ফাগুন
নিয়ম নমনা ধুমুহাৰ নায়ক ফাগুনে
বাইনা দিয়ে বসন্তক,
লঠা গছৰ হাৰ নমনা সহিষ্ঞুতাৰ প্ৰেমত হৰ্তা-কৰ্তা-বিধাতা বেলিটি
নিত্য নতুন তৰুণ হৈ আহে
বসন্তৰ মৰমত,ফাগুনৰ আহ্বানত।
মাটি মেঘৰ মিটিৰালিত
কুঁহি পাতবোৰ বনগীত হয়।
নতুন কবিতাৰে পোখা মেলে বিৰিখে
বিহুগীতৰ ছন্দত কেঁচা যৌৱনৰ
পীৰিতিয়ে খমলা বান্ধে
গাভৰু শিপীনিৰ কোমল বুকুত,
গোপন মনৰ আশা-আকাংক্ষাৰ দীঘ-বাণী মেৰ খাই টোলোঠাত গুটি বছা ফুল হৈ
বিহুৱানৰ আঁচল উৰে চেনাইৰ কান্ধত
আই-পিতাইয়ে গমকে নাপায়।
প্ৰকৃতিৰ দেহত মাতৃত্বৰ চিন দেখি
উন্মনা ফাগুন বৰদৈচিলা হয়,
ঘুৰি-পকি,নাচি-বাগি বাতৰি বিলায়
কৃষকে পথাৰত পঞ্চামৃতৰ
আয়োজন চলায়।
কৌশল্যা বৰা