প্ৰকৃতিৰ বসন্তৰ নৱ ৰূপান্তৰ-  যমুনা মেধি বৈশ্য

প্ৰকৃতিৰ বসন্তৰ নৱ ৰূপান্তৰ

বুকুয়েদি বৈ আহিছে নকৈ ফুলা বতৰত
মতলীয়া ঘ্ৰাণ স্মৃতিৰ পাপৰিৰ সুগদ্ধি
সংগোপনে সুপ্ত অনুভূতিৰ
ভালপোৱা বোৰ গুপুতে বৰষুণ হৈ ।

হৃদয়ৰ শেতেলীত জগাইছে
কুলি , কেতেকীৰ মধুৰ কাকলিৰ
প্ৰকৃতিৰ বসন্তই পঠোৱা
সেউজীয়া চিঠিৰ নৱ ৰূপান্তৰ ।

অ, বহাগ আহিবি
ৰঙাই যা, সকলোৰে মন
বাপতি -সাহোন চেনেহৰ ৰঙালী বিহুটি
হেঁপাহেৰে গুটি ফুলৰ গামোচা খন
আপোন জনক ৰাখিছো দিবলৈ বুলি ।

ৰাংঢালী বহাগৰ নাচনীৰ সাঁজেৰে
কপৌফুল খোপাত দুহাত জেতুকা বুলাই
জোনাকী সপোনৰ সেন্দুৰীয়া বাটে ,
ঢুলীয়াৰ মঁহৰ শিঙৰ পেপা সুৰৰ মাতে ৰিঙিয়াই ।

নাহিবি বৰদৈচিলা জনী হৈ
মেঘৰ গৰ্জন শিলাবৃষ্টিৰে গছ-বিৰিখ ভাঙি,
দুখীয়াৰ উৰুখা পজাটি যাব খোজে উৰি
কৰিছো কাকুতি খং কৰি মাকৰ ঘৰলৈ বুলি ।

 যমুনা( দুলু ) মেধি বৈশ্য
শুৱালকুছি