লোকসকলৰ মাজত বিশেষকৈ ছাত্ৰ ছাত্ৰী সকলৰ মাজত প্ৰশিক্ষণৰ ব্যৱস্থাৰে যি এক আলোড়ন সৃষ্টি কৰি চলি আছে তাৰ তুলনা নাই। শক্তি উপাসক উগ্ৰ ব্ৰাহ্মণ্য বাদ আৰু বিৰোধী ৰাজতন্ত্ৰৰ মাজত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে যেনেদৰে সংস্কৃতিৰ মাজেদিয়েই সাধাৰণ ৰাইজৰ মাজত সোমাই পৰি গুৰুজনাৰ একশৰণ নামধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল তেনেদৰেই বৰ্তমান অসম সত্ৰ মহাসভাৰ আহ্বানৰ প্ৰতি সহাৰি জনাই অসমৰ সত্ৰানুষ্ঠান সমূহৰ প্ৰতি আগ্ৰহী লোকসকলৰ যোগেদি আকাশ বতাহ কোবাই যোৱাকৈ অনুষ্ঠিত হৈ থকা কৰ্মশালা সমূহে এই বছৰ অভাৱনীয় সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে । সেয়েহে অসম সত্ৰ মহাসভা ই সকলো জিলা সমিতি আৰু আঞ্চলিক সমিতি সমুহক এনে আদৰণীয় পদক্ষেপ গ্ৰহণ কৰা বাবে অসম সত্ৰ মহাসভাই ভূয়সী প্ৰশংসা কৰাৰ লগতে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছে। সমানে সমানে অসম চৰকাৰৰ অধীনত জিলা সমূহতো বিভিন্ন সংস্কৃতিৰ কৰ্মশালা অনুষ্ঠিত হৈ থকা কাৰ্যক অসম সত্ৰ মহাসভাই শলাগ লোৱাৰ লগতে কৰ্মশালাৰ মানদণ্ড উন্নত কৰাৰ বাবে অনুৰোধ জনাই । অসম সত্ৰ মহাসভাই অসম চৰকাৰৰ ওচৰত অনুৰোধ জনাই কয় যে , যিহেতু অসমৰ সত্ৰীয়া নৃত্যক ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰি থৈছে গতিকে সত্ৰীয়া নৃত্যৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰাটো অসম বাসীৰ বাবে অতিকৈ জৰুৰী। সেয়েহে অসম সত্ৰ মহাসভাই অসম চৰকাৰৰ ওচৰত এক আহ্বান জনাই কয় যে অদূৰ ভবিষ্যতে এনেদৰে বিভিন্ন সংস্কৃতিৰ লগতে সত্ৰীয়া সংস্কৃতিৰ ( গীত -বাদ্য-নৃত্য) ৰ কৰ্মশালা ৰাইজৰ মাজত অনুষ্ঠিত কৰিব লাগে, তেনে কৰ্মশালা অনুষ্ঠিত কৰাৰ আগতে অসম সত্ৰ মহাসভাৰ লগত আলোচনা কৰি সহযোগী কৰিলে বেছি ফল দায়ক হোৱাৰ লগতে মহাপুৰুষ গুৰু দুজনাৰ প্ৰতি বিশেষ শ্ৰদ্ধা নিবেদন কৰা হ’ব। ভবিষ্যত প্ৰজন্মৰ মাজত এনেদৰে সত্ৰীয়া সংস্কৃতিৰ চৰ্চা হৈ থাকিলে সেই সংস্কৃতিৰ মাজেদিয়েই সনাতন হিন্দু ধৰ্মৰ লোক সকলক একত্ৰিত কৰাৰ মহাপুৰুষ গুৰুজনাৰ যি ঐকান্তিক প্ৰচেষ্টা সেইয়া সম্ভৱ হৈ উঠিব । তদুপৰি মহাপুৰুষ গুৰুদুজনাৰ কলা সংস্কৃতিৰ মাজেদি একশৰণ নাম ধৰ্ম আত্মিক ভাবে সমাজে গ্ৰহণ কৰিলে সমাজৰ পৰা অসূয়া, অপ্ৰীতি ,হিংসা, আৰু দ্বেষ ক্ৰমান্বয়ে নোহোৱা হোৱাতো নিশ্চিত বুলি অসম সত্ৰ মহাসভাই বিশ্বাস কৰে।