সাৱধান, সাৱধান, সাৱধান ঐ – মুন শৰ্মা

সাৱধান, সাৱধান, সাৱধান ঐ

মুন শৰ্মা,লখিমপুৰ

ৰুষ্ট প্ৰকৃতিয়ে অমানিশা নমাই,
কালৰাতি নিশা বোৰ উজাগৰে পুৱাই,
ভাঙি ছিঙি লৈ যায়, বুকু ভাঙি কন্দুৱাই,
চাৰিদিশে সিঁচি যায়,ভগ্ন সপোনৰ টুকুৰা, মাথোন।
হিল দৌল ভাঙি যায় টেঁটুফালি কৈ যায়,
সাধ্য নাই,সাধ্য নাই নিস্তাৰ বুলিব একোকে নাই।
কিমানৰ তহঁত, নগণ্য তহঁত সামান্য তহঁত,
পলকতে ভাঙিম সুখৰে পাহাৰ,
মুহূৰ্তত খেদিম কাকলি হাঁহিৰ,
বিষধৰ বিষাদৰ এচতা শিলকে পিন্ধাম ,
কেকাই নিৰ্গমে নীৰৱে মৰিবি তহঁত;
উশাহৰ লগণ যে নাথাকে কাষত,
উদং ধৰাৰ বাসিন্দা গঢ়া এটি পলৰে কাম,
মৃত্যুৱে উলাহতে কঁপাব ধৰাৰে বুকুত বুজিবি।
বুজিবি দেই ….
সাৱধান, সাৱধান, সাৱধান ঐ
নকৰিবি যাত্ৰা অন্তিম প্ৰহৰলৈ
এতিয়াও বহু দূৰ অন্তিম প্ৰহৰ,
নাপাতি ফেপেৰি আঁতৰি থাক ,
অন্তিম প্ৰহৰ জানিবি বিনাশৰে মূল ,
যাত্ৰাৰে নকৰিবি মহা আয়োজন ,
নপাতিবি জীৱকুল ধ্বংসৰ মহাযজ্ঞ।