এক মিনিটৰ গল্প
“সম্ভৱ সকলো”
ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ নতুন মহিলা খেলুৱৈ অসম গৌৰৱ ৰিম্পী দত্তই আজি অনুষ্ঠিত ভাৰত আৰু অষ্ট্ৰেলিয়া মাজৰ ক্ৰিকেট খেল খনৰ পাছত মিডিয়াৰ লগত হোৱা সাক্ষাৎকাৰত অলপ আবেগিক হৈয়েই পৰিল। মনটো উভতি গ’ল তাই সেই এৰি অহা দিনবোৰৰ কাষলৈ। সময় বোৰ যে কেনেকৈ গ’ল। তেতিয়াৰ দিনৰ পৰা আজি দিনলৈ কিমান যে কষ্ট বাধা মুখামুখি হ’ব লগা হ’ল তাৰ কোনো হিচাপ তাইৰ হাতত নাই। সৰুতেই ক্ৰিকেটৰ প্ৰেমত পৰি ককায়েক সিহঁতৰ পিছে পিছে গৈ তাইও খেলিলৈ আমনি কৰা, ককায়েক হ’তে নালাগে যা বুলি আঁতৰাই পঠোৱা, অলপ সময়ৰ পিছত আকৌ আমনি কৰা, বাৰে বাৰে আমনিৰ ফলত বাধ্য হৈ সিহঁতৰ লগত তাইক খেলিবলৈ দিয়া,লাহে লাহে ছোৱালী হৈও লৰাৰ লগত সমানে খেলিব পৰা হোৱাৰ ফলত ককায়েক হতো য’ত -ত’ত খেলিবলৈ লগত লৈ যোৱা ,কাল ক্ৰমত বিভিন্ন স্তৰত খেলি খেলি আজিৰ ক্ষণত জাতীয় দলত প্ৰতিনিধিত্ব কৰি খেলৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান আজুৰি অনালৈকে এক দীঘল পৰিক্ৰমা। মাক দেউতাক ককায়েক বায়েক,ওচৰ চুবুৰীয়া আদিয়ে ভবাই নাছিল তাই যে এনে এখন ক্ষেত্ৰত সফলতা লাভ কৰিব। সিহঁতি ভাবিছিল পঢ়ি শুনি অন্য কিবা পথ লব কিন্ত কথাটো তাই ক্ষেত্ৰত সম্পূৰ্ণ ওলোটা ৰূপত হে দেখা দিলে। গাঁৱৰ বোকা পানী, পথাৰ আদিত খেলিয়েই কোনো উন্নত সুবিধা নথকাকৈয়েই এটা দুৰন্ত সপোন বুকুত কঢ়িয়াই সাহস, একাগ্ৰতা, ধৈৰ্যৰে আনৰ বাবে অসম্ভৱ যেন লগা ক্ষেত্ৰ খনতে সম্ভব বুলি চিনাকি দি সমাজলৈ বাৰ্তা প্ৰেৰণ কৰিলে যে এই পৃথিৱীত অসম্ভব বুলিব একো নাই সকলো সম্ভৱ মাথোঁ সপোন দেখা আৰু তাক দিঠক কৰিবলৈ চেষ্টা কৰা। বাটত বিভিন্ন বাধা -বিঘিনি কষ্ট, ত্যাগ আদিৰ স্বীকাৰ হ’ব লাগিব সঁচা, কিন্ত শেষত যি দেখিবা তাৰ সুখ আনন্দ ভাষাৰে যে প্ৰকাশ কৰিব নোৱাৰিবা সেয়া ও কিন্তু কোনো কাৰণত নহয় মিছা।
মুন শৰ্মা, লখিমপুৰ